ETV Bharat / state

এইবাৰৰ বাজেটে অসমৰ দ্ৰুত উন্নয়নক প্ৰতিনিধিত্ব কৰিছে: দিলীপ শইকীয়া

আজিৰ বাজেটক আদৰণি জনাইছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ৷ এই বাজেটখন জনহিতকৰ আৰু জনদৰদী বুলিও তেওঁ মন্তব্য কৰে ৷

BJP President Dilip Saikia
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 10, 2025 at 8:29 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৫-২৬ বৰ্ষৰ বাবে সোমবাৰে দাখিল কৰা বাজেটখনে অসমৰ বিকশিত অৰ্থনীতিক প্ৰতিনিধিত্ব কৰিছে ৷ এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ ।

আজিৰ বাজেটক আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বাজেটখনত ৰাজ্যৰ সকলো স্তৰৰ জনসাধাৰণৰ কল্যাণৰ হকে পদক্ষেপ গ্ৰহণ কৰাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় ।

বাজেট প্ৰতিক্ৰিয়াত তেওঁ কয়, "এই বাজেটখন জনহিতকৰ আৰু জনদৰদী । ভাৰতীয় জনতা পাৰ্টীৰ নীতিয়ে হৈছে সাধাৰণ জনতাৰ পক্ষত । আজিৰ বাজেটখনে সৰ্বসাধাৰণ জনতাক সকাহ দিব পৰা এখন সৰ্বাংগসুন্দৰ বাজেট । বিগত ১০ টা বছৰত অসমৰ বিকাশৰ হাৰ যে দ্ৰুতগতিত আগবাঢ়িছে, সেয়া তথ্যই প্ৰমাণ কৰিছে । ২০২৪-২৫ বিত্তীয় বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৬,৪৩,৬৬৭ কোটিৰ বিপৰীতে ২০১৫-১৬ বৰ্ষত এই পৰিমাণ আছিল মাত্ৰ ২,২৭,৯৫৯ কোটি ৷ এই সময়খিনিত জনমূৰি আয়ৰ পৰিমাণো যথেষ্ট বৃদ্ধি হোৱা দেখা যায় ৷ ২০১৫-১৬ বৰ্ষত জনমূৰি আয় ৬০,৮১৭ টকাৰ বিপৰীতে ২০২৪-২৫ বৰ্ষত এই পৰিমাণ ১,৫৪,২২২ টকালৈ বৃদ্ধি হয় ৷"

তেওঁ কয়, "আজিৰ বাজেটত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩২ লাখ আত্মসহায়ক গোটৰ সদস্যাক উৎপাদনমূলক কামৰ বাবে আৰ্থিক সাহায্য প্ৰদান, নিযুত মইনা আঁচনিৰ অধীনত বিগত বৰ্ষতকৈ দুগুণ ছাত্ৰীক সামৰি লোৱা, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে ২০২৫ বৰ্ষত স্নাতক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক মাহেকত ২৫০০ টকাকৈ এবছৰৰ বাবে প্ৰদান কৰা, ২০০৬ চনৰ পূৰ্বে প্ৰতিষ্ঠা কৰা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰা, ৩৭.২ লাখ মহিলাক অৰুণোদয় আঁচনিত সামৰি লোৱা, আশা-অংগনবাদী কৰ্মীৰ পাৰিশ্ৰমিক বৃদ্ধি কৰা, চাহ বাগিচাৰ ৬.৮ লাখ শ্ৰমিকক ৫০০০ টকাৰ এককালীন আৰ্থিক সাহায্য, ২৫০০০ নামঘৰলৈ বিত্তীয় সাহায্য, ১০০০ সৃষ্টিশীল লেখকক ২৫০০০ টকাৰ আৰ্থিক সাহায্য, ৰাজ্যৰ সকলো জিলাত অসমমালাৰ অধীনত ২৫ কিলোমিটাৰ দৈৰ্ঘৰ এটাকৈ পথ নিৰ্মাণ, দৰঙত এখন মেডিকেল কলেজ স্থাপন, কাৰ্বি আংলঙত কৃষি মহাবিদ্যালয় স্থাপন, চৰ অঞ্চলত ভূমিৰ জৰীপ চলোৱা, আজান ফকীৰৰ জিকিৰ আৰু জাৰিক থলুৱা ভাষালৈ অনুবাদ কৰাকে ধৰি অসমৰ হিতৰ কাৰণে ভালেমান প্ৰশংসনীয় প্ৰস্তাৱ ৰখা হৈছে । স্বাভাৱিকতে বাজেটৰ এই প্ৰস্তাৱসমূহে অসমক দেশৰ এখন আগশাৰীৰ ৰাজ্যলৈকে আগুৱাই যে নিব, তাত তিলমানো সন্দেহ নাই ৷"

ৰাজ্যিক সভাপতিগৰাকীয়ে লগতে কয়, "আমাৰ চৰকাৰে সদায় জনগোষ্ঠীয় উন্নয়ন তথা ষষ্ঠ অনুসূচীৰ অধীনত শাসিত অঞ্চলবোৰৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ ৷ এইবাৰ বাজেটত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কাৰণে ১১৪৩ কোটি, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ বাবে ৬২১ কোটি আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰণে ৩০৬ কোটি টকা ধাৰ্য কৰিছে । সমান্তৰালভাৱে ৰাজ্যৰ কৃষক, মহিলা আৰু যুৱশক্তিৰ বিকাশ আৰু কল্যাণৰ হকে গুৰুত্ব আৰোপ কৰা হৈছে । জনতাৰ ওপৰত কোনোধৰণৰ কৰ আৰোপ নকৰাকৈ ১,৫৫,৪২৮.৭৫ কোটিৰ আকাৰৰ বাজেটখনে অসমৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু সাধাৰণ জনতাৰ বিকাশ সমানেই আগবঢ়াই নিব ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ শাসনত অৰ্থাৎ ২০১৫-১৬ বিত্তীয় বৰ্ষত মূলধন ব্যয়ৰ নামত অতি সামান্য ধনহে ব্যয় কৰা হৈছিল ৷ যাৰ বাবে অসম সামগ্ৰিকভাৱে পিছপৰি থাকিল । কিন্তু আজি ভাৰতীয় জনতা পাৰ্টীৰ শাসনত মূলধন ব্যয় যথেষ্ট বৃদ্ধি কৰিব পৰা হৈছে ৷ ফলত অসমত যথেষ্ট পৰিমাণৰ সম্পদো গঢ়ি উঠিছে ৷ ২০২৪-২৫ বৰ্ষত মূলধন ব্যয় ২৪,৯৬৪ কোটিৰ (৬ মাৰ্চলৈকে) বিপৰীতে এইবাৰৰ বাজেটত মূলধন ব্যয় ৩৮২০২.৭৮ কোটিলৈকে বৃদ্ধিৰ প্ৰস্তাৱ ৰখাটো অসমৰ বিকাশৰ ক্ষেত্ৰত এক প্ৰশংসনীয় পদক্ষেপ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ নেতৃত্বত অসম অচিৰেই দেশৰ এখন উন্নত আৰু আগশাৰীৰ ৰাজ্যলৈ পৰিগণিত হ'ব, সেয়া আজিৰ প্ৰস্তাৱিত বাজেটত প্ৰতিফলিত হৈছে ৷"

লগতে পঢ়ক: ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটৰ প্ৰধান ঘোষণাসমূহ : কোন কিদৰে হ'ব উপকৃত - ASSAM BUDGET 2025 26