আমবাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈ স্থানান্তৰ কৰা গছবোৰ জীয়াই আছেনে ?
উৰণ সেতুৰ বাবে স্থানান্তৰ কৰা হৈছিল বহুতো গছ । ইয়াৰ বাবে হৈছিল প্ৰতিবাদ । পিছে কোনোবাই খবৰ লৈছেনে এই গছবোৰ কেনে আছে ?

Published : August 3, 2025 at 9:06 PM IST
গুৱাহাটী : আমবাৰীৰ পৰা কেইমাহমান পূৰ্বে ব্ৰহ্মপুত্ৰৰ পাৰলৈ স্থানান্তৰ কৰা হৈছিল কেইবাজোপা পুৰণি গছ । একেদৰে টেক্সটাইলৰ চৌহদলৈও স্থানান্তৰ কৰা হৈছিল বিভিন্ন প্ৰকাৰৰ গছ । নুনমাটিৰ পৰা আমবাৰীলৈ নিৰ্মীয়মাণ উৰণ সেতুৰ বাবে এই গছবোৰ স্থানান্তৰ কৰা হৈছিল ।
এই গছবোৰ স্থানান্তৰ কৰাৰ সময়ত সকলোৰে মনত প্ৰশ্ন উদয় হৈছিল - এইবোৰ জীয়াই থাকিবনে ? এতিয়া কোনোবাই খবৰ লৈছেনে গছবোৰ এতিয়া জীয়াই আছেনে নাই ?
এই গছবোৰ এতিয়াও জীয়াই আছে । কুঁহিপাত মেলিছে গছবোৰে । স্থানান্তৰ কৰা গছবোৰ জীয়াই উঠিব নে নাই তাক লৈ ৰাইজৰ সন্দেহ আছিল; কিন্তু সময়ৰ লগে লগে ৰাইজৰ সন্দেহ দূৰ হ'ল । কিয়নো গছবোৰে পোখা মেলিছে ।
নুনমাটিৰ পৰা আমবাৰীলৈ নিৰ্মীয়মাণ উৰণ সেতুখনৰ বাবে আমবাৰীৰ পৰা ১০ পৰা প্ৰায় ৪০ বছৰীয়া দেৱদাৰু, কৃষ্ণচূড়া, ইউকেলিপটাছকে ধৰি বিভিন্ন প্ৰকাৰৰ প্ৰায় ৭৫ জোপা গছ ব্ৰহ্মপুত্ৰৰ পাৰ আৰু টেক্সটাইল চৌহদলৈ স্থানান্তৰ কৰা হৈছিল ।

এই কাৰ্যক লৈ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আনকি গছ স্থানান্তৰৰ কাৰ্যক বিৰোধিতা কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল । কিয়নো ৰাইজে সন্দেহ কৰিছিল যে স্থানান্তৰ কৰা গছবোৰ জীয়াই থাকিব নে নাই ?

এই সন্দৰ্ভত গছ স্থানান্তৰৰ দায়িত্বত থকা DIMTC ছাৰ্ভিচৰ মুখ্য কাৰ্যবাহী বিষয়া জাকিৰ আলমে কয়, "আমি দেশৰ বিভিন্ন স্থানত গছ স্থানান্তৰ কৰিছো । গুৱাহাটীত প্ৰথমবাৰৰ বাবে গছবোৰ স্থানান্তৰ কৰা হৈছিল । লোকনিৰ্মাণ বিভাগৰ পৰা গছখিনি স্থানান্তৰ কৰাৰ বাবত প্ৰায় ২৫ লাখ টকাৰ নিবিদা দিয়া হৈছিল । আমি তিনি মাহ গুৱাহাটীত থাকি আমবাৰী অঞ্চলৰ পৰা ১০ পৰা ৪০ বছৰীয়া পৰ্যন্ত গছবোৰ টেক্সটাইল চৌহদত ৩৩ জোপা আৰু ব্ৰহ্মপুত্ৰৰ পাৰলৈ ৪২ স্থানান্তৰ কৰিছিলো । স্থানান্তৰ কৰা গছবোৰ ১০০% জীয়াই উঠিব বুলি ক'ব নোৱাৰো যদিও ৯৫% জীয়াই থাকিব সেয়া নিশ্চিত ।"

কিদৰে স্থানান্তৰ কৰা হৈছিল গছবোৰ ?
গছবোৰ কিদৰে স্থানান্তৰ কৰা হৈছিল সেই বিষয়ে উল্লেখ কৰি তেওঁ কয়, "আমি প্ৰথমে গছবোৰৰ ডালবোৰ কাটি লওঁ । তাৰ পিছত প্ৰথম ৩০% গছজোপাৰ গুৰি খান্দি ঔষধ দিয়া হয় । ১৫ দিনৰ পিছত পুনৰ গছজোপাৰ গুৰিত ৩০ % খান্দি ঔষধ দি ১৫ দিন থৈ দিয়া হয় । শেষত বাকী থকা ৪০% অংশখিনি উঠাই আগতিয়াকৈ ১৫ দিন আগতে খান্দি ঔষধ দি ৰখা গাতত ৰুই দিয়া হয় । এই প্ৰক্ৰিয়াটোত ৪৫ দিনৰ সময়ৰ প্ৰয়োজন হয় ।"

তেওঁ লগতে কয়, "গছ কেইজোপা ৰোপণ কৰাৰ এমাহলৈ প্ৰতিদিনে পানী দিয়া হৈছিল । বৰ্তমান তিনি দিনৰ মূৰে মূৰে দিয়া হয় । শীতকালত এসপ্তাহৰ মূৰে মূৰে গছৰ গুৰিত পানী দিব লাগিব । ফেব্ৰুৱাৰীত গছবোৰত এবাৰ ঔষধ দিব লাগিব ।"

গছপুলি ৰোপণত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে :
গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এই সন্দৰ্ভত কয়, "গছপুলি ৰোপণৰ ক্ষেত্ৰত এইখন চৰকাৰে গুৰুত্ব আৰোপ কৰি আহিছে । আমাক উন্নয়নো লাগিব, প্ৰকৃতিও লাগিব । উন্নয়নৰ স্বাৰ্থত আমবাৰীৰ পৰা গছবোৰ স্থানান্তৰ কৰা হ'ল । উন্নয়নৰ স্বাৰ্থত গছবোৰ বহু কষ্ট কৰি সুন্দৰভাৱে স্থানান্তৰ কৰা হ'ল। বাৰিষাৰ বৰষুণৰ লগে লগে স্থানান্তৰ কৰা গছবোৰে কুঁহিপাত মেলিছে । গছখিনি জী উঠাত আমি আনন্দিত হৈছো ।"


