ETV Bharat / state

প্ৰসংগ অস্ত্রৰ অনুজ্ঞাপত্র: কি নম্ৰ পৰামৰ্শ আগবঢ়ালে বিশিষ্ট ঔপন্যাসিক মাকামখ্যাত ৰীতা চৌধুৰীয়ে

শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটত ৰাজ্যৰ স্পৰ্শকাতৰ এলেকাৰ খিলঞ্জীয়া লোকসকলক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্র দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

ASSAM GOVT ARMS LICENSE POLICY
বিশিষ্ট ঔপন্যাসিক মাকামখ্যাত ৰীতা চৌধুৰী (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 17, 2025 at 6:00 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যখনত চৰ্চাত থকা এটা বিষয় হৈছে মাৰণাস্ত্ৰৰ লাইচেন্স । শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটত ৰাজ্যৰ স্পৰ্শকাতৰ এলেকাৰ খিলঞ্জীয়া লোকসকলক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্র দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সিদ্ধান্তক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এই বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশিষ্ট ঔপন্যাসিক মাকামখ্যাত ৰীতা চৌধুৰীয়ে । সামাজিক মাধ্যমযোগে বিশিষ্ট সাহিত্যিকগৰাকীয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে ।

সামাজিক মাধ্যমত অস্ত্ৰৰ লাইচেন্সৰ প্ৰসংগ উল্লেখ কৰি 'এটা নম্ৰ পৰামৰ্শ'ৰে সাহিত্যিকগৰাকীয়ে কয়, "ৰাষ্ট্ৰৰ আভ্যন্তৰীণ আৰু বৈদেশিক নিৰাপত্তাৰ দিশবোৰ চোৱচিতা কৰিবলৈ চৰকাৰী বিভিন্ন সংগঠন আৰু agency আছে । সাধাৰণ মানুহৰ দৃষ্টি আৰু বোধগম্যতাই সেইবোৰ ঢুকি পাব নোৱাৰে । নিৰাপত্তাৰ স্বাৰ্থতে সেই অনুমতি দিয়া নহয় আৰু ভিতৰলৈ সোমাই খুঁচৰি চোৱাৰ প্ৰচেষ্টাও উচিত নহয় ।"

তেওঁ লগতে কয়, "আমাৰ দুয়োটা সন্তানৰ স্কুললৈ যাব পৰা হোৱাৰ পৰাই ব্যক্তিগত নিৰাপত্তাৰক্ষী দিয়া হৈছে । মোক কেতিয়াও ব্যক্তিগত নিৰাপত্তাৰক্ষী দিয়া নাছিল আৰু আজিও নাই । মই কেতিয়াও বিচৰাও নাই । Security review ত কাৰোবাক নিৰাপত্তাৰ প্ৰয়োজন আছে নে নাই আৰু যদি আছে তাৰ সীমা কিমান সেয়া কেনেকৈ নিৰ্ধাৰণ কৰে, মই নাজানো আৰু জানিবলৈ আগ্ৰহীও নহয় ।"

পৰিয়ালৰ প্ৰসংগৰে তেওঁ কয়, "নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ পৰিয়ালৰ বাবে অতি সংবেদনশীল দিনবোৰতো মই ল’ৰা-ছোৱালী দুটাক স্কুললৈ থ'বলৈ গ’লে নিৰাপত্তাৰক্ষী নিজেই নগৈছিল । ল’ৰা-ছোৱালী দুটাও নিবিচাৰিছিল ৷ সিহঁতে বিশ্বাস কৰিছিল মই অকলেই যথেষ্ট ৷ নাজানো কিয় ! আমাৰ বিয়া হোৱাৰ পিছতেই মন্ত্ৰী-বিধায়কসকলক ব্যক্তিগত নিৰাপত্তাৰ বাবে সৰু অস্ত্ৰৰ লাইচেন্স দিয়াৰ সিদ্ধান্ত ল’ব বা লৈছে বুলি মোৰ গৃহস্থই জনাইছিল । সঠিককৈ মনত নাই । লওঁ নেকি বুলি মোক সুধিছিল । মই কৈছিলোঁ - নালাগে । হাতত অস্ত্ৰ থাকিলে, মগজুত চয়তানে বাহ লয় । কৈছিলোঁ ।"

লগতে পঢ়ক: পাণ দোকান, বাবা-মাইনা আৰু আমাৰ আত্মসন্মান... কিহৰ বাবে ইমান খং উঠিল বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ

তেওঁ লগতে কয়, "অস্ত্ৰই যে কাকো ৰক্ষা কৰিব নোৱাৰে তাৰ হাজাৰ উদাহৰণ চাৰিওফালে চকু ফুৰালেই দেখোঁ । সশস্ত্ৰ বিপ্লৱ, বিদ্ৰোহো অস্ত্ৰ নহয়, অস্ত্ৰধৰা হাতখনৰ পিছফালে থকা মানসিক প্ৰস্তুতি, যথাযথ আদৰ্শ, দায়বদ্ধতা আদিৰ দৰে বিষয়বোৰৰ ওপৰতহে নিৰ্ভৰ কৰে ৷ অস্ত্ৰৰ লাইচেন্স নল’বা ৷" তেওঁ এনেও এজন অতি শান্তিপ্ৰিয় মানুহ । দা-কটাৰীৰ পৰাও দূৰৈত থাকিব খোজে । বিষয়টো তাতেই শেষ হ’ল ।

