মৃত যুৱতীগৰাকীৰ সৈতে মোৰ ডেৰবছৰ মানৰ পৰা সম্পৰ্ক আছিল; স্বীকাৰ কৰিলে বিজেপি নেতাই
I’m sorry বুলি ভঙাগড়ত মৃতদেহ উদ্ধাৰ হোৱা যুৱতীগৰাকীয়ে কালৈ দিছিল শেষৰটো মেচেজ ?

Published : June 18, 2025 at 7:04 PM IST
গুৱাহাটী: বুধবাৰে মহানগৰীৰ ভঙাগড়ৰ নিজ বাসগৃহত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী যুৱতী ৷ যুৱতীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত বহু কথা আহিছে পোহৰলৈ ৷ ইতিমধ্যে এই মৃত্যুত সাঙোৰ খাইছে এজন বিজেপি নেতাৰ নাম ৷
মৃত যুৱতীগৰাকীৰ সৈতে চিণ্টু কলিতা নামৰ যুৱকজনৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে ৷ আনকি প্ৰেমৰ বাবেই মানসিক নিৰ্যাতনৰ বলি হৈ যুৱতীগৰাকীয়ে এই চৰমপন্থা গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে ।
এই অভিযোগৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিণ্টু কলিতাই । কলিতাই সংবাদ মাধ্যমৰ আগত ঘটনা সন্দৰ্ভত এনেদৰে কয়- ‘‘ঘটনাটো সংঘটিত হোৱাৰ নিশা ফোনত কথা পাতিছিলো তাইৰ লগত । তাই পুনৰ এক মান বজাত ফোন কৰি কৈছিল ৫ মিনিট কথা পাতিম বুলি ৷ মই কালি কথা পাতিম বুলি শুই থাকিলো । তাৰপিছত তাই মোক মেচেজ দিছিলে ৫ মিনিট কথা নাপাতিলা, I Love you । পুৱতি নিশা প্ৰায় ৩.৩০ মান বজাত তাই পুনৰ মেচেজ কৰিছিল I'm sorry বুলি । কিন্তু পুৱাহে মই মেচেজ চাইছিলো । পুৱা লগৰ বন্ধু এজনেহে খবৰটো দিয়ে । তাৰপিছত মই মৰ্গলৈ গৈছিলো কিন্তু কাকো নেদেখি গুচি আহিলো ।’’
যুৱকজনে লগতে কয় ‘‘আৰক্ষীয়ে ফোন কৰি মাতিছিল । আৰক্ষীয়ে মোক সুধিছিল যে কিবা কাজিয়া হৈছে নেকি বুলি । কিন্তু মোৰ লগত তাইৰ কোনো কাজিয়া হোৱা নাছিল । মোৰ ম’বাইলটো আৰক্ষীয়ে জব্দ কৰিছে ।’’
চিণ্টুৱে লগতে কয়, ‘‘মৃত্যুৰ পূৰ্বে দেউতাকক তাই যি মেচেজ দি থৈ গৈছে, সেই মেচেজত আন দুগৰাকী যুৱতীৰ নাম লিখি থৈ গৈছে । তাৰে এজনীৰ লগত মোৰ প্ৰেমৰ সম্পৰ্ক আছিল যদিও বিগত চাৰি বছৰৰ পৰা নাই । নাম উল্লেখ কৰা আন দুয়োগৰাকী যুৱতী সম্পৰ্কত বান্ধৱী ৷ তাৰে এজনীয়ে মৃত যুৱতীগৰাকীৰ মাকক কথা লগাইছিল । লগতে মৃত যুৱতীগৰাকীৰ সৈতে মোৰ ডেৰ বছৰ মানৰ পৰা সম্পৰ্ক আছিল । মই কোনো ধৰণৰ মানসিক-শাৰীৰিক নিৰ্যাতন চলোৱা নাছিলো । মৃত যুৱতীগৰাকীক মাকে মদ্যপান কৰি মানসিক অশান্তি দিছিল । ঘৰুৱা অশান্তি আছিল পৰিয়ালত । যাৰ বাবে পূৰ্বতে চৰম পন্থা লোৱাৰো চেষ্টা কৰিছিল তাই ।’’
তাৎপৰ্যপূৰ্ণভাৱে যুৱকজনে কয় ‘‘বিজেপি, কংগ্ৰেছ বুলি কথা নাই, যদি মোৰ দোষ আছে আইনে ব্যৱস্থা ল'ব ।’’ যুৱকজনৰ এই ভাষ্য প্ৰকাশৰ পিছতে যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই নতুন দিশ ল’ব বুলি ধাৰণা কৰা হৈছে ৷ অৱশ্যে আৰক্ষীৰ সঠিক তদন্তৰ দ্বাৰাহে সকলো কথা পোহৰলৈ আহিব ৷

