ETV Bharat / state

মাজুলী-যোৰহাট দলংখন নহয় ! অখিল গগৈক হেনো জনাই দিছে জ্যেষ্ঠ মন্ত্ৰীয়ে

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মাজুলীত উপস্থিত হৈ যোৰহাট সংযোগী দলঙক লৈ দিলে ভৱিষ্যদ্বাণী ।

Akhil Gogoi
মাজুলী-যোৰহাট সংযোগী দলং নহয়: অখিল গগৈ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 30, 2025 at 7:43 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: মাজুলী-যোৰহাট সংযোগী দলঙক লৈ গুৰুত্বপূৰ্ণ মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ । অখিল গগৈয়ে দাবী কৰা মতে এই দলংখন হৈ নুঠেগৈ । বিজেপিৰ জ্যেষ্ঠ মন্ত্ৰীৰ উদ্ধৃতি দি তেওঁ কয়, "মোক বিজেপিৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে কৈছে যোৰহাট-মাজুলী সংযোগী দলং আৰু নহয় । মাজুলীৰ মানুহে লোকসভা নিৰ্বাচনত আমাক বেছি ভোট নিদিলে, যোৰহাটৰ মানুহে আমাক ভোট নিদিলে । সেই কাৰণে আমি কিয় দলং দিম । আমি উঠাই লৈ গ'লো । মন্ত্ৰীজনে মোক তেনেকৈ ক'লে ।"

অখিল গগৈয়ে লগতে কয় যে ভোট নোপোৱাৰ বাবে বা বিজেপিৰ প্ৰাৰ্থী পৰাজিত হোৱাৰ বাবে যদি দলঙৰ কাম বন্ধ কৰি দিয়ে তেনেহ'লে ইয়াতকৈ আৰু নিকৃষ্ট ৰাজনীতি একো হ'ব নোৱাৰে । তেওঁ অসমৰ মুখ্যমন্ত্ৰীক লেতেৰা আৰু প্ৰতিশোধ পৰায়ণ ৰাজনীতি এৰিবলৈ আহ্বান জনায় ।

মাজুলী-যোৰহাট সংযোগী দলং নহয়: অখিল গগৈ (ETV Bharat)

অখিল গগৈয়ে কয়, "আজি বিজেপি চৰকাৰে ইচ্ছাকৃতভাৱে, ষড়যন্ত্ৰমূলকভাৱে, মাজুলীৰ মানুহক শিক্ষা দিবৰ কাৰণে, যোৰহাট লোকসভাৰ মানুহক অপকাৰ কৰিবলৈ আৰু উজনিৰ মানুহক দিগদাৰ দিবলৈ এই দলংখন বন্ধ কৰিলে ।" তেওঁ অসমৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক শীঘ্ৰে দলংখনৰ কাম আৰম্ভ কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে দেওবাৰে মাজুলীত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ । পুৱা আফলামুখ ফেৰীঘাটেৰে মাজুলীত উপস্থিত হৈ প্ৰথমে যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে ।

বিজেপিৰ বিভিন্ন হিতাধিকাৰী আঁচনি সন্দৰ্ভতো মন্তব্য কৰে অখিল গগৈয়ে । তেওঁ অভিযোগ কৰে যে বিজেপিয়ে অৰুণোদয়ক সম্পূৰ্ণৰূপে বিজেপিকৰণ কৰিছে আৰু দুখীয়াৰ পৰিৱৰ্তে দুমহলীয়া অট্টালিকা থকা মহিলাক অৰুণোদয় দিছে । তেওঁৰ মতে অৰুণোদয়ৰ কেলেংকাৰীৰ বাবে এইবাৰ বিজেপি পৰাজিত হ'ব ।

ইফালে মিত্ৰতা সন্দৰ্ভত অখিল গগৈয়ে কয়, "এইবাৰ খুব ভালকৈ মিত্ৰতাৰ কাম হ'ব । মিডিয়া নোহোৱাকৈ কথা আৰম্ভ কৰিছো আমি । মিডিয়াৰ কাৰণে প্ৰস্তাৱ সোনকালে ল'ব লগা হয় । সৰু কাজিয়া এখন মিডিয়াই ডাঙৰ কৰে । আমি '২৬ৰ নিৰ্বাচনৰ আগত আকৌ একলগ হ'ম আৰু বিজেপি দলক পৰাজিত কৰিম । পবিত্ৰ ভূমি মাজুলীত মই আপোনালোকক কথা দিছো আমি বিৰোধী ঐক্যমঞ্চ একলগ হ'ম ।"

লগতে পঢ়ক :এইবাৰ বিজেপিৰ দখলত থকা আসনত নিৰ্বাচন খেলিব অগপই; ক'লে ফণীভূষণ চৌধুৰীয়ে - MP PHANI BHUSAN CHOUDHURY