ETV Bharat / state

বুধবাৰে ৰাভা হাছং পৰিষদীয় নিৰ্বাচন: ভোটকেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া

ভোটগ্ৰহণ ই ভি এমৰ পৰিৱৰ্তে বেলট কাকতত অনুষ্ঠিত হব ।

Rabha Hasong elections 2025
ৰাভা হাছং পৰিষদীয় নিৰ্বাচন: ভোটকেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 1, 2025 at 3:00 PM IST

2 Min Read
Choose ETV Bharat

গোৱালপাৰা: বুধবাৰে অনুষ্ঠিত হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন । স্বায়ত্ত পৰিষদখনৰ ২০টা পৰিষদীয় সমষ্টিৰ বাবে নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৩৬২টা ভোট কেন্দ্ৰত । তাৰ বাবে মঙলবাৰে প্ৰিজাইডিং বিষয়াসহ অন্যান্য় নিৰ্বাচনী বিষয়াসকল নিজা নিজা ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে ।

উল্লেখ্য যে এই নিৰ্বাচনৰ ভোটগ্ৰহণ ই ভি এমৰ পৰিৱৰ্তে বেলট কাকতত অনুষ্ঠিত হব । গোৱালপাৰা জিলাৰ অন্তৰ্গত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুঠ ২০ টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'বলগা ভোটগ্ৰণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে গোৱালপাৰা জিলা প্ৰশাসন ।

ৰাভা হাছং পৰিষদীয় নিৰ্বাচন (ETV Bharat Assam)

আনহাতে, বুধবাৰে অনুষ্ঠিত হ'বলগীয়া ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ বাবে মঙলবাৰে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত থকা বহুমুখী ভৱনৰ পৰা ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনী বিষয়াসকল । গোৱালপাৰা জিলাৰ মুঠ ২০টা ৰাভা হাছং পৰিষদীয় সমষ্টিৰ ৩৬২ টা ভোটকেন্দ্ৰলৈ নিৰ্বাচনী বিষয়াসকল ৰাওনা হৈছে ।

ইতিমধ্যে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয় চৌহদত থকা বহুমুখী ভৱনৰ পৰা জিলা প্ৰশাসনে ব্যৱস্থা কৰা বাছেৰে ৩৬২ গৰাকী প্ৰিজাইডিং বিষয়া ৰাওনা হৈছে নিজা নিজা ভোটকেন্দ্ৰসমূহলৈ ।

উল্লেখ্য যে গোৱালপাৰা আৰু কামৰূপ জিলাৰ মুঠ ৩৬ টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন । ইয়াৰে ভিতৰত গোৱালপাৰা জিলাত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ২০ টা পৰিষদীয় সমষ্টি হৈছে ধূপধৰা, কোঠাকুঠী, ধনুভঙা, ৰংজুলি, কুশধোৱা-দৰংগিৰি, উত্তৰ দুধনৈ, দক্ষিণ দুধনৈ, বান্দৰ্শী, মাজ জাখেলি, শালপাৰা, হাবৰাঘট, ডিৰ্মা জাখলি, পূব অজগৰ, জিনাৰী, আগিয়া, দ্বাৰকা, বৰদামাল-কল্যাণপুৰ, দাৰিদুৰি, দ'দান আৰু জয়ৰামকুছি ।

বুধবাৰে অনুষ্ঠিত হ'বলগীয়া এই ২০ টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত মুঠ ২,৫৪,৬,৪৪ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ২০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য । ইয়াৰে ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ১,২৩,২৫৯ গৰাকী । আনহাতে, মহিলা ভোটাৰৰ সংখ্যা হৈছে ১,৩১,৩৭৪ গৰাকী আৰু তৃতীয় লিংগ ভোটাৰৰ সংখ্যা হৈছে ১১ গৰাকী । সৰ্বমুঠ ২,৫৪,৬৪৪ গৰাকী ভোটাৰে ৰাভা হাচং নির্বাচনত গোৱালপাৰা জিলাত ভোটদান কৰিব ।

উল্লেখ্য যে এই ২০ টা পৰিষদীয় সমষ্টিৰ ভাতৰত জয়ৰামকুছি পৰিষদীয় সমষ্টিৰ পৰা ৰাভা হাছং সংগ্ৰাম সমিতিৰ সমৰ্থিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰেমাজুলি ৰাভাই ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত কৰিছে ।

লগতে পঢ়ক :ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ বিশেষ তৎপৰতা বিজেপি মিত্রজোঁটৰ - RABHA HASONG AUTONOMOUS COUNCIL
লগতে পঢ়ক :কংগ্ৰেছে ৰাভা হাছঙত ভোট বিচৰাতকৈ বাংলাদেশলৈ গৈ ভোট বিচাৰক: মুখ্যমন্ত্ৰী - RHAC ELECTION