কাজিৰঙাত বৈদ্যুতিক বাহনৰ ব্য়ৱস্থাই জিপছী চালক-ব্য়ৱসায়ীৰ ভৱিষ্য়ৎ সুৰক্ষিত কৰিবনে ?
কাজিৰঙাত পুৰণি জিপছীৰ স্থানত নতুন বাহন, বৈদ্যুতিক বাহনৰ বাবে ২০ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে ।

Published : March 11, 2025 at 6:38 PM IST
কাজিৰঙা: বিত্তমন্ত্রী অজন্তা নেওগে সোমবাৰে সদনত দাখিল কৰা অসম চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ বাজেটত কাজিৰঙাত পুৰণি জিপছীৰ স্থানত নতুন বাহন, বৈদ্যুতিক বাহনৰ ব্য়ৱস্থা কৰাৰ কথা ঘোষণা কৰে । ইয়াৰ বাবে বাজেটত ২০ কোটি টকা ধাৰ্য কৰা হৈছে । প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বৈদ্যুতিক বাহন প্ৰদানৰ ঘোষণাক বিভিন্ন মহলে আদৰণি জনাইছে ।
এই সন্দৰ্ভত কাজিৰঙা হোটেল ব্যৱসায়ী সন্থাৰ সভাপতি ফটিক বৰাই কয়, "চৰকাৰক ধন্যবাদ জনাইছো ৷ আমাৰ ল’ৰাবোৰে কাজিৰঙাত চলাই থকা জিপছী গাড়ীবোৰ যথেষ্ট পুৰণি হৈছে ৷ এইবোৰৰ ঠাইত এতিয়া নতুন বৈদ্যুতিক বাহন আহিব । তাৰ বাবে পুনৰবাৰ চৰকাৰক ধন্যবাদ জনাইছো ৷"
কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য সুৰক্ষিত হৈ থাকিব :
ইপিনে, কাজিৰঙা পৰ্যটন ব্যৱসায় কল্যাণ সমিতিৰ সভাপতি তুলসী বৰদলৈয়ে চৰকাৰৰ পদক্ষেপক আদৰণি জনাই কয়, "কাজিৰঙাত বৈদ্যুতিক বাহন চলাবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেটত ২০ কোটি টকা ধাৰ্য কৰিছে ৷ এইটো খুবেই ভাল খবৰ ৷ কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেয়া সুৰক্ষিত হৈ থাকিব ৷" তেওঁ লগতে বিশেষ ৰেহাই প্ৰদান কৰি থলুৱা জিপছী চালকক বৈদ্যুতিক বাহন ক্ৰয়ত সহযোগিতা আগবঢ়াবলৈ চৰকাৰলৈ আহ্বান জনায় ৷
কাজিৰঙাৰ বিশিষ্ট ব্যৱসায়ী নাৰায়ণ ভট্টৰায়ে কয়, "এইখন বাজেট ১ লাখ ৫৫ হাজাৰ কোটি টকাৰ বাজেট ৷ এইখন বাজেটতে ২০ কোটি টকা আমাৰ কাজিৰঙাত বৈদ্যুতিক বাহনৰ যোগানৰ বাবে ধাৰ্য কৰা হৈছে ৷ এয়া সঁচাকৈয়ে ভাল খবৰ ৷ যুগৰ লগত যিহেতু খাপ খাই চলিব লাগিব, সেয়ে বৈদ্যুতিক বাহন বাধ্যতামূলক কৰাটো চৰকাৰৰ অতিকৈ আদৰণীয় পদক্ষেপ ৷" আনহাতে, ইয়াৰ দ্বাৰা যাতে থলুৱা জনসাধাৰণৰ কোনো ক্ষতি নহয় তাৰ বাবে চৰকাৰী পক্ষ সচেতন হ’ব লাগিব বুলিও তেওঁ উল্লেখ কৰে ৷
ইপিনে, এই সন্দৰ্ভত কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা, যুটীয়া সচিব যতীন কলিতা আৰু প্ৰিয়া চাহুৱে এক বিবৃতিত উল্লেখ কৰে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বৈদ্যুতিক বাহনৰ আগমনে প্ৰদূষণ নাইকিয়া কৰিব, যিটো আমাৰ সকলোৰে বাবে আদৰণীয় বিষয় ৷ সংগঠনটোৱে লগতে উল্লেখ কৰে যে আমি যদি লক্ষ্য কৰো তেন্তে দেখা পাম যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙা, বাগৰি, বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চলত সৰ্বমুঠ ৫৫২ খন জিপছী পঞ্জীয়নভুক্ত আছে ৷ ইয়াৰে কাজিৰঙা বনাঞ্চলত সৰ্বাধিক ৩৮২খন পঞ্জীয়নভুক্ত হৈ আছে ৷
এই পঞ্জীয়নভুক্ত জিপছীসমূহৰ বেছিভাগৰ স’তে ক’ৰবাত এটা নতুবা দুটাকৈ পৰিয়াল চলি আছে ৷ জিপছী চলায়েই বহু কেইজনে নিজৰ পৰিয়ালৰ ভাতমুঠিৰ যোগাৰ কৰিছে ৷ জিপছীসমূহ যথেষ্ট পুৰণা হৈছে ৷ সেইবোৰ বন্ধ কৰি দিয়াটো নিশ্চিতভাৱে যুক্তিসংগত ৷ কিন্তু সেইবোৰ বন্ধ কৰি দিয়াৰ লগে লগে কাজিৰঙা পৰ্যটনৰ অন্যতম অংশীদাৰ এই জিপছী চালক আৰু মালিকসহ সহস্ৰাধিক পৰিয়াল থাউকতে কৰ্মসংস্থাপনহীন হৈ যাব ৷ ফলত জিপছী চালকসকলে পুনৰ বৈদ্যুতিক বাহন ক্ৰয় কৰিব লাগিব ৷
কোনোমতে পেটৰ ভোক গুচোৱা এইসকল জিপছী চালক অথবা মালিকে কেনেকৈ ক্ৰয় কৰিব বৈদ্যুতিক বাহনসমূহ ৷ যাৰ বাবেই কাজিৰঙা পৰ্যটনৰ স’তে জড়িত এই বৃহৎ অংশীদাৰিত্বক সহযোগ কৰিবলৈ চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই কাজিৰঙা অধ্যয়ন চক্ৰই ৷

