কলিয়াবৰ: ২০১২ চনৰ জুন মাহৰ এটা দুৰ্ঘটনা । সেই অভিশপ্ত দুৰ্ঘটনাটোৱে সলনি কৰি পেলাইছিল এজন যুৱকৰ জীৱন । জীৱন সলনি কৰি পেলোৱা ভয়ানক দুৰ্ঘটনাটোত যুৱকজনে হেৰুৱাৱলগীয়া হৈছিল এখন ভৰি । এক অনাকাংক্ষিত ঘটনা আৰু এনে সময়ত আপোনজনৰ চৰম অৱহেলাত ভাঙি চূৰমাৰ হৈছিল যুৱকজনৰ হৃদয় আৰু সপোনবোৰ ।
হয়তো এনে ঘটনা আপোনাৰ মোৰ জীৱনত ঘটিলে তাৰ পৰা এক সুস্থিৰ জীৱনলৈ প্ৰত্যাৱৰ্তন সহজ নহ'লহেতেন । কিন্তু এনে চৰম প্ৰত্যাহ্বান নেওচি মৃত্যুমুখৰ পৰা উভতি আহিছিল যুৱকজন । এখন ভৰি চিৰদিনৰ বাবে হেৰুৱায়ো প্ৰতিবন্ধকতাৰ ওচৰত সেও নামানিলে যুৱকজনে । কৃত্ৰিমভাৱে সংস্থাপিত এখন ভৰি আৰু এখন চাইকেলক সাৰথি কৰি নিজকে কৰি তুলিলে জীৱনযুদ্ধৰ এগৰাকী দুঃসাহসী সৈনিক ।
আজি শাৰীৰিক বাধাও যাৰ বাবে হেঙাৰ নহয়, তেওঁ হৈছে ৰাকেশ বণিক । নগাঁও জিলাৰ কলিয়াবৰৰ আমবাগানৰ ৩৯ বছৰীয়া ৰাকেশ বণিক । আজি তেওঁৰ পৰিচয় ৰাজ্যৰ লগতে দেশ-বিদেশতো । আজি ৰাকেশ বণিকৰ পৰিচয় অসমৰ এজন বিখ্যাত পেৰাচাইক্লিষ্ট হিচাপে । এটা দুৰ্ঘটনাই সমাজত চিনাকি দিয়া পেৰাচাইক্লিষ্ট ৰাকেশে চাইকেলেৰে পৰিভ্ৰমণ কৰিছে দূৰ-দূৰণি, অতিক্ৰম কৰিছে দুৰ্গম বাট-পথ । বিশ্বৰ নানা ঠাইতে তেওঁ উৰুৱাইছে অসমৰ গৌৰৱধ্বজা ।
২০১৬ চনত বিশ্বৰ আটাইতকৈ ওখ পথ লাডাখৰ খাৰডুংগলাত চাইকেল চলোৱাই হওক বা ২০১৮ চনত থাইলেণ্ডৰ ৰাজধানী বেংককৰ পৰা গুৱাহাটীলৈ ৪৫০০ কিলোমিটাৰৰ চাইকেল যাত্ৰা, গঁড় তথা বন্যজন্তু সুৰক্ষা প্ৰদানৰ বাৰ্তাৰে কেইবাটাও পৰ্যায়ত প্ৰায় ২১ হাজাৰ কিঃমিঃ পথ এখন ভৰিৰে চাইকেল চলাই জগত জিনিছে ৰাকেশ বণিকে ।
এইদৰে বিশ্ব দৰবাৰত অসমৰ গৌৰৱধ্বজা উৰুৱাই খ্যাতি অৰ্জন কৰা পেৰাচাইক্লিষ্ট ৰাকেশ বণিকৰ নতুন অভিযান, লক্ষ্য— মস্কো । এইবাৰ ভল্গাৰ পৰা ব্ৰহ্মপুত্ৰলৈ সাতখন দেশৰ মাজেৰে ৰাকেশৰ ৯০০০ কিঃমিঃ জোৰা দুঃসাহসিক অভিযান । অসমৰ পৰ্যটন, কলা-সংস্কৃতিৰ প্ৰচাৰৰ লক্ষ্যৰে মস্কোৰ পৰা যাত্ৰা আৰম্ভ কৰি গুৱাহাটীলৈ প্ৰায় চাৰিমাহ ৰাকেশে চলাব চাইকেল ।

অসমৰ পৰ্যটন আৰু কলা-সংস্কৃতি প্ৰচাৰৰ লক্ষ্যৰে ৰাছিয়াৰ মস্কোৰ পৰা গুৱাহাটীলৈ চাইকেল যাত্ৰা । অসমীয়া কলা-সংস্কৃতি আৰু অসমৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ বিদেশী লোকক আমন্ত্ৰণ জনোৱাৰ লগতে পৰ্যটনৰ প্ৰচাৰ-প্ৰসাৰ কৰাৰ লক্ষ্যৰে ৰাছিয়াৰ মস্কোলৈ চাইকেল যাত্ৰাৰ বাবে সাজু হৈছে পেৰাচাইক্লিষ্ট ৰাকেশ বণিক ।
