ETV Bharat / state

শংকৰৰ হাতত হেণ্ডকাফ লগোৱাত মোৰ বুকুখন বিষাইছে: পবিত্ৰ মাৰ্ঘেৰিটা

শেহতীয়াকৈ দুলীয়াজানৰ এটা পেট্ৰ’ল পাম্পত সংঘটিত হোৱা মাৰপিটৰ ঘটনাত নাম সাঙোৰ খাইছিল আছুৰ প্ৰাক্তন সম্পাদকগৰাকীৰ ৷

SANKOR JYOTI BARUAH CASE
মাজুলীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 20, 2025 at 3:46 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: আজিৰে পৰা ডিব্ৰুগড় কাৰাগাৰত দিন পাৰ কৰিব লাগিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ শেহতীয়াকৈ দুলীয়াজানৰ এটা পেট্ৰ’ল পাম্পত সংঘটিত হোৱা মাৰপিটৰ ঘটনাত নাম সাঙোৰ খাইছিল আছুৰ প্ৰাক্তন সম্পাদকগৰাকীৰ ৷

এই পেট্ৰ’ল পাম্প কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিতে ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল শংকৰজ্যোতি বৰুৱাক ৷ দেওবাৰে নিশাৰ ভাগত আটক কৰা বৰুৱাক সোমবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

সোমবাৰৰ দিনটোত প্ৰাক্তন আছু নেতাগৰাকীৰ হাতত হেণ্ডকাফ লগাই আৰক্ষীয়ে আদালতত হাজিৰ কৰাৰ পাছত বিষয়টোক লৈ ৰাজ্যৰ চৌদিশে আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া ৷ ৰাজ্যৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিয়ে বিষয়টোত মাত মতাৰ পিছত খোদ মুখ্যমন্ত্ৰীয়েও প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া ৷

মাজুলীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শংকৰজ্যোতি বৰুৱাৰ বিষয়টোত হস্তক্ষেপ প্ৰদান কৰি ডিব্ৰুগড় আৰক্ষীক শংকৰজ্যোতি বৰুৱাৰ হাতত হেণ্ডকাফ লগোৱাৰ বিৰোধিতা কৰি তেনে কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

আনহাতে, মঙলবাৰে মাজুলীত উপস্থিত হোৱাৰ পিছত একেটা বিষয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷ মন্ত্ৰীগৰাকীয়ে কয়, ‘‘শংকৰৰ হাতত হেণ্ডকাফ লগোৱাত মোৰ বুকুখন বিষাইছে । আইনৰ কি কথা নাজানো, কিন্তু উঠি অহা অসমীয়া তেজাল ল’ৰা এজনৰ হাতত হেণ্ডকাফ লগোৱাত বেয়া পাইছো ।’’

উল্লেখ্য যে, বিগত কিছুদিনৰে পৰা সময় বেয়া চলিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ৷ নাৰী কেলেংকাৰীৰ বিষয়ত শংকৰজ্যোতি বৰুৱাৰ নাম সাঙোৰ খোৱাৰ পিছতে তেওঁ ২০২৪ চনৰ ১২ ছেপ্টেম্বৰত আছুৰ পৰা অব্যাহতি লৈছিল ৷ পৰৱৰ্তী সময়ত বৰুৱাই দুলীয়াজানৰ নিজ বাসগৃহতে থাকি আৰম্ভ কৰিছিল সামাজিক কাম ।

লগতে পঢ়ক: ডিব্ৰুগড় কাৰাগাৰৰ আলহী হ'ল প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱা - SANKOR JYOTI BARUAH CASE

লগতে পঢ়ক: শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কিয় ? উত্তাল দুলীয়াজান