ধাদুম পথাৰলৈ আহক, চাই যাওকহি এবিধ বিৰল প্ৰজাতিৰ পক্ষী
অতি বিৰল তথা বিপন্ন প্ৰজাতিৰ এই দেও কৰ্চন পক্ষীবিধক ৰাইজে প্ৰত্যক্ষ কৰি সামাজিক মাধ্যমত ফটো আপলোড কৰাৰ পাছতে চৌদিশে এই স্থানৰ আকৰ্ষণ বৃদ্ধি পাইছে ।

Published : March 11, 2025 at 10:18 PM IST
|Updated : March 12, 2025 at 9:16 AM IST
তিনিচুকীয়া: বিগত কিছুদিন ধৰি তিনিচুকীয়া জিলাৰ ডাঙৰীৰ সমীপৰ ধাদুম পথাৰত ভিৰ কৰিছে প্ৰকৃতিপ্ৰেমীয়ে । এটি বিৰল প্ৰজাতিৰ অস্তিত্বৰ সংকটত পৰা পক্ষীক ওচৰৰ পৰা প্ৰত্য়ক্ষ কৰিবলৈকে প্ৰকৃতিপ্ৰেমীয়ে ভিৰ কৰিছেহি । কাৰণ এইবিধ পক্ষী অসমত মাত্ৰ ৪ বাৰহে প্ৰত্য়ক্ষ কৰা হৈছে । কি এইবিধ পক্ষী ?
আপুনি বাৰু পক্ষীপ্ৰেমী নেকি ? যদিহে পক্ষীপ্ৰেমী তেন্তে দেও কৰ্চন পক্ষীৰ বিষয়ে নিশ্চয় অৱগত । সেই দেও কৰ্চনকেই দেখা পোৱা গৈছে এইবাৰ তিনিচুকীয়া জিলাত । তিনিচুকীয়া জিলাৰ ডাঙৰীৰ সমীপৰ ধাদুম পথাৰত দেও কৰ্চন পক্ষীৰ আগমনে আশাৰ সঞ্চাৰ কৰিছে প্ৰকৃতিপ্ৰেমীৰ মাজত ।
অতি বিৰল তথা বিপন্ন প্ৰজাতিৰ এই দেও কৰ্চন পক্ষীবিধক ৰাইজে প্ৰত্যক্ষ কৰি সামাজিক মাধ্যমত ফটো আপলোড কৰাৰ পাছতে চৌদিশে এই স্থানৰ আকৰ্ষণ বৃদ্ধি পাইছে । সামাজিক মাধ্যমৰ জৰিয়তে দেও কৰ্চনৰ উপস্থিতি বিয়পি পৰাৰ পাছতে জিলাখনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক প্ৰকৃতিপ্ৰেমী তথা পক্ষী নিৰীক্ষক ধাদুম পথাৰত উপস্থিত হৈ ভিৰ কৰা পৰিলক্ষিত হয় ।
২০২১ চনত ধাদুম পথাৰত আছিল দেও কৰ্চন পক্ষী :
উল্লেখ্য যে আকাৰত প্ৰায় সাধাৰণ কৰ্চন পক্ষীৰ সমানেই যদিও মূৰৰ ৰং ক’লা এই দেও কৰ্চন পক্ষীৰ । অসমত ইয়াৰ পূৰ্বে দেও কৰ্চন পক্ষী প্ৰথমে মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুবাৰ প্ৰতক্ষ কৰা হৈছিল আৰু তৃতীয়বাৰ ২০২১ চনত এই ধাদুম পথাৰত দেখা পোৱা বুলি তথ্য পোৱা গৈছে । চতুৰ্থবাৰৰ বাবে এই ধাদুম পথাৰত পুনৰবাৰ দেও কৰ্চন পক্ষীৰ আগমনৰ খবৰত স্বাভাৱিকতে উৎফুল্লিত হৈ উঠিছে প্ৰকৃতিপ্ৰেমী ৰাইজ ।
প্ৰকৃততে এই পক্ষীবিধ কোন দেশৰ স্থায়ী বাসিন্দা এই বিষয়ে কোনো সঠিক তথ্য নাই যদিও সাগৰপৃষ্ঠৰ পৰা ২৯৫০-৪৯০০ মিটাৰ উচ্চতাত ভাৰত, চীন আৰু ভূটানৰ বিশেষ কিছু এলেকাত ইয়াক দেখা পোৱা যায় । লগতে তিৰ্ব্বত আৰু ভূটানত বংশ বিস্তাৰ কৰে বুলি জানিব পৰা গৈছে ৷
এই সন্দৰ্ভত এগৰাকী স্থানীয় পক্ষীপ্ৰেমী ডিপুল সোণোৱালে কয়, "ধাদুম পথাৰত বিশেষকৈ দুটা প্ৰজাতিৰ পক্ষী চাবলৈ মানুহ আহিছে, বিশেষকৈ দেও কৰ্চন আৰু কৰ্চন ৷ মিজোৰাম, মেঘালয়ৰ লগতে প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ আগমন ঘটিছে ৷ দেও কৰ্চন অসমত এইবাৰলৈকে মাত্ৰ চাৰিবাৰ দেখা পোৱা গৈছে । প্ৰথম দুবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰু ২০২১ চনৰ এই ধাদুম পথাৰতে দেখা গৈছিল আৰু এইবাৰ পুনৰ দেখা পোৱা গৈছে ধাদুম পথাৰত । অসমৰ কাৰণে এইবিধ পক্ষী অতি বিৰল । অৰুণাচলৰ শান্তিভেলীলৈ প্ৰতিবছৰে আহে বুলি ক’ব পাৰি, দেখা পাই থাকে । অসমত এইপৰ্যন্ত মাত্ৰ চাৰিবাৰহে দেখা গৈছে । সেয়ে পক্ষীপ্ৰেমীসকলে খুব ভাল পাইছে ।"
তেওঁ লগতে কয়, "ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহত পক্ষীবোৰে ঘূৰি যোৱাৰ সময়ত ধাদুম পথাৰত ৰৈ যায় খাদ্য গ্ৰহণ কৰিবলৈ ৷ তেতিয়া প্ৰায় সকলো পক্ষী দেখা পোৱা যায় । এতিয়া ইয়াত প্ৰায় ২০০ জনী কৰ্চন থকাৰ বিপৰীতে মাত্ৰ এজনীহে দেও কৰ্চন পক্ষী আছে ।" ইফালে ধাদুম পথাৰত দেও কৰ্চনৰ উপস্থিতি জানিব পাৰি ভিৰ কৰিছে পক্ষীপ্ৰেমীসকলে । ইয়াৰ মাজতেই একাংশ উপস্থিত লোকৰ হুলস্থূলীয়া পৰিবেশৰ বাবেই আলহী পক্ষীয়ে ভয় খাই কিছু দূৰত অৱস্থান কৰা বুলি জানিব দিছে স্থানীয় ৰাইজে ।

