ETV Bharat / state

কাইলৈ পবিত্ৰ ৰাখীবন্ধন; এইবাৰ বজাৰত কি ডিজাইনৰ ৰাখীৰ সৰ্বাধিক চাহিদা

ভাতৃ-ভগ্নীৰ পবিত্ৰ সম্পৰ্কৰ প্ৰতীক ৰাখীবন্ধন শনিবাৰে দেশজুৰি উদযাপন কৰা হ'ব । ইতিমধ্যে মহানগৰীৰ বজাৰ ভৰিছে ৰং-বিৰঙৰ ৰাখীৰে ।

RAKSHA BANDHAN 2025
বজাৰত পছন্দৰ ৰাখী বিচাৰি গ্ৰাহকৰ ভিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 8, 2025 at 5:56 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: এডাল সূতা - আৰু এই সূতাডালতে অন্তৰ্নিহিত হৈ থাকে ভাতৃ-ভগ্নীৰ প্ৰেম, সম্পৰ্ক আৰু দায়িত্ববোধৰ এক অতুলনীয় বিশ্বাস । সেয়ে এই সূতাডালক কেৱল এডাল সূতা বুলি কোৱাতকৈ ভাতৃ-ভগ্নীৰ মাজৰ পৱিত্ৰ সম্পৰ্কৰ এনাজৰী বুলি কোৱাটোহে উচিত হ'ব । এই সূতাডালকে কোৱা হয় ৰাখী । যদিও এই ৰাখী আক্ষৰিক অৰ্থত এডাল সূতা, তাতোকৈ ব্যাপক ইয়াৰ মৰ্মাৰ্থ ।

অৱশ্যে সময়ৰ গতিত এই ৰাখী এডাল সূতাতে সীমাবদ্ধ হৈ থকা নাই । বৰ্তমান ই লাভ কৰিছে বিভিন্ন ৰূপ । কিন্তু ৰূপ ভিন্ন হ'লেও এই ৰাখীৰ তাৎপৰ্য আৰু ৰাখীবন্ধনৰ গুৰুত্ব তথা আধ্যাত্মিকতা এতিয়াও অটুট আছে ।

এইবাৰ বজাৰত কি ডিজাইনৰ ৰাখীৰ সৰ্বাধিক চাহিদা (ETV Bharat Assam)

এই দিনটোত ভগ্নীয়ে ভাতৃৰ হাতত ৰাখী নামৰ মৰমৰ এনাজৰীডাল বান্ধি দিয়ে । এই ৰাখীডালতেই লুকাই থাকে ভাতৃৰ প্ৰতি ভগ্নীৰ মৰম-চেনেহ আৰু ভালপোৱাৰ লগতে মংগল কামনা । আনহাতে, ইয়াৰ মাজতে অন্তৰ্নিহিত হৈ থাকে ভগ্নীক আজীৱন ৰক্ষা কৰাৰ ভাতৃৰ প্ৰতিশ্ৰুতি ।

শনিবাৰে পবিত্ৰ ৰাখী পূৰ্ণিমা । এই ৰাখী পূৰ্ণিমাত ভাতৃ-ভগ্নীৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে ৰাখীবন্ধন উৎসৱ পালন কৰা হয় । ভাতৃ-ভগ্নীৰ পবিত্ৰ সম্পৰ্কৰ প্ৰতীক ৰাখীবন্ধন শনিবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হ'ব ।

ৰাখীবন্ধনৰ তাৎপৰ্য

ভাৰতত বহু দশক ধৰি পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে ৰাখী পূৰ্ণিমা বা ৰাখীবন্ধন । ভাতৃ-ভগ্নীৰ মাজৰ পবিত্ৰ সম্পৰ্ক, দায়িত্ববোধ আৰু নিভাঁজ মৰমক সন্মান জনাই এই উৎসৱ পালন কৰা হয় । হিন্দু পঞ্জিকা অনুসৰি, শাওণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয় । সেয়ে শাওণ মাহৰ পূৰ্ণিমাৰ দিনটোক ৰাখী পূৰ্ণিমা বুলি অভিহিত কৰা হয় ।

Raksha Bandhan 2025
গুৱাহাটীৰ বজাৰ ভৰি পৰিছে বিভিন্ন ডিজাইনৰ ৰাখীৰে (ETV Bharat Assam)

গুৱাহাটীৰ বজাৰত বিভিন্ন প্ৰকাৰৰ ৰাখীৰ পয়োভৰ

ইফালে ৰাখীবন্ধন উপলক্ষে বিভিন্ন ডিজাইনৰ ৰাখীৰে ভৰি পৰিছে বজাৰসমূহ । ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও । মহানগৰীৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচীবজাৰৰ উপৰি চানমাৰি, গণেশগুৰি, বামুণীমৈদাম, ছয়মাইল, শিলপুখুৰী আদি বজাৰ বিভিন্ন প্ৰকাৰৰ ৰাখীৰে ভৰি পৰিছে ।

