গুৱাহাটী/ডিব্ৰুগড় : অসমত 'বিহাৰ দিৱস' আয়োজনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি বিতৰ্কৰ সূত্রপাত ঘটিছে । বিশেষকৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শাসকীয় দল বিজেপিয়ে আয়োজন কৰা 'বিহাৰ দিৱস'কলৈ সৰৱ হৈ পৰিছে বিৰোধীৰ লগতে বিভিন্ন দল সংগঠন । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয়, "আমি নিশ্চিতভাৱে ইয়াৰ বিৰোধীতা কৰো । ৰাজভৱনতে হওক বা আন কোনো ঠাইত হওক অসমত বিহাৰ দিৱস পতাৰ কোনো অৰ্থ থাকিব নোৱাৰে । বিহাৰত অসম দিৱস পতা আমি কেতিয়াও দেখা নাই । আজিৰ দিনটোত কেৱল আৰু কেৱল ভোটৰ লালসাত তথা হিন্দীভাষী ভোট লাভ কৰাৰ স্বাৰ্থত বিজেপি দলে অসমত যিধৰণে বিহাৰ দিৱস উদযাপন কৰিব লৈছে তাক আমি ৰাইজৰ দলে কঠোৰ ভাষাৰে সমালোচনা কৰিছো আৰু গৰিহণা দিছো । ইয়াক সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে দাবী জনাইছো ।"
তেওঁ লগতে কয়, "বিহাৰ দিৱস আয়োজন কৰাক লৈ হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পাছত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই লাহে লাহে তেল সানিবৰ বাবে চেষ্টা কৰি থকা দেখা গৈছে । মুখ্যমন্ত্রীয়ে বিষয়টোক লঘু কৰিবৰ কাৰণে এইটো অসমীয়া মানুহৰ স্বাভিমানত আঘাত কৰা বিষয় নহয় বৰং ইয়াক গ্ৰহণ কৰিবলগীয়া বিষয় বুলি প্ৰমাণ কৰিবলৈ গৈ অসমীয়া জাতিক আকৌ এবাৰ অপমান কৰাৰ চেষ্টা কৰিছে । মুখ্যমন্ত্রীয়ে বিহাৰ দিৱস উদযাপন কৰিবৰ বাবে অসমৰ মানুহক বিপথে পৰিচালিত কৰা দেখিবলৈ পোৱা গৈছে । মুখ্যমন্ত্রীক সকিয়াই দিব বিচাৰিছো যে অসমত বিহাৰ দিৱসৰ কোনো প্ৰয়োজন নাই । অসমৰ ক’তো যাতে বিহাৰ দিৱস উদযাপন নহয় তাৰ বাবে বিজেপি দলক আমি সকিয়াই দিছো ।"
উল্লেখ্য যে বিজেপিয়ে অহা ২২ মাৰ্চত তিনিচুকীয়াত বিহাৰ দিৱস আয়োজনৰ প্ৰস্তুতি চলাইছে । ভাৰতৰ সকলো ৰাজ্যত বিজেপিয়ে ২২ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈকে বিহাৰ দিৱসৰ কাৰ্যসূচী উদযাপনৰ প্ৰস্তুতি চলাইছে । অসমৰ তিনিচুকীয়াত এই দিৱস উদযাপনৰ প্ৰস্তুতি চলাই বিজেপিয়ে কেইবাগৰাকী নেতা-বিধায়কক দায়িত্ব অৰ্পণ কৰিছে । এই বিষয়ে বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণে সামাজিক মাধ্যমত প্ৰস্তুতি সভাৰ ফটো দি পোষ্ট দিছিল । তাৰ পাছতে ৰাজ্যজুৰি বিষয়টোক লৈ বিতৰ্কৰ সূত্রপাত ঘটে । বিহাৰ দিৱসৰ আয়োজনক লৈ বিভিন্ন দল-সংগঠনৰ লগতে আলফা স্বাধীনেও তীব্ৰ বিৰোধিতা কৰিছে ।
অসমত 'বিহাৰ দিৱস'ৰ বিৰোধীতা আছুৰ
অসমত বিহাৰ দিৱস উদযাপন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ‘বিহাৰ দিৱস’ আয়োজন কৰা সন্দৰ্ভত দুটা বেলেগ বিষয় একাকাৰ কৰি অযথা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে । এটা হৈছে ৰাজভৱনৰ উদ্যোগত কোনো এখন ৰাজ্যৰ Statehood Day উদযাপন কৰা আৰু আনটো হৈছে ৰাজনৈতিক দলৰ উদ্যোগত বিহাৰী সম্প্ৰদায়ৰ মানুহ বেছিকৈ থকা অঞ্চলত ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে ‘বিহাৰ দিৱস’ আয়োজন কৰা । ৰাজভৱনসমূহে বিভিন্ন ৰাজ্যৰ দিৱস পালন কৰে । অসমত পূৰ্বেও ‘বিহাৰ দিৱস’, ‘ওড়িশা দিৱস’ আদি ৰাজভৱনৰ উদ্যোগত পালন কৰা হৈছে । আন ৰাজ্যৰ ৰাজভৱনেও অসম দিৱস পালন কৰিছে ।"
