ETV Bharat / state

অন্তিমখন পূৰ্ণাংগ বাজেটে ৰাইজৰ আশা পূৰণ কৰিবনে ?

বিত্তমন্ত্ৰী অজন্তা নেওগে অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল কৰাৰ পিছতেই আৰম্ভ হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া ।

ASSAM BUDGET 2025 26
অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল বিত্তমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 10, 2025 at 9:30 PM IST

5 Min Read
Choose ETV Bharat

তেজপুৰ : ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সোমবাৰে দাখিল কৰিলে অন্তিমখন পূৰ্ণাংগ বাজেট । বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে "অসম বাজেট ২০২৫-২৬" । এই বাজেটখনত ধাৰ্য কৰা হৈছে ৰাজ্য চৰকাৰৰ কেবাখনো অভিলাসী আঁচনি । এই বাজেটক লৈ কি কয় সাধাৰণ জনতা, দল-সংগঠন, চিন্তাবিদ আৰু বিৰোধীয়ে ?

চাহ শ্ৰমিক উপকৃত হ'ব:

অসম বাজেট ২০২৫-২৬ সন্দৰ্ভত প্ৰতিক্ৰিয়া (ETV Bharat Assam)

অজন্তা নেওগৰ বাজেটে হাঁহি বিৰিঙাবনে সাধাৰণ জনতাৰ ? বাজেটত ৰাজ্য চৰকাৰে ২০০ বছৰীয়া চাহ উদ্যোগটোৰ শ্ৰমিকলৈ এককালীন বিত্তীয় সাহাৰ্য প্ৰদানৰ ঘোষণা কৰে । ৰাজ্যৰ মুঠ ৬.৮ লাখ চাহ শ্ৰমিকৰ প্ৰত্যেককে চৰকাৰে ৫,০০০ টকাৰ বিত্তীয় সাহাৰ্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিলে । এই সন্দৰ্ভত অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ সম্পাদক সুনীল টুটীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে চাহ শ্ৰমিকৰ প্ৰত্যেককে ৫,০০০ টকাকৈ আৰ্থিক সাহাৰ্য দিয়াৰ ঘোষণা কৰাত অতিকৈ আনন্দিত হোৱাৰ লগতে ধন্যবাদ জনাইছো । চাহ শ্ৰমিকসকল যথেষ্ট পৰিমাণে উপকৃত হ'ব । কিন্তু লগতে এইটোও জনাওঁ যে চাহ শ্ৰমিকৰ আৰু বহুত সমস্যা আছে । সেই সমূহৰ ভিতৰত শ্ৰমিকৰ মজুৰি পূৰ্বৰ তুলনাত বৃদ্ধি কৰিব লাগে যি বিষয়ে চৰকাৰক অৱগত কৰি অহা হৈছে ।"

একমাত্ৰ হিতাধিকাৰী প্ৰস্তুত কৰা বাজেট:

শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকীয়ে কয়, "এইখন এখন নিৰ্বাচনকেন্দ্ৰিক বাজেট । সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি এই বাজেট প্ৰস্তুত কৰিছে । ইয়াৰ পৰা ৰাইজৰ লাভালাভ একো নহয় আৰু কোনো কাম নহ'ব, একমাত্ৰ হিতাধিকাৰী প্ৰস্তুত কৰা বাজেট ।"

নিৰ্বাচনমুখী বাজেট আখ্য়া:

নগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা প্ৰাগজ্যোতিষ বনিয়াই কয়, "এইখন এখন নিৰ্বাচনমুখী বাজেট । হিতাধিকাৰী আঁচনিৰ জৰিয়তে এখন সম্পূৰ্ণ নিৰ্বাচনী বাজেট । অসমৰ জনসাধাৰণৰ লগতে আমি বাজেটখনলৈ অধিক আগ্ৰাহৰে বাট চাই আছিলো ৷ কিন্তু ভবা ধৰণৰে বিষয়সমূহ বাজেটত ধার্য নহ'ল । পূৰ্বৰ বাজেটৰ মাত্ৰ ৭০ শতাংশহে ব্যয় কৰিবলৈ সক্ষম হৈছে, সেইটো এটা তেওঁলোকৰ ডাঙৰ বিফলতা । "

এখন জনমুখী বাজেট:

অসম বাজেট ২০২৫-২৬ সন্দৰ্ভত প্ৰতিক্ৰিয়া (ETV Bharat Assam)

আনহাতে ,বাজেট সম্পৰ্কে ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ সভাপতি শান্তনু পূজাৰীয়ে কয়, "এইখন এখন জনমুখী বাজেট । ইয়াত দুখীয়া-দৰিদ্ৰ-শোষিত সকলোৰে বাবে স্থান আছে । বাজেটত সকলো বিষয় চুই গৈছে । বিধবা পেঞ্চন, শিক্ষা, বন্যপ্ৰাণী, স্বাস্থ্য সকলো খণ্ড এই বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে ।"

বিজেপিৰ ৰাজ্যিক উপ-সভাপতি ৰাণা গোস্বামীয়ে কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল চৰকাৰখনৰ এইখন পূৰ্ণাংগ বাজেটত চাহ জনগোষ্ঠীৰ পৰা সামৰি মহিলা সৱলীকৰণৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব দিয়া হৈছে । সকলো ক্ষেত্ৰতে চৰকাৰখনে ৰাইজৰ মাজত সোমাই থকা নিদৰ্শন দিছে আৰু অত্যন্ত প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ বাজেট দাখিল কৰিলে বিত্ত মন্ত্ৰী অজন্তা নেওগে ।"

অসম বাজেট ২০২৫-২৬ সন্দৰ্ভত প্ৰতিক্ৰিয়া (ETV Bharat Assam)

বাজেটৰ ধনৰাশি ক'ৰ পৰা আহিব ?