Raksha Bandhan 2025
বিভিন্ন প্ৰকাৰৰ ৰাখীৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ (ETV Bharat Assam)

ৰাখীৰ বজাৰত কাৰ্টুন ডিজাইনৰ চাহিদা

এইবাৰ ৰাখীৰ বজাৰত কাৰ্টুনৰ ডিজাইন সন্নিৱিষ্ট ৰাখীৰ চাহিদা অধিক বৃদ্ধি পাইছে । আনহাতে, ডিজাইন আৰু প্ৰকাৰ অনুসৰি সৰ্বনিম্ন ৫ টকাৰ পৰা আৰম্ভ কৰি ২০০ টকা পৰ্যন্ত বজাৰত বিক্ৰী হৈছে ৰাখী ।

Raksha Bandhan 2025
গুৱাহাটীৰ বজাৰত বিভিন্ন ডিজাইনৰ ৰাখীৰ পয়োভৰ (ETV Bharat Assam)

ব্যৱসায়ীয়ে কি কয়

ৰাখীৰ বজাৰ সন্দৰ্ভত ফাঁচীবজাৰৰ ব্যৱসায়ীসকলে জনোৱা অনুসৰি, "এইবাৰ কাৰ্টুন ৰাখী আৰু কী-ৰিঙৰ চাহিদা বৃদ্ধি পাইছে । মটু-পটলু, স্পাইডাৰমেন, চিনচেন, লাবুবু, চোটা ভীমকে আদি ধৰি কাৰ্টুন কেৰেক্টাৰবোৰৰ চাহিদা অধিক । তদুপৰি, এইবাৰ চাবিৰ ৰিঙৰ ডিজাইনৰ ৰাখীও বজাৰলৈ আহিছে । সেইবোৰ ৪০ টকাৰ পৰা ১০০ টকালৈকে বিক্ৰী হৈছে ।"

Raksha Bandhan 2025
ৰাখীৰ বজাৰত কাৰ্টুন ডিজাইনৰ পয়োভৰ (ETV Bharat Assam)

আন এগৰাকী ব্যৱসায়ীয়ে জনোৱা মতে, "ৰাখীৰ বজাৰ ঠিকেই আছে । বজাৰত এইবাৰ লাবুবু নামৰ কাৰ্টুনটোৰ আৰ্হিৰ ৰাখীৰ চাহিদা সৰ্বাধিক । ৰাখী বিক্ৰীৰ আৰম্ভণিৰ চাৰিদিনমানৰ ভিতৰতে লাবুবু ৰাখী শেষ হৈ গৈছে । বৰ্তমানো বহু গ্ৰাহক লাবুবু ৰাখী বিচাৰি আহিছে যদিও বজাৰত পোৱা নাই ।"

Raksha Bandhan 2025
বিভিন্ন কাৰ্টুন চৰিত্ৰৰে ভৰি পৰিছে ৰাখীৰ বজাৰ (ETV Bharat Assam)

গ্ৰাহকৰ প্ৰতিক্ৰিয়া

আনহাতে, ৰাখী ক্ৰয় কৰিবলৈ অহা এগৰাকী গ্ৰাহকে কয়, "দাদা-ভাইটিৰ বাবে ৰাখী ক্ৰয় কৰিছোঁ । প্ৰতিবছৰে ফাঁচীবজাৰলৈ আহি ৰাখী ক্ৰয় কৰোঁ । এইবাৰ বিভিন্ন ধৰণৰ ৰাখী বজাৰলৈ আহিছে । তাৰ পৰা পচন্দ অনুসৰি প্ৰয়োজনীয়খিনি ক্ৰয় কৰিছোঁ ।"

Raksha Bandhan 2025
ৰাখীৰ বজাৰত এইবাৰ কাৰ্টুন ডিজাইনৰ চাহিদা অধিক (ETV Bharat Assam)

উল্লেখ্য যে ৰাখীবন্ধন সাধাৰণতে হিন্দী বলয়ৰ ৰাজ্যসমূহত পৰম্পৰাগতভাৱে আৰু ব্যাপকভাৱে চলি আহিছে । বৰ্তমান অসমতো এই ৰাখীবন্ধনৰ উৎসাহ-উদ্দীপনা বৃদ্ধি পাইছে । ৰাখীবন্ধনৰ দিনটোত এগৰাকী ভগ্নীয়ে ভাতৃৰ হাতত ৰাখী বান্ধি দিয়ে আৰু বিনিময়ত ভাতৃয়েও ভগ্নীক উপহাৰ প্ৰদান কৰি সুৰক্ষা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয় ।

লগতে পঢ়ক :চকলেট-কাপোৰ-টকা দিয়াতকৈ এইবাৰ ৰাখীবন্ধনত ভগ্নীক দিয়ক এইসমূহ অনন্য উপহাৰ - RAKSHA BANDHAN 2025
লগতে পঢ়ক :ভুলতেও ভাতৃৰ হাতত নাবান্ধিব এই ৰাখী, কঢ়িয়াই আনিব শুভৰ ঠাইত অশুভ ফল - RAKSHA BANDHAN 2025