ETV Bharat / state

বিশেষ চৰ্চাত আৰক্ষীৰ হেণ্ডকাফ: উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায়ত কি কৈছিল ? - HANDCUFF ISSUE IN ASSAM

হেণ্ডকাফ আখ্যান ! অধিবক্তাক হেণ্ডকাফ লগাই আৰক্ষীয়ে ভৰিছিল ৫ লাখ টকা । শংকৰজ্যোতিক হেণ্ডকাফ লগোৱা আৰক্ষীৰ কি হ'ব ?

Reactions of senior advocate regarding the use of handcuffs by the police
বিশেষ চৰ্চাত আৰক্ষীৰ হেণ্ডকাফ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 24, 2025 at 7:59 PM IST

4 Min Read

গুৱাহাটীৰ: বৰ্তমান অসমত আৰক্ষীৰ হেণ্ডকাফ বিশেষ চৰ্চাত আছে । অসমত আৰক্ষীয়ে ভূৱা একাউণ্টাৰ সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে আৰক্ষীয়ে হেণ্ডকাফক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক সাধাৰণ অভিযোগতে আৰক্ষীয়ে হেণ্ডকাফ লগাই আদালতলৈ চোঁচৰাই নিয়াক লৈ আজিও ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে ।

দুবছৰ পূৰ্বে এটা সাধাৰণ ‌গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তাৰ হাতত হেণ্ডকাফ লগাই আৰক্ষীয়ে ভৰিছিল ৫ লাখ টকা । সেই গোচৰটোৰ শুনানিতে অসম আৰক্ষীৰ Assam Police Manual ত হেণ্ডকাফৰ নীতি-নিৰ্দেশনা সন্দৰ্ভতো আদালতে অসম আৰক্ষীক আদালতৰ ‌মজিয়াত জবাবদিহি কৰিছিল ।

হেণ্ডকাফ প্ৰসংগত উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায়ত কি কৈছিল (ETV Bharat Assam)

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২৩ চনৰ এক গুৰুত্বপূৰ্ণ শুনানিত আইনজীৱী ছাবাহ আল জাৰিদক হেণ্ডকাফ লগাই গ্ৰেপ্তাৰ কৰি আৰক্ষী জিম্মাৰ সময়ত মৌলিক অধিকাৰ উলংঘা কৰাৰ বাবে অসম আৰক্ষীক ৫ লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছিল । এই গোচৰটোৰ লগত জড়িত থকা ছাবাহ আল জাৰিদৰ অধিবক্তা এ আৰ ভূঞাই এই ঘটনাটোৰ পটভূমি বাখ্যা কৰে । তেওঁ কয়, "এই ৰায়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়সমূহৰ ভিতৰত অন্যতম ।"

Reactions of senior advocate regarding the use of handcuffs by the police
অধিবক্তাক হেণ্ডকাফ লগাই আৰক্ষীয়ে ভৰিছিল ৫ লাখ টকা (ETV Bharat Assam)

ঘটনাৰ পটভূমি:

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা এ আৰ ভূঞাই ঘটনাৰ পটভূমি বাখ্যা কৰি কয়, "এই ঘটনা ২০১৬ চনৰ ৫ অক্টোবৰৰ । এটা পাৰ্কিং সন্দৰ্ভত হোৱা বিবাদক লৈ এগৰাকী হোম গাৰ্ড ফাইজুল হকে আইনজীৱী ছাবাহ আল জাৰিদৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষী থানাত এটা গোচৰ তৰিছিল । ফাইজুল হকে অভিযোগ কৰা মতে, পাণবজাৰত তেওঁৰ ঘৰৰ সন্মুখত পাৰ্কিং কৰাক লৈ ছাবাহৰ সৈতে তৰ্ক হৈছিল । ছাবাহে তেওঁক শাৰীৰিক নিৰ্যাতন কৰিছিল ।"

ভূঞাই কয়, "ছাবাহে তেওঁৰ পৰা ১০ হাজাৰ টকা কাঢ়িবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ তুলিছিল ৷ গোচৰ পঞ্জীয়ন হোৱাৰ পাছত ছাবাহ আল জাৰিদে নিজ ইচ্ছাৰে গুৱাহাটীৰ পাণবজাৰ থানাত আত্মসমৰ্পণ কৰিছিল । যদিও তেওঁ পূৰ্ণ সহযোগিতা জনাই, তথাপিও তেওঁক আৰক্ষীয়ে থানাত, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ সময়ত আৰু মুখ্য ন্যায়িক দণ্ডাধীশৰ (CJM) ওচৰত হাজিৰ কৰাৰ সময়ত হেণ্ডকাফত ৰাখিছিল । লগতে তেওঁক প্ৰায় ২০ কিলোমিটাৰ দূৰৰ লখৰাৰ কেন্দ্ৰীয় কাৰাগাৰলৈ নিয়া সময়তো হেণ্ডকাফ লগাই ৰখা হৈছিল ।"