চৰকাৰী সিদ্ধান্তৰ প্ৰসংগত তেওঁ কয়, "বৰ্তমান নিৰাপত্তাৰ ক্ষেত্ৰত সংবেদনশীল অঞ্চলৰ মানুহৰ হাতত অস্ত্ৰ তুলি দিয়াৰ সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰা হৈছে । এই সিদ্ধান্তৰ পিছফালে নিৰাপত্তাজনিত কি কাৰণ আছে সেয়া সৰ্বসাধাৰণৰ জনাৰ উপায় নাই । প্ৰশ্ন উঠিব ৷ স্বাভাবিক ৷ কিন্তু প্ৰশ্ন কৰাটো মোৰ বোধেৰে একপ্ৰকাৰ অনৰ্থক ৷ কাৰণ এনে সিদ্ধান্তৰ পিছফালে আভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ দায়িত্বত থকা বিভিন্ন বিভাগৰো বিশেষ ভূমিকা থাকে । আমি প্ৰশ্ন কৰিব পাৰোঁ ৷ কিন্তু সিদ্ধান্ত গ্ৰহণত তাৰ কিমান প্ৰভাৱ পৰিব সেয়া আমি নাজানোঁ ৷ কিন্তু সাধাৰণ নাগৰিক হিচাপে ভাব হয় যথাযথ পৰিকল্পনা আৰু নিৰাপত্তাৰ প্ৰশিক্ষণ নিদিয়াকৈ অস্ত্ৰৰ লাইচেন্স দিলে সি ভয়াবহ ভৱিষ্যতৰ সূচনা কৰিব পাৰে । এইক্ষেত্ৰত মই সৰুতে দেখা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সাধাৰণ নাগৰিক হিচাপে নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ সীমাৰ ভিতৰত থাকি এটা পৰামৰ্শ আগবঢ়াব বিচাৰোঁ ৷"

তেওঁ কয়, "১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ পিছত SSB (The Special Service Bureau) গঠন কৰা হৈছিল ৷ ভৱিষ্যতে কোনো যুদ্ধ বা যুদ্ধসদৃশ পৰিস্থিতিৰ উদ্ভৱ হ’লে সেনা আৰু আন সুৰক্ষা সংগঠনবোৰক যাতে সীমান্ত অঞ্চলৰ মানুহে সক্ৰিয় সহযোগ আৰু সমৰ্থন আগবঢ়াব পাৰে তাৰ বাবে সীমান্ত অঞ্চলৰ অধিবাসীসকলক প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল । সেই উদ্দেশ্যৰে SSB ৰ Police Trainingg centre সমূহ স্থাপন কৰা হৈছিল । এই বিষয়ে ইয়াত বহলাই লিখাৰ প্ৰয়োজন আছে বুলি নাভাবো । আমি হাফলং Police Traing centre ত আছিলোঁ ৷ তাত সেইবোৰ প্ৰশিক্ষণ দিয়া হৈছিল ৷"

"আমি সৰু আছিলোঁ । বহুত বেছি জনা আৰু বুজা নাছিলোঁ যদিও সীমান্ত অঞ্চলৰ মানুহক batch হিচাপে আনি আনি প্ৰশিক্ষণ দিয়া দেখিছিলোঁ ৷ তাৰ ভিতৰত কাহানিও ভৈয়াম আৰু আধুনিক জীৱনযাত্ৰা নেদেখা সীমান্ত অঞ্চলৰ মানুহো আছিল । তেওঁলোকে কেতিয়াও ৰে’লগাড়ী দেখা নাছিল আৰু ৰাক্ষস দানৱ বুলি ভয় খাইছিল ৷ ৰে’লত উঠাৰ পিছত হুইচেল বাজোঁতে ৰাক্ষসৰ চিঞৰ বুলি আতংকিত হৈ ৰে’লৰ পৰা নামি যাবলৈ হুলস্থুল লগাইছিল ৷" ঔপন্যাসিকগৰাকীয়ে কয় ।

তেওঁ আৰু লগতে কয়, "এতিয়া সময় সলনি হৈছে । কিন্তু সীমান্ত অঞ্চলৰ আৰু সংবেদনশীল অঞ্চলবোৰৰ নিৰাপত্তাৰ প্ৰশ্নটো আজিও প্ৰাসংগিক হৈ আছে । হৈ থাকিবও । চৰকাৰে অস্ত্ৰৰ লাইচেন্স দিয়াৰ আগতে নিৰাপত্তাৰ এইধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা লোৱাৰ বিষয়ে ভাবি চাব পাৰে ৷ ই ভৱিষ্যতে হ’ব পৰা ভয়াৱহ পৰিণামক ৰোধ কৰাত সহায়ক হ’ব বুলি মোৰ বিশ্বাস । এয়া পৰামৰ্শহে । সিদ্ধান্ত লোৱাৰ অধিকাৰ আৰু দায়িত্ব চৰকাৰৰ হাততহে আছে । নিৰাপত্তা সংস্থাসমূহে দিয়া পৰামৰ্শ এইক্ষেত্ৰত সৰ্বসাধাৰণৰ পৰামৰ্শতকৈ আগত থকাটোৱেই স্বাভাৱিক ৷"

লগতে পঢ়ক: ৰাজনীতিৰ পাশা খেললৈ কোনো নিৰপৰাধী নাৰীক টানি অনা নহওক: বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ আহ্বান