এপ্ৰিলৰ প্ৰথম সপ্তাহত ৰাকেশে আৰম্ভ কৰিব এই অভিযান । এখন ভৰিৰে ৭ খন দেশ চাইকেলেৰে যাত্ৰা কৰিবলৈ সাজু কলিয়াবৰৰ ৰাকেশ বণিকে লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগিতা । ৰাকেশৰ এই যাত্ৰাৰ ফ্লেগ্ অফ্ কৰাৰ আশ্বাসো দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ৰাকেশৰ অদম্য মনোবলৰ এজন প্ৰশংসক ।
Rakesh Banik was one among the host of people I met today in my office.
— Himanta Biswa Sarma (@himantabiswa) March 17, 2025
He is an industrious para-athlete who plans to promote Assam by cycling from the UK to India.
Such perseverance and dedication among our youth will fuel the Assam Growth Story in years to come. pic.twitter.com/84PP32sJCr
৭ খন দেশৰ প্ৰায় ৯০০০ কিঃমিঃ পথ এখন ভৰিৰে চাইকেল চলাই যাত্ৰা কৰিবলৈ সাজু ৰাকেশ পেৰাচাইক্লিষ্ট । নিজৰ লক্ষ্য পূৰণৰ বাবে ১২০ দিনৰ এই যাত্ৰাপথত ৰাছিয়া আৰু ভাৰতৰ বাহিৰে কাজাখস্তান, কিৰগিজস্তান, চীন আৰু নেপালৰ মাজেৰে আগুৱাই যাব ৰাকেশৰ এই অভিযান । যাৰ বাবে এতিয়া দৈনিক অনুশীলনত ব্যস্ত ৰাকেশ ।
ৰাকেশে এই সন্দৰ্ভত কয়, “এইবাৰ যিটো বাইচাইকেল এক্সপিডিচন কৰিবলৈ ওলাইছো, সেইটো মস্কোৰ পৰা ভাৰতলৈকে । এইটো অসমৰ সমৃদ্ধ পৰ্যটন, কলা-সংস্কৃতিক বিশ্ববাসীক সমুখত দাঙি ধৰাৰ প্ৰয়াস । প্ৰায় দহ হাজাৰ কিল'মিটাৰ পথ মই চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিম বুলি ভাবিছোঁ । এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়লৈ পঠিওৱা এক বাৰ্তাত সঁহাৰি জনাই মোক ব্যক্তিগভাৱে লগ ধৰি এই যাত্ৰাত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে । ইতিমধ্যে প্ৰস্তুতিৰ বাবে এক আৰ্থিক সাহায্যও চৰকাৰৰ তৰফৰ পৰা মোকলাই দিছে । গুৱাহাটীৰ পৰা ফ্লেগ্ অফ কৰাৰো আশ্বাস মুখ্যমন্ত্ৰী মহোদয়ে দিছে ।”