ন্যায়ালয়ৰ পর্যবেক্ষণ আৰু ৰায়:

পৰৱৰ্তী ‌সময়ত আৰক্ষীৰ এই কামৰ বিৰুদ্ধে ছাবাহ আল জাৰিদে ২০২১ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত WPC 2783/21 এখন পি আই এল দাখিল কৰে ।‌ এই গোচৰটোৰ ৰায়দান কৰি আদালতে ১৯৭৮ চনৰ ‘সুনীল বাত্ৰা বনাম দিল্লী প্ৰশাসন’ আৰু ১৯৮০ চনৰ ‘প্ৰেম শংকৰ শুক্লা বনাম দিল্লী প্ৰশাসন’ আদি উল্লেখযোগ্য ৰায়সমূহ উদ্ধৃতি দি গুৰুতৰ অপৰাধৰ গোচৰত অভিযুক্ত নহ'লে হেণ্ডকাফ লগোৱাটো সংবিধানৰ ২১ নং অনুচ্ছেদৰ পৰিপন্থী বুলি ৰায় দিয়ে । এই ৰায়ৰ আধাৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীক দুমাহৰ ভিতৰত ৫ লাখ টকা ক্ষতিপূৰণ ছাবাহ আল জাৰিদক আদায় দিবলৈ নিৰ্দেশ দিছিল । লগতে, আদালতে অসমৰ আৰক্ষী বিধিসমূহক ছুপ্ৰিম কোর্টৰ হেণ্ডকাফ সম্পৰ্কীয় নিৰ্দেশনাৰ সৈতে মিল ৰাখি সংশোধন কৰাৰ পৰামৰ্শ দিয়ে ।

এ আৰ ভূঞাই আৰু কয়,"এই ৰায়ে আদালতত নাগৰিক অধিকাৰ সুৰক্ষিত ৰখাৰ প্ৰতিশ্ৰুতি আৰু আইনী প্ৰক্ৰিয়াত মানৱীয় গৰিমাৰ ৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দৃষ্টান্ত স্থাপন কৰিছে ।"

হেণ্ডকাফ সম্পৰ্কীয় নিৰ্দেশনাৰে অসমৰ আৰক্ষীয়ে বিধিসমূহ সংশোধন কৰা নাই :

জ্যেষ্ঠ অধিবক্তা এ আৰ ভূঞাই কয় যে আইনজীৱী ছাবাহ আল জাৰিদক হেণ্ডকাফ লগোৱা আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হোৱা গোচৰটোত আদালতে শুনানি গ্ৰহণ কৰাৰ সময়ত অসম আৰক্ষীৰ মেনুৱেলত আৰক্ষীয়ে হেণ্ডকাফ লগোৱা নিয়মৰ কোনো উল্লেখ পোৱা নাছিল । যাৰ বাবে গোচৰটোত আদালতে শুনানি গ্ৰহণ কৰাৰ সময়ত অসম আৰক্ষীৰ মেনুৱেলত আৰক্ষীয়ে হেণ্ডকাফ লগোৱা নিয়মৰ স্পষ্টভাৱে উল্লেখ কৰি অসম আৰক্ষীৰ মেনুৱেলখন সংশোধন কৰাৰ বাবে গৃহ বিভাগক কঠোৰ নিৰ্দেশ দিছিল । এইক্ষেত্ৰত কিন্তু আজিলৈকে গৃহ বিভাগে অসম আৰক্ষীৰ মেনুৱেলখন সংশোধন কৰা নাই বুলি তেওঁ কয় ।

লগতে পঢ়ক: উদ্যোগপতিৰে বৈঠক হিমন্ত বিশ্ব শৰ্মাৰ: এডভাণ্টেজ আছাম ২.০ ত প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহ্বান - ASSAM CM MEETS INDUSTRY LEADERS

ঘৰৰ তলত মাটিয়েই নাই ! এবছৰ নৌহওঁতেই এই দুৰৱস্থা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ - MODEL ANGANWADI CENTER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.