ETV Bharat / state

বন্দুকৰ অনুজ্ঞাপত্ৰ ! কংগ্ৰেছ-বাওঁপন্থীতো দূৰৈৰে কথা, হিন্দুত্ববাদী নেতায়ো কৰিছে চৰকাৰৰ বিৰোধিতা - ARMS LICENSE TO INDIGENOUS MINORITY

চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জাতীয়তাবাদী নেতাৰ পৰা আৰম্ভ কৰি হিন্দুত্ববাদী নেতালৈকে সকলো পৰ্যায়ৰ ৰাজনৈতিক-অৰাজনৈতিক নেতা-কৰ্মী ৷

ARMS LICENSE TO INDIGENOUS MINORITY
কিমান শুদ্ধ মাৰণাস্ত্ৰৰ লাইচেন্স প্ৰদানৰ সিদ্ধান্ত ? ((Getty Images))
author img

By ETV Bharat Assamese Team

Published : May 29, 2025 at 7:08 PM IST

5 Min Read

গুৱাহাটী: ৰাজ্যখনৰ অসুৰক্ষিত আৰু আওহতীয়া অঞ্চলবোৰত আত্মৰক্ষাৰ বাবে ৰাজ্যখনৰ ভূমিপুত্ৰ আৰু খিলঞ্জীয়া ভাৰতীয় লোকসকলক ৰাজ্য চৰকাৰে বন্দুকৰ অনুজ্ঞাপত্ৰ দিব । বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে ।

কেবিনেটে 'Special Scheme for grant of Arms licenses to original Inhabitant and Indigenous Indian citizen of vulnerable and remote areas of Assam' শীর্ষক প্ৰস্তাৱটোত ইতিমধ্য়ে অনুমোদন দিছে ।

অসম কেবিনেটৰ এই বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত আৰু মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰকাশ‌ কৰা মন্তব্যক বিভিন্ন দল-সংগঠনে বিৰোধিতা কৰা দেখা গৈছে । কংগ্ৰেছ, বাওঁপন্থী সংগঠন দূৰৈৰ কথা জাতীয়তাবাদী সংগঠন আনকি হিন্দুত্ববাদী নেতাই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে । এই সন্দৰ্ভত ই টিভি ভাৰতৰ তৰফৰ পৰা বিভিন্ন দল-সংগঠনৰ মতামত লোৱাৰ চেষ্টা কৰা হৈছিল ।

এবাৰ কাৰ্যকৰী হ’লে এইটো এটা ডাঙৰ সমস্যা হ’ব: দেৱব্ৰত শইকীয়া

বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় ‘‘মূল বাসিন্দাসকলক অস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্তই ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি নিশ্চিত কৰাত ৰাজ্য চৰকাৰৰ বিফলতাক স্পষ্টভাৱে ইংগিত দিছে । চৰকাৰৰ এই সিদ্ধান্তটোত স্পষ্টকৈ কোৱা হৈছে যে অসমত আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে । এই সিদ্ধান্ত এবাৰ কাৰ্যকৰী হ’লে এইটো এটা ডাঙৰ সমস্যা হ’ব ।’’

হিন্দুত্ববাদী নেতাৰ মতে এয়া আত্মঘাতী সিদ্ধান্ত

আত্মৰক্ষাৰ বাবে ৰাজ্যখনৰ ভূমিপুত্ৰ আৰু খিলঞ্জীয়া ভাৰতীয় লোকসকলক ৰাজ্য চৰকাৰে বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক হিন্দুত্ববাদী নেতা তথা কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন‌ বৰাৰ মতে এয়া চৰকাৰৰ আত্মঘাতী সিদ্ধান্ত ।

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

বৰাই কয় ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দুৰ সুৰক্ষা তথা খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি কৈছে । এয়া যেন ক'ৰবাত আত্মঘাতী সিদ্ধান্ত হৈছে । সমাজখনক ক্ষতি কৰিব । মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱনত ক্ষতি কৰিব । মুকলিকৈ সন্ত্ৰাসবাদ আৰু হত্যা-হিংসাক যেন উৎসাহিত কৰিব বিচাৰিছে । এয়া ভুল সিদ্ধান্ত ।‌ অসমীয়া সমাজখনক ক্ষতি কৰিব । তেজৰ নৈ বোৱাব । অসমীয়া জাতিটোক কলংকিত কৰিব ।‌ যাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াক অস্ত্ৰ তুলি বিচাৰিছে সেইসকলে ইয়াৰ সুযোগ গ্ৰহণ কৰিব ।‌’’

বৰাই লগতে কয় যে চৰকাৰে আৰক্ষীক অধিক ‌ক্ষমতা দিয়ক । খিলঞ্জীয়াৰ‌ সুৰক্ষাৰ বাবে স্পৰ্শকাতৰ এলেকাবোৰত আৰক্ষী চকী বেছিকৈ স্থাপন কৰক ।

সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব: অসম জাতীয় পৰিষদৰ নেতা জগদীশ ‌ভূঞা

