হাফলং: বিষ্ণুৰ সপ্তম অৱতাৰ হিচাপে আজিৰ দিনত ভগৱান ৰামে জন্মগ্ৰহণ কৰিছিল । ভগৱান ৰামৰ জন্ম তিথি হিচাপে উদযাপন কৰা ৰাম নৱমী দেৱী দুৰ্গাৰ প্ৰতি উৎসৰ্গিত কৰা হয় । বসন্ত উৎসৱ চৈত্ৰ নৱৰাত্ৰিৰ নৱম দিন উপলক্ষে চৈত্ৰ নৱৰাত্ৰি উদযাপনৰ অংশ হৈছে ৰাম নৱমী ।
নৱৰাত্ৰিৰ তাৎপৰ্য:
নৱৰাত্ৰি অৰ্থাৎ 'ন ৰাতি' বছৰত দুবাৰকৈ, বসন্ত ঋতুত চৈত্ৰ নৱৰাত্ৰি আৰু শৰৎ ঋতুত শৰৎ নৱৰাত্ৰি পালন কৰা হিন্দু উৎসৱ । বসন্ত নৱৰাত্ৰি নামেৰেও পৰিচিত এই বসন্ত উৎসৱ চৈত্ৰ মাহত পালন কৰা হয় । দেৱী দুৰ্গাৰ ৯ টা ৰূপৰ প্ৰতি উৎসৰ্গিত হয় আৰু এই দুৰ্গা পূজাক বাসন্তী পূজা বুলি কোৱা হয় । চৈত্ৰ নৱৰাত্ৰিৰ নৱম দিনত পৰে ৰাম নৱমী । এই দিনটোতে ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ ভগৱান ৰামৰ জন্ম দিৱস হিচাপে উদযাপন কৰা হয় ।
সমগ্ৰ দেশজুৰি আজি উখল-মাখল পৰিৱেশৰ মাজত ৰাম নৱমী উদযাপন কৰা হৈছে । ইয়াৰ সমান্তৰালভাৱে ডিমা হাছাও জিলাৰ ১১৩ বছৰীয়া পুৰণি জগন্নাথ মন্দিৰতো দেৱী দুর্গাৰ আৰাধনা কৰাৰ লগতে ৰাম নৱমী উদযাপন কৰা হয় । ৰাম নৱমীৰ দিনটোত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় ডিমা হাছাও জিলাৰ হাফলঙৰ জগন্নাথ মন্দিৰ প্ৰাংগণত । ৰাম নৱমীৰ দিনত যথেষ্ট ভক্তৰ সমাগম ঘটে জগন্নাথ মন্দিৰত ।
হাফলং জগন্নাথ মন্দিৰ পূজা কমিটিৰ সম্পাদক সুজিত দাসে বাসন্তী পূজা সন্দৰ্ভত কয়, "যোৱা ১১ বছৰ ধৰি হাফলং জগন্নাথ মন্দিৰত বাসন্তী পূজা আৰু ৰাম নৱমী উৎসৱ উদযাপন কৰা হৈছে । পাহাৰীয়া জিলাখনত শান্তি-সম্প্ৰতি বৰ্তাই ৰাখিবৰ বাবে প্ৰতি বছৰৰ চৈত্র মাহত অনুষ্ঠিত বাসন্তী পূজাত দেৱী দুর্গাৰ আৰাধনা কৰি আহিছোঁ । হাফলং বজাৰৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগত যোৱা ১১ বছৰ ধৰি হাফলং জগন্নাথ মন্দিৰ প্ৰাংগণত বাসন্তী পূজা অনুষ্ঠিত হৈ আহিছে ।"