বিজেপিত ছিণ্ডিকেট কৰা দগাবাজ কেইটাহে থাকিব : অখিল গগৈ - Raijor Dal
MLA Akhil Gogoi : বিজেপি দলটোত সৎ কৰ্মীসকল নাইকীয়া হৈ যাব, দলটোৰ ভিতৰত দুই নম্বৰী, ছিণ্ডিকেট কৰা, দগাবাজ কেইটাহে থাকিব বুলি মন্তব্য বিধায়ক অখিল গগৈৰ ৷ শিৱসাগৰৰ নামতিত ৰাইজৰ দলৰ এক যোগদান সভাত অংশগ্ৰহণ কৰি এই মন্তব্য বিধায়কগৰাকীৰ ৷

Published : July 12, 2024 at 10:32 PM IST
আমগুৰি, 12 জুলাই : "বিজেপি দলৰ যি সকল নিষ্ঠাৱান কৰ্মী সেই সকলোৱে দল ত্যাগ কৰিব খুজিছে ৷ বিজেপি দল এতিয়া খালী হৈ যাব ৷ কেৱল ছিণ্ডিকেট কৰা মাষ্টৰ কেইটা, দুই নম্বৰী কৰা ৰাজনীতিক, একেবাৰে বদমাচ মানুহকেইটাহে বিজেপিত থাকিব ৷ বিজেপি দলটোত সৎ কৰ্মীসকল নাইকীয়া হৈ যাব, দলটোৰ ভিতৰত দুই নম্বৰী, ছিণ্ডিকেট কৰা, দগাবাজকেইটাহে থাকিব ৷" শিৱসাগৰৰ নামতিত ৰাইজৰ দলৰ এক যোগদান সভাত অংশগ্ৰহণ কৰি এই মন্তব্য বিধায়ক অখিল গগৈৰ ৷
আজি আমগুৰিৰ নামতিত ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা দলটোৰ সভাপতি অখিল গগৈয়ে ৷ আজিৰ এই যোগদান সভাত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেবাজনো জিলা পৰ্যায়ৰ নেতাই ৰাইজৰ দলত যোগদান কৰে ৷ শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নামতিৰ জোলা গাঁৱত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি অখিল গগৈয়ে বিজেপি দলক সাম্প্ৰদায়িক দল আখ্যা দি বিজেপিত শীঘ্ৰেই ভাঙোন আৰম্ভ হ'ব বুলি কয় ৷ বিজেপিৰ প্ৰাক্তন জিলা সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ড৹ ভৱেন মহন আৰু শদিয়া জিলাৰ প্ৰাক্তন সভাপতি তথা ধেমাজিৰ প্ৰভাৰী যুধিষ্ঠিৰ গগৈয়ে ৰাইজৰ দলত শীঘ্ৰেই যোগদান কৰাৰ বিষয়ে ব্যক্ত কৰে অখিল গগৈয়ে ৷
যোগদান কাৰ্যসূচীত অসম যুৱ পৰিষদৰ আমগুৰি বিধানসভা সমষ্টিৰ (বিলুপ্ত) প্ৰাক্তন সাংগঠনিক সম্পাদক মিনহাজ ইছলাম,অসম যুৱ পৰিষদ আমগুৰি সমষ্টিৰ প্ৰাক্তন সভাপতি জিতু লাহন, অসম যুৱ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক সীমান্ত বৰা, এজেপিৰ জিলা সভাপতি জাকিৰ হুছেইন, মানস গগৈ, মাধুৰ্য গগৈ, দীপক লাহন, দীপজ্যোতি গগৈ, বেদ গগৈ, অম্লান জ্যোতি গগৈ, মানৱ বৰাসহ তিনি শতাধিকে ৰাইজৰ দলত যোগদান কৰে ৷ সভাত বিধায়ক অখিল গগৈয়ে ৰাষ্ট্ৰীয় দলৰ পৰিৱৰ্তে আঞ্চলিক দলক শক্তিশালী কৰিবলৈ ৰাইজক আহ্বান জনায় ৷ 2026 ৰ নিৰ্বাচনত ৰাইজৰ দলে 15 ৰ পৰা 20 টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি উল্লেখ কৰি 2031 ৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দল শাসনলৈ আহিব বুলিও কয় অখিল গগৈয়ে ৷
লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ১১ মাহেই হিন্দু-মুছলমানৰ ৰাজনীতিক লৈ ব্যস্ত থাকে : অখিল গগৈ - Assam Flood 2024

