ETV Bharat / state

কলহৰ কাণে বৰষুণ ঢালিছে; শনিবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা, ৰাজ্যত জাৰি ৰেড এলাৰ্ট

সমগ্ৰ ৰাজ্য়ৰ ভিতৰত গুৱাহাটীত হৈছে সৰ্বাধিক বৰষুণ ৷ গুৱাহাটীত দুটাকৈ বান সাহায্য শিবিৰ মুকলি ৷

ASSAM WEATHER REPORT
জলাশয়ত পৰিণত হৈছে গুৱাহাটী মহানগৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 30, 2025 at 8:46 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: নেৰানেপেৰা, মুষলধাৰ বৰষুণৰ ফলত ৰাজধানী চহৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত জনজীৱন প্ৰায় স্তব্ধ হৈ পৰিছে । মহানগৰবাসীয়ে শনিবাৰৰ দিনটোতো সাজু হৈ থাকিব লাগিব মুষলধাৰ বৰষুণৰ সৈতে মোকাবিলা কৰিবলৈ ৷

শনিবাৰেও গুৱাহাটীত কৃত্ৰিম বানৰ জটিলতা হ্ৰাস নহ'ব । কিয়নো কাইলৈ গুৱাহাটীৰ লগতে সমগ্ৰ অসমত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা জাৰি কৰিছে গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী ৪৮ ঘণ্টাৰ বাবে গুৱাহাটী তথা অসমত জাৰি কৰিছে ৰেড এলাৰ্ট । এই সময়ছোৱাত গুৱাহাটী তথা অসমৰ বিভিন্ন ঠাইত অতি প্ৰবলৰ পৰা প্ৰবল বৰষুণ হ'ব ।

ASSAM WEATHER REPORT
বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে নিৰ্দেশনা (RWFC Guwahati)

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে, পৰৱৰ্তী ৪৮ ঘণ্টাত চিৰাং, বাক্সা, বৰপেটা, তামুলপুৰ আদি জিলাত ধাৰাসাৰ বৃষ্টিপাত হ'ব ।‌ আকৌ ১ জুনত নলবাৰী, দৰং আৰু ওদালগুৰি জিলাত অতি প্ৰবল বৰষুণ হ'ব ।

উল্লেখ্য যে বাংলাদেশৰ পৰা সৃষ্টি হোৱা ঘণ্টাত ২৪.৫ কিলোমিটাৰ বেগত বলা সাগৰীয় ধুমুহা অসমৰ দিশে আজি গতি কৰি নিম্নচাপ সৃষ্টি কৰাৰ সম্ভাৱনা আছে ৷ অৱশ্যে কাইলৈ এই চাপ ক্ৰমাৎ দুৰ্বল হৈ আহিব । এই পৰিস্থিতিৰ বাবে ৰাজ্যত বৰষুণৰ সৃষ্টি হৈছে ।

গুৱাহাটীত বৰষুণৰ পৰিমাণ

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে, শুকুৰবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যৰ ভিতৰতে গুৱাহাটীত সৰ্বাধিক বৰষুণ হয় । তদুপৰি গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চল যেনে- কামৰূপ জিলাৰ অন্তৰ্গত চান্দডুবি আৰু মিৰ্জাত গুৱাহাটীৰ পিছতে সৰ্বাধিক বৰষুণ হয় ।

আজি গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত ৯৭ ৰ পৰা ১০১.৫ মিলিমিটাৰ, হেঙেৰাবাৰীত ৭১.৫ মিলিমিটাৰ, কলাক্ষেত্ৰত ৮৬.৫ মিলিমিটাৰ, সোণাপুৰত ১১৬ মিলিমিটাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ত ৯৮ মিলিমিটাৰ, চন্দ্ৰপুৰত ১০৩.৫ মিলিমিটাৰ আৰু ক্ষেত্ৰীত ১১৭ মিলিমিটাৰ বৰষুণ হৈছে ।

মন কৰিবলগীয়া যে, ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে গুৱাহাটীত বৰষুণৰ বাবে বিশেষ সৰ্তকতা জাৰি কৰিছে । শুকুৰবাৰে গুৱাহাটীত উদ্ভৱ হোৱা প্ৰতিকূল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে সহায়ৰ বাবে টোল ফ্ৰী আৰু ম'বাইল নম্বৰ ৰাজহুৱা কৰিছে ।

শনিবাৰে বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান

প্ৰতিকূল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলা আৰু কামৰূপ(মহানগৰ) জিলাৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান শনিবাৰে বন্ধ থাকিব ৷ ৰাজ্য়ৰ মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰিছে এই নিৰ্দেশনা ৷ সেই অনুসৰি চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান শনিবাৰে বন্ধ থাকিব ৷

মহানগৰীত স্থাপন বান সাহায্য শিবিৰ

গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ ফলত বিপদগ্ৰস্ত হোৱা লোকসকলৰ সহায়ৰ বাবে ৰুক্মিণীগাঁও আৰু সাতগাঁৱত দুটাকৈ বান সাহায্য শিবিৰ ইতিমধ্যে স্থাপন কৰা হৈছে ।

এই অঞ্চলসমূহৰ লগতে পাৰ্শ্বৱৰ্তী স্থানসমূহত যদি কোনো লোকে অসুবিধাৰ সন্মুখীন হৈছে, তেনেহলে তেওঁলোকক ততালিকে সহায়ৰ বাবে চৰকাৰে মুকলি কৰা টোল ফ্ৰী নম্বৰত যোগাযোগ কৰিবলৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আহ্বান জনাইছে ৷

লগতে পঢ়ক: সমগ্ৰ গুৱাহাটী সাগৰসদৃশ: কপালক ধিয়াই থকাৰ বাহিৰে গুৱাহাটীবাসীয়ে এতিয়া কৰেই বা কি !