শৰ্মাই লগতে কয়, "দেশৰ একাত্মতাক প্ৰতিফলিত কৰিবলৈ ৰাজভৱনসমূহে হাতত লোৱা এনে কাৰ্যসূচীক লৈ কোনেও কাহানিও বিতৰ্ক কৰা নাই । কিন্তু ৰাজনৈতিক দলে জিলাই জিলাই এনে দিৱস আয়োজন কৰাটো গ্ৰহণযোগ্য নহয় । বিজেপিয়ে আজি বিহাৰী সম্প্ৰদায়ৰ মানুহ বেছিকৈ থকা বাবে তিনিচুকীয়া জিলাত ‘বিহাৰ দিৱস’ পাতিবলৈ ওলাইছে । কাইলৈ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ বেছিকৈ থকা ঠাইত ‘ৰাজস্থান দিৱস’ পাতিব । এই সম্প্ৰদায়সমূহক অসমৰ সমাজ জীৱনৰ সৈতে জীণ যোৱাৰ ক্ষেত্ৰত এনে বিজতৰীয়া কাৰ্যসূচীসমূহ হেঙাৰ হিচাপে থিয় দিব । এনে সাম্প্ৰদায়িক চিন্তাক কলিতে মোহাৰিবই লাগিব । নহ’লে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া দল হিচাপে কোনোবাদিনা ‘বাংলাদেশৰ মুক্তি দিৱস’ পালন কৰিম বুলিও কৈ দিব পাৰে ।"
আছুৰ সভাপতিগৰাকীয়ে কয়, "ভূপেন হাজৰিকাই কাহানিবাই কৈ গৈছে - 'প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় । আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় নতুন ৰূপৰ অসমীয়া ।' বিজেপিয়েহে ভোট বেংকৰ স্বাৰ্থত ভাগ ভাগ কৰিব বিচাৰিছে । মুখ্যমন্ত্ৰীয়ে আনলৈ দোষ ঠেলি লাভ নাই । অসমীয়া মানুহৰ জাতীয় চেতনাত প্ৰহাৰ কৰা এনে অনুষ্ঠানবোৰেহে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰে । মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অসমৰ বাহিৰত কৰ্মৰত অসমৰ কোনোবা যুৱক-যুৱতী ইয়াৰ দ্বাৰা ক্ষতিৰ সন্মুখীন হ’লে নিশ্চিতভাৱে এনে বিজতৰীয়া অনুষ্ঠানৰ উদ্যোক্তাসকলেই দায়ী হ’ব ।"
অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীক তৈলমৰ্দন কৰিবৰ বাবে বিহাৰ দিৱসৰ চিন্তা জাপি দিব বিচাৰিছে: লুৰীণজ্যোতি গগৈ
বিহাৰ দিৱসৰ বিৰোধীতা কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "বিহাৰ দিৱস অসমত পাতিবলৈ লোৱাৰ যি পৰিকল্পনা সেইয়া অতি ষড়যন্ত্ৰমূলক আৰু এই কাৰ্যই বিজেপি চৰকাৰৰ প্ৰভূত্ববাদী, আধিপত্যবাদী চিন্তাক প্ৰতিফলিত কৰিছে । বিহাৰ দিৱসৰ যোগেদি বিজেপিয়ে অসমত আগ্ৰাসী মানসিকতা প্ৰকাশ কৰিছে । অসমৰ মুখ্যমন্ত্ৰীয়ে বিহাৰ দিৱস অনুষ্ঠিত কৰাৰ পৃষ্ঠপোষকতা কৰিছে । অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীক তৈলমৰ্দন কৰিবৰ বাবে এই চিন্তা জাপি দিব বিচাৰিছে । অসমৰ ক’তোৱেই এই দিৱস পালন কৰিবলৈ দিয়া নহ'ব । এইটো অতি অগণতান্ত্ৰিক কেন্দ্ৰীভূত চিন্তাৰ বহিঃপ্ৰকাশ ।" ভৱিষ্যতে এনেধৰণৰ চিন্তাৰ পৰা মুখ্যমন্ত্ৰীক আঁতৰি থাকিবলৈ সকিয়নী প্ৰদান কৰে লুৰীণজ্যোতি গগৈয়ে ।