ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত জয়ী হ'ব প্ৰদ্যুৎ বৰদলৈ : ৰকিবুল হুছেইন - Rakibul Hussain slams Assam CM
Rakibul Hussain: প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত ৰকিবুল হুছেইন । ৰাজ্যৰ ভিতৰতে ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত প্ৰদ্যুৎ বৰদলৈ জয়ী হ'ব বুলি দাবী ৰকিবুল হুছেইনৰ ।

Published : March 26, 2024 at 8:21 PM IST
নগাঁও, 26 মাৰ্চ : অৱশেষত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন । মঙলবাৰে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ, কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ মনোনয়ন দাখিলৰ সময়ত দুয়োগৰাকী নেতাক সংগ দিয়াৰ পাচত বিয়লি নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰকিবুল হুছেইনে ।
- " class="align-text-top noRightClick twitterSection" data="">
বিয়লি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিৰ লাওখোৱাত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰকিবুল হুছেইনে । নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ৰাজ্যৰ ভিতৰতে ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।
বিগত কিছুদিন ধুবুৰী লোকসভা সমষ্টিত নিজৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা ৰকিবুল হুছেইনে মঙলবাৰে প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ চলাই একালৰ ঘনিষ্ঠ বন্ধু তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনত ভয় আতংকত দিন ৰাতি কটাবলগীয়া হৈছে বুলি চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ।
ড৹ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবলৈ আজমলক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ।
উল্লেখ্য যে, নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচৰা ৰকিবুল হুছেইনে প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক সহযোগ নকৰা বুলি বিভিন্ন মাধ্যমত অব্যাহত আছিল ব্যাপক চৰ্চা । ইয়াৰ মাজতে মঙলবাৰে প্ৰদ্যুৎ বৰদলৈক লগত লৈ গৃহসমষ্টি চামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলালে ৰকিবুল হুছেইনে ।
চামগুৰি সমষ্টিৰ লাওখোৱা ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত কৰ্মী সভাখনত নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক বিপুল আদৰণি জনায় দলীয় নেতা-কৰ্মীয়ে ।
লগতে পঢ়ক: পিতৃ-মাতৃক সেৱা কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে লুৰীণজ্যোতি গগৈয়ে - LOK SABHA ELECTION 2024

