ETV Bharat / state

এইবাৰ পলায়নৰ চেষ্টা কৰোঁতেই ধৰ্ষণৰ ঘটনাত অভিযুক্তলৈ অসম আৰক্ষীৰ গুলী - Encounter by cachar police

Encounter by cachar police: কাছাৰত পুৱতি নিশা এনকাউণ্টাৰৰ ঘটনা । আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰোতেই ধৰ্ষণৰ ঘটনাত অভিযুক্ত জমিৰ উদ্দিনলৈ লক্ষ্য কৰি অসম আৰক্ষীৰ গুলী ৷ আহত আৰক্ষী জোৱান ৷

Rape accused shot by cachar police, one policeman injured
ধৰ্ষণৰ ঘটনাত অভিযুক্তলৈ অসম আৰক্ষীৰ গুলী; আহত আৰক্ষী জোৱান
author img

By ETV Bharat Assamese Team

Published : March 20, 2024 at 10:48 AM IST

2 Min Read
ধৰ্ষণৰ ঘটনাত অভিযুক্তলৈ অসম আৰক্ষীৰ গুলী; আহত আৰক্ষী জোৱান

শিলচৰ, 20 মাৰ্চ: ধৰ্ষণৰ ঘটনাত অভিযুক্তলৈ অসম আৰক্ষীৰ গুলী ৷ কাছাৰত বুধবাৰৰ পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা । আৰক্ষীৰ গুলীত আহত অভিযুক্তটো জমিৰ উদ্দিন বুলি জানিব পৰা গৈছে । গুলীবিদ্ধ জমিৰ উদ্দিনক সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে ।

জানিব পৰা মতে, আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰৈৰ সময়ত আৰক্ষীয়ে গুলী কৰে ধৰ্ষণৰ ঘটনাত অভিযুক্ত জমিৰ উদ্দিনক ৷ গুলীবিদ্ধ জমিৰৰ ঘৰ কাছাৰৰ শ্ৰীকোণা আলমবাগত বুলি জানিব পৰা গৈছে ।

কাছাৰৰ লক্ষীপুৰৰ এগৰাকী বোৱাৰীক অপহৰণ কৰাৰ পাচত জমিৰ উদ্দিনে ধৰ্ষণৰ চেষ্টা চলাইছিল বুলি জনায় কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই । নিশা অপহৰণ কাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ কৰিবলৈ যাওঁতেই সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনাটো । কাছাৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে অধিক জানিবলৈ দি কয়, "যোৱা 16 মাৰ্চৰ পুৱা কাছাৰৰ লক্ষীপুৰ শিৱপুৰৰ পৰা এগৰাকী বোৱাৰীক অপহৰণ কৰিছিল জমিৰে । প্রাতঃভ্রমণলৈ যোৱা বোৱাৰীগৰাকীক চাৰি দুৰ্বৃত্তই এখন বাহনেৰে অপহৰণ কৰি লৈ গৈছিল । অপহৰণ কৰি লৈ গৈ বোৱাৰীগৰাকীক ধৰ্ষণৰ চেষ্টা চলায় চাৰি অপহৰণকাৰী দুৰ্বৃত্তই ।"

ইয়াৰ পাছতে আৰক্ষীয়ে তৎপৰতাৰে তদন্ত আৰম্ভ কৰে আৰু চাৰি দুৰ্বৃত্তসহ এগৰাকী মহিলাক এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । মঙলবাৰৰ নিশা এই ঘটনাৰ মূল অভিযুক্ত জমিৰ উদ্দিন নামৰ অভিযুক্তজনক আৰক্ষীয়ে অপহৰণ কাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ কৰাৰ বাবে কাছাৰৰ পালইৰবন্দ অঞ্চললৈ লৈ যায় । ইয়াতেই ঘটনাৰ মূল অভিযুক্ত জমিৰ উদ্দিনে এগৰাকী আৰক্ষী জোৱানক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰে ৷ তেতিয়াই আৰক্ষীয়ে জমিৰ উদ্দিনলৈ লক্ষ্য কৰি দুই জাঁই গুলীচালনা কৰে ।

অভিযুক্ত জমিৰ উদ্দিনৰ আক্ৰমণত আহত আৰক্ষী জোৱানজনো বৰ্তমান শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক: তিনিচুকীয়াত আৰক্ষীৰ এনকাউন্টাৰ; আহত অভিযুক্ত চোৰ মুন্না শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.