যোৰহাট জিলাৰ এজন সচেতন ব্য়ক্তিয়ে কয়, "বাজেটখনত ধার্য কৰা ধনৰাশি ক'ৰ পৰা কেনেদৰে আহিব তাৰ কোনো বিস্তৃত বাখ্যা দাঙি ধৰা নেদেখিলো । পূৰ্বৰ বাজেটৰ বহু কাম আধৰুৱা হৈ আছে, সেইসমূহ সম্পূৰ্ণ হৈ নুঠাকৈ নতুন বাজেটত বহু নতুন নতুন দিশ অন্তৰ্ভুক্ত কৰিলে । এইবাৰ ৰেচন কাৰ্ড থকা লোকে কিছুমান বস্তু লাভ কৰিবল পাৰিব । লগতে প্ৰথমবাৰৰ বাবে এইবাৰ বাজেটত বিজ্ঞান-প্ৰযুক্তিৰ দিশত উল্লেখ কৰা হৈছে । কৃত্ৰিম উপগ্ৰহ স্থাপন আৰু আৰ্টিফিচিয়েল ইন্টেলিজেন্টৰ কথা কোৱা হৈছে । এককথাত ক'বলৈ গ'লে বাজেটখন যদি নিৰ্বাচনকেন্দ্ৰিক নহয় আৰু যদি কামসমূহ বাস্তৱত ৰূপায়িত হয় তেনেহ'লে এখন ভাল বাজেট হ'ব বুলি ক'ব পাৰি । "

আনহাতে, বঙাইগাঁৱৰ এজন যুৱকে কয়, "বহিঃৰাজ্যত থকা বা কৰ্মৰত লোকৰ যদি মৃত্যু ঘটে সেইসকলক ঘূৰাই অনাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব বুলি বাজেটখনত কোৱা হৈছে । অৰুণোদয় আঁচনি ৩.০ ৰ জৰিয়তে ৰাজ্যৰ ৩৮ লাখ লোকক সহায় কৰিব সেয়া অতি গুৰুত্বপূৰ্ণ ।"

অসম বাজেট ২০২৫-২৬ সন্দৰ্ভত প্ৰতিক্ৰিয়া (ETV Bharat Assam)

এখন হিতাধিকাৰীৰ বাজেট :

ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানেন চক্ৰৱৰ্তীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "চৰকাৰৰ ১৬০ লাখ কোটি টকাৰ ধাৰ আছে আৰু আজি ছশ কোটি টকাৰ এখন ঘাটি বাজেট দাখিল কৰিলে । আজিৰ বাজেটখন এখন হিতাধিকাৰীৰ বাজেট । বাজেটখনে অসমৰ জনতাক কৰ্মহীন কৰিব পৰা এখন বাজেট ।"

বাজেট নে ধাৰৰ হিচাপ ?

ধুবুৰীৰ অধিবক্তা মাছুদ জামানে বাজেট সন্দৰ্ভত মন্তব্য আগবঢ়াই কয়, "এয়া বাজেট নে ধাৰৰ হিচাপ ধৰিব পৰা নাই । এই বাজেটখনত ধার্য কৰা ধন ১,৫৫,৯৫৫ কোটি সমুদায় ঋণত আছে । অহা এবছৰৰ ভিতৰত অসমত ঋণৰ বোজা ২ লাখ হাজাৰ কোটি টকা হ'বগৈ । বিগত ২০১৫ চনত এই ঋণৰ হিচাপ আছিল ৩৫ হাজাৰ কোটি টকা । অসমৰ জনমূৰি আয় দেখিলে জানিব পাৰি যে আজিৰ দিনত এটা শিশুৰ জন্ম হৈয়েই তেওঁৰ মূৰত ঋণৰ বোজা কিমান ল'ব লাগে । গতিকে এইখন এখন হিতাধিকাৰী বাজেট, চৰকাৰে হিতাধিকাৰী প্ৰস্তুত কৰি ৰাইজক ভিক্ষাৰী কৰিছে ।"

যোৰহাটৰ এগৰাকী অধিবক্তা ধ্ৰুৱ প্ৰসাদ বৰুৱাই এই বাজেটখন জনমুখী বাজেট বুলি অভিহিত কৰি কয়, "শিক্ষাৰ পৰা ঔদ্যোগিক খণ্ডৰ প্ৰসাৰৰ বাবে বাজেটত স্থান লাভ কৰিছে ।" বিত্তমন্ত্ৰীক প্ৰশংসা কৰি তেওঁ লগতে কয় যে কৃষিখণ্ডত অগ্ৰাধিকাৰ লাভ কৰিছে বাজেটখনত ।

লগতে পঢ়ক:২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটৰ প্ৰধান ঘোষণাসমূহ : কোন কিদৰে হ'ব উপকৃত - ASSAM BUDGET 2025 26

২০২৫-২৬ৰ মুঠ বাজেট ১৫৫৪২৮ কোটি, ঘাটি ৬২০.২৭ কোটি: ক’ৰ পৰা আহিব বাজেটৰ টকা ? - ASSAM BUDGET 2025 26