আজি পৰ্যন্ত কেবাটাও সফল চাইকেল অভিযানেৰে নিজৰ অটুট মনোভাৱৰ পৰিচয় দিয়া ৰাকেশৰ মতে তেওঁৰ এক ডাঙৰ উপলব্ধি হৈছে এশিঙীয়া গঁড় নিধনৰ বিৰোধিতাৰে জনসচেনতা বৃদ্ধিৰ বাবে বেংককৰ পৰা অসমলৈ কৰা তেওঁৰ চাৰি হাজাৰ পাঁচশ কিলোমিটাৰৰ যাত্ৰাটো । এই যাত্ৰাটোত তেওঁ চাইকেলেৰে পৃথিৱীৰ বত্ৰিশখন মহানগৰ অতিক্ৰম কৰিছিল । ২০১৬ চনত অসমৰ বানপীড়িতসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অৰ্থ সাহায্যৰ দাবীৰে বণিকে দিল্লীৰ ইণ্ডিয়া গেটলৈকে চাইকেল যাত্ৰা কৰিছিল ।

চাইক্লিঙৰ সন্দৰ্ভত ৰাকেশে কয়, “২০১৫ চনৰ পৰাই চাইক্লিং কৰি আছো । এতিয়ালৈকে ভিন্ন অভিযান, লক্ষ্য লৈ প্ৰায় ২১ হাজাৰ কিল'মিটাৰ চাইক্লিং কৰিছো । যোৱা সময়ছোৱাত বেংককৰ পৰা গুৱাহাটীলৈ চাইক্লিং কৰিছিলো । যিটো অভিলেখ অক্ষত অৱস্থাতেই আছে । এনে এক যাত্ৰাত প্ৰত্যাহ্বান আছেই, এই প্ৰত্যাহ্বান নেওচিব বিচাৰিছো । যিহেতু মোৰ এখন ভৰি নাই । এটা দুৰ্ঘটনাৰ পিছত মই মৃত্যুক অতি ওচৰৰ পৰা পাইছো । গতিকে, যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ সাজু ।”
এতিয়া পেৰাচাইক্লিষ্ট ৰাকেশ বণিক সকলোৰে বাবে চিনাকি নাম । এসময়ত যাৰ কোনো পৰিচয় নাছিল । কিন্তু জীৱনৰ ঘাত-প্ৰতিঘাত নেওচি জীৱনযুদ্ধত হাৰ নমনা ৰাকেশ বণিক আজি সকলোৰে বাবে আদৰ্শ, অনুপ্ৰেৰণাৰ এক উৎস । বিশেষকৈ যুৱ-প্ৰজন্মৰ মাজত ৰাকেশৰ এক সুকীয়া পৰিচয় আছে । সততে হতাশ হোৱা আজিৰ যুৱ সমাজে ৰাকেশৰ পৰা শিকিছে বহু কথা ।
যি নতুন উদ্যমেৰে জীৱন কেৱল নিজৰ বাবেই নহয়, আনৰ বাবে, সমাজৰ বাবেও বুলি উপলব্ধি কৰিছে ৰাকেশৰ পৰা । শেহতীয়াকৈ দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনত নিৰ্বাচন আয়োগৰ ‘ষ্টেট আইকন’ সন্মানেৰে সন্মানিত ৰাকেশে দায়িত্ব পালন কৰি যুৱ প্ৰজন্মক গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বানো জনাইছিল ।
এক অনুপ্ৰেৰণাৰ উৎসৰূপে ঠিয় হোৱা ৰাকেশে এদিন এক ভয়ংকৰ পথ দুৰ্ঘটনাত চিৰদিনৰ বাবে এখন ভৰি হেৰুৱাইছিল । এক ভয়ানক জীৱনৰ শংকাত চিকিৎসালয়ৰ বিচনাত জীৱনযুদ্ধ কৰা ৰাকেশে আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু অৱশেষত হাৰ নামানি আৰম্ভ কৰিলে নতুন জীৱন । পৰৱৰ্তী সময়ত ৰাকেশে কৃত্ৰিম ভৰি সংস্থাপনৰে আৰম্ভ কৰিছিল নতুন যাত্ৰা । দেশে-বিদেশে এখন ভৰিৰে চাইকেল চলাই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ নাম উজ্বলাই পেৰাচাইক্লিষ্ট ৰাকেশ বণিক নামেৰে পৰিচিত হ'ল ।