ETV Bharat / state

অসমত থাকিলে ইমান দিনে কাপোৰখন নাথাকিলহেতেন: বৃন্দাবনী বস্ত্ৰক লৈ মন্তব্য ৰণজিৎ কুমাৰ দাসৰ - MINISTER RANJIT KUMAR DASS

কেতিয়া অসমলৈ আহিব বৃন্দাবনী বস্ত্ৰ ? পেৰিছ চৰকাৰে কেতিয়া দিব অনুমতি ? কি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ? এক প্ৰতিবেদন ।

Ranjit Kumar Dass comments on the Vrindavani Vastra in Majuli
বৃন্দাবনী বস্ত্ৰক লৈ মন্তব্য ৰণজিৎ কুমাৰ দাসৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 4:32 PM IST

3 Min Read

মাজুলী: তেতিয়া আছিল সৰ্বানন্দ সোণোৱাল চৰকাৰ । সেই সময়ত অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্বত আছিল ৰণজিৎ কুমাৰ দাস । সেই সময়তে পেৰিছ সংগ্ৰহালয়ত বৃন্দাবনী বস্ত্ৰ দৰ্শন কৰিছিল ৰণজিৎ কুমাৰ দাসে । তাৰ পিছতে এমাহৰ বাবে বৃন্দাবনী বস্ত্ৰখনি অসমলৈ আনিব পাৰি নেকি আলোচনা চলিছিল । কিন্তু পেৰিছে অনুমতি নিদিয়াত সেয়া সম্ভৱ নহ'ল ।

পুনৰ বৃন্দাবনী বস্ত্ৰৰ প্ৰসংগই স্থান পালে ৰাজ্যৰ পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ মুখত । দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে বিশিষ্ট মুখাশিল্পী ড৹ হেমচন্দ্ৰ গোস্বামীৰ সৈতে গুৰুজনাই বৈ উলিওৱা বৃন্দাবনী বস্ত্ৰৰ প্ৰসংগত আলোচনাত মিলিত হয় । ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই সন্দৰ্ভত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ।

বৃন্দাবনী বস্ত্ৰক লৈ মন্তব্য ৰণজিৎ কুমাৰ দাসৰ (ETV Bharat Assam)

মন্ত্ৰীগৰাকীয়ে কয়, "সৰ্বানন্দ সোণোৱালৰ দিনত বিধানসভাৰ অধ্যক্ষ হৈ থকাৰ সময়ত বৃন্দাবনী বস্ত্ৰ দৰ্শন কৰিছিলোঁ । তেতিয়া পেৰিছ সংগ্ৰহালয়ৰ লগত কথা পাতি অসমলৈ এমাহৰ বাবে আনিব পাৰি নেকি কথা হৈ আমি পুঁজি নিৰ্ধাৰণ কৰিছিলোঁ । কিন্তু পেৰিছ চৰকাৰে সেই সময়ত অনুমতি নিদিলে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বৰ্তমান এই বিষয়ে কথা হৈ আছে ।"

অন্যহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, "যদি পেৰিছ চৰকাৰ সন্মত হয় আমি এমাহৰ বাবে অসমবাসীক দেখুৱাবৰ বাবে বৃন্দাবনী বস্ত্ৰখন অসমলৈ আনিব পাৰিম । কিন্তু বস্ত্ৰখন অসমৰ হ'লেও তেওঁলোকক ঘূৰাই দিব লাগিব । তাত যেনেদৰে প্ৰতিপালিত বা ভাল হৈ আছে অসমত থাকিলে ইমান দিনে কাপোৰখন নাথাকিলহেতেন ।"

উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে মাজুলীলৈ অহা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ আজি দ্বিতীয় দিনা মাজুলীত পৰ্যটনৰ কামকাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰে । তেওঁ কয়, "আজিৰ তাৰিখত মাজুলীত গতানুগতিকভাৱে সত্ৰকেন্দ্ৰিক যি পৰ্যটনৰ ব্যৱস্থা, সেইটোৰ আধাৰতে চলি আছে । এইক্ষেত্ৰত সু-পৰিকল্পনাৰ প্ৰয়োজন । ইয়াৰ কাৰণে সুচাৰুৰূপে পৰিচালনা কৰা বিষয়াৰ অভাৱ । মাজুলীত পৰ্যটন বিভাগত ৰাতি থাকিব পৰা ব্যৱস্থাৰ কথা মই মন্ত্ৰী হৈ নিজেই জনা নাছিলোঁ । ইয়াৰ বাবে বিভাগে ডিজিটেলী যিমানখিনি কৰিব লাগিছিল, সিমানখিনি কৰিব পৰা নাই ।"

মন্ত্ৰী দাসে লগতে কয়, "কেৱল আছাম টুৰিজিম ৱেবচাইটত মাজুলী বুলি মাৰি চালে কেৱল মাজুলীৰ ফটো কেইখনমানহে দেখা পোৱা যায় । কিন্তু পৰ্যটকসকল ক'ত থাকিব, সু-বিৱৰণৰ অভাৱ । পূৰ্বৰ ধাৰণাৰ দৰে এতিয়াৰ পৰা জিলাসমূহত চলিব নোৱাৰিব পৰ্যটন বিভাগ । মুখ্যমন্ত্ৰীক মাজুলীৰ এই পৰ্যটন ব্যৱস্থাৰ বিষয়ে জনাম ।"

মাজুলীৰ পৰ্যটন ব্যৱস্থা দেখি "I am not satisfied" বুলি উল্লেখ কৰাৰ লগতে পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত যেনেদৰে কামবোৰ সুচাৰুৰূপে হৈছে তেনেদৰে পৰ্যটন বিভাগত দায়িত্ব লোৱাৰ পাছত পৰ্যটন বিভাগত কাম হৈ থকা দেখা নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । লগতে পঞ্চায়ত গঠনক লৈ প্ৰতিক্ৰিয়া আগবঢ়াই মন্ত্ৰীগৰাকীয়ে কয়, "সভাপতি হ'বলৈ ৬ গৰাকীৰ সমৰ্থন লাগে ৷ যিগৰাকীৰে থাকিব তেৱেঁই সভাপতি হ'ব ।"

লগতে পঢ়ক: নেতৃত্বত এগৰাকী মহিলা: একেডৰা মাটিত তিনিটাকৈ খেতিৰে অপূৰ্ব নিদৰ্শন ৰঙিয়াৰ এইসকল কৃষকৰ - AGRI REVOLUTION IN RANGIA

মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাতি-নাতিনী ভাৰতীয় হয় নে নহয়: জয়ন্ত মল্লবৰুৱা - JAYANTA MALLA ON GAURAV GOGOI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.