অসম চৰকাৰৰ বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে কয়- ‘‘এই সিদ্ধান্তই অসমত বিভাজন আৰু সাম্প্ৰদায়িক বিষবাস্প বিয়পাব । ৰাজ্য চৰকাৰে খিলঞ্জীয়াক সুৰক্ষা দিব নোৱৰাটো আৰু খিলঞ্জীয়াই নিজে সুৰক্ষাৰ বাবে বন্দুক ল'বলগীয়া হোৱাটো দুৰ্ভাগ্যজনক । এই কথাই মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ বিভাগ নিলৰ্জ্জভাৱে ব্যৰ্থ হোৱাৰ কথা প্ৰকাশ কৰিছে ।‌’’

অসমৰ বাবে বিপজ্জনক হ’ব: কংগ্ৰেছ

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰে কয়- ‘‘চৰকাৰৰ এই সিদ্ধান্ত অতি বিপদজনক আৰু দুৰ্ভাগ্যজনক । ইয়াৰ পৰা প্ৰতীয়মান হয় যে ৰাজ্যৰ গৃহ বিভাগ‌ সম্পূৰ্ণ ব্যৰ্থ ‌হৈছে ।’’ তেওঁ ‌কয় যে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত এক অসুস্থ পৰিৱেশ‌ সৃষ্টি কৰিব বিচাৰিছে । এই সিদ্ধান্ত চৰকাৰে শীঘ্ৰেই বাতিল কৰিব লাগে ।

অসমত পুনৰ অস্ত্ৰৰ ঝনঝননি হ'ব: বাওঁপন্থী সংগঠন

চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

ৰাজ্য চৰকাৰৰ বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় ‘‘এয়া এক ভয়ানক সিদ্ধান্ত । সন্ত্ৰাসবাদীসকলৰ বাবে এই মাৰণাস্ত্ৰ দখল কৰা সহজ হ'ব । অসমত পুনৰ পুনৰ অস্ত্ৰৰ ঝনঝননি আৰম্ভ হ'ব ।’’

চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

ইপিনে চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়- ‘‘এয়া অতি আশ্চৰ্যজনক সিদ্ধান্ত । অসমত এতিয়া ধৰ্মীয় সংখ্যালঘূসকলহে‌ বেছি শংকিত । তাৰ বিপৰীতে খিলঞ্জীয়াসকল শংকিত হোৱাৰ যুক্তিত এনেধৰণে লোৱা সিদ্ধান্তই স্থানীয় পৰ্যায়ত সংঘৰ্ষ অধিক বৃদ্ধি কৰিব । সাম্প্ৰদায়িক বিদ্বেষ সৃষ্টি কৰিব । গণতান্ত্ৰিক বাতাবৰণ বিনষ্ট কৰিব ।’’

হঠকাৰী সিদ্ধান্ত: আভিজিৎ শৰ্মা

অসম প্লাৱিক ৱৰ্কছৰ সভাপতিৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

অসম পাব্লিক ৱৰ্কছৰ সভাপতি আভিজিৎ শৰ্মাৰ মতে ৰাজ্য চৰকাৰৰ এয়া হঠকাৰী সিদ্ধান্ত । তেওঁ কয়- ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়ালৈকে হোৱা কেবিনেট বৈঠকসমূহৰ ভিতৰত শেহতীয়াকৈ হোৱা কেবিনেটখন অতি বেয়া সিদ্ধান্ত লোৱা কেবিনেট বৈঠক বুলি ক'ব পাৰি । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ ফলত অসম ভয়াৱহ পৰিস্থিতিলৈ যাব । পাঁচ-দহ বছৰ পিছত এই সিদ্ধান্ত ভয়াৱহ সিদ্ধান্ত হিচাপে পৰিগণিত ‌হ'ব ।’’

উল্লেখ্য যে, শেহতীয়া কেবিনেট বৈঠকৰ অন্তত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, গোৱালপাৰা, দক্ষিণ শালমাৰা-মানকাচৰ আদি জিলাৰ কিছুমান অঞ্চলত খিলঞ্জীয়া লোকসকলে সততে নিৰাপত্তাক লৈ শংকিত হৈ থকা পৰিলক্ষিত হয় । বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ পৰা হ'ব পৰা আক্ৰমণৰ উপৰি নিজৰ গাঁওখনতে আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি সীমামূৰীয়া অঞ্চলবোৰৰ খিলঞ্জীয়া লোকসকলৰ মনত শংকা হৈছে ।

ড৹ শৰ্মাই কয় যে য'ত খিলঞ্জীয়া অসমীয়া মানুহ আৰু জনজাতীয় লোক সংখ্যালঘূ, সেইবোৰ অঞ্চলতে বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়া হ'ব ।

মন কৰিবলগীয়া যে, ৰাজ্য চৰকাৰৰ এই‌ সিদ্ধান্ত সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগত যোগাযোগ কৰি বিষয়টোত তেওঁৰ মতামত বিচৰা হৈছিল যদিও তেওঁ এই সন্দৰ্ভত মতামত দিয়াৰ বাবে অস্বীকাৰ কৰে ।‌ আকৌ বিষয়টো সন্দৰ্ভত মতামত লোৱাৰ বাবে কেইবাগৰাকীও বিজেপিৰ মুখপাত্ৰৰ লগত যোগাযোগ কৰা হৈছিল যদিও তেওঁলোকেও মতামত দিয়াৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক: স্পৰ্শকাতৰ অঞ্চলত খিলঞ্জীয়া লোকক দিয়া হ'ব মাৰণাস্ত্ৰৰ লাইচেন্স

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.