ETV Bharat / state

আজি অধিবাসেৰে দক্ষিণপাট সত্ৰত আৰম্ভ ৰাসলীলাৰ কাৰ্যসূচী

আজিৰ পৰা মাজুলীৰ একাংশ মঞ্চত শুভাৰম্ভ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা ৷ মাজুলীৰ ৰাস চাবলৈ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সোঁত বৈছে ৰাইজৰ ৷

Raas mahotsav in Majuli
অৰ্ধ শতাধিক ৰংগমঞ্চত ৰাসলীলা অনুষ্ঠিত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 14, 2024 at 2:05 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী : ‘‘শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন । ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন ।’’ লক্ষ্মী পূৰ্ণিমাৰ মাজুলীৰ সত্ৰসমূহৰ লগতে অৰ্ধশতাধিক মঞ্চত পৰম্পৰাগতভাৱে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা ‘‘নাট মেলা পৰ্ব’’ আৰম্ভ হয় । মাজুলীৰ ১২ খনকৈ সত্ৰৰ লগতে অৰ্ধ শতাধিক ৰংগমঞ্চত ৰাসলীলা অনুষ্ঠিত হ’ব ।

কাইলৈ পৰা যদিও ৰাস মহোৎসৱ ভাগি আয়োজন হ’ব ৷ কিন্তু আজিৰ পৰাই জিলাখনৰ একাংশ ৰাস উদযাপন সমিতিয়ে ৰাসলীলা অনুষ্ঠিত কৰিব । ১৮৫ বছৰীয়া পৰম্পৰাৰে মাজুলীৰ ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰত আজিৰ পৰা ৰাস মহোৎসৱ আৰম্ভ হ’ব ৷ লাখ-লাখ ভকত বৈষ্ণৱক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে মাজুলীৰ ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰ ৷

শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা (ETV Bharat Assam)

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে কয়, ‘‘ৰসময় কৃষ্ণ দেৱৰ যি লীলা সেয়াই হ’ল ৰাস ৷ এই ৰাস দক্ষিণপাট সত্ৰৰ প্ৰতিষ্ঠা কালৰ পৰাই চলি আহিছিল যদিও ঐতিহ্যমণ্ডিত সত্ৰখনৰ দশমজন সত্ৰাধিকাৰ বাসুদেৱ প্ৰভুৱে বৰ্তমানৰ নাটক খন ৰচনা কৰিছিল । য’ত কৃষ্ণ জন্মৰ পৰা অৰিষ্টাসুৰ বধলৈকে নাটকখনত সন্নিৱিষ্ট হৈ আছে ৷ আমাৰ সত্ৰত আজি অধিবাস । ১৫ নৱেম্বৰত মূল ৰাসৰ অভিনয় আৰু তৃতীয় দিনা ইন্দ্ৰাভিশেষ বা দিন ৰাস বুলি কোৱা হয় আৰু সেইদিনাই ৰাসৰ সামৰণি পৰিব ৷’’

লগতে পঢ়ক : বৰ্ণাঢ্য আয়োজনেৰে হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

সত্ৰাধিকাৰগৰাকীয়ে আৰু কয়, ‘‘এই বৰ্ষত আমি ১৮৫ সংখ্যক ৰাস উৎসৱ উদযাপন কৰিবলৈ দিহা কৰিছো । সকলো ধৰ্মপ্ৰাণ ৰাইজক ঐতিহ্যমণ্ডিত ৰাস উৎসৱলৈ আদৰনি জনাইছো ৷ কৃষ্ণ প্ৰেমত আপ্লুত হৈ দেশৰ অসুয়া-অশান্তি যাতে নাশ হৈ সুস্থ-সৱল সমাজ আমি লাভ কৰিব পাৰো, তাকেই বৃন্দাবন চন্দ্ৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো বুলি উল্লেখ কৰে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে ।’’

Raas mahotsav in Majuli
শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা (ETV Bharat Assam)

ইফালে মাজুলীলৈ ৰাস উপলক্ষে বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ সোঁত বোৱা দেখিবলৈ পোৱা গৈছে ৷ মাজুলী জিলা প্ৰশাসনে ইতিমধ্যেই মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাস উৎসৱৰ স্থান আৰু ৰাসমঞ্চসমূহত ডেৰ লক্ষাধিক মাটিৰ চাকিৰে উজলাই তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : ৰাসলীলা: মাজুলীত এজাক শিশুৰ প্ৰাণোচ্ছল ব্যস্ততা, ধেমাজিত কংস-দৈৱকীৰ আখৰা