ৰাস পালেহিয়েই...দৰ্শকক নতুন ধৰণে চমক দিবলৈ সাজু মাজুলীৰ অৰ্ধশতাধিক ৰাস মঞ্চ
Raas in Majuli: ৰাস আয়োজকৰে মাজুলীৰ আয়ুক্ত-বিধায়কৰ বৈঠক, পূৰ্বতকৈ অধিক আকৰ্ষণীয় কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান ।

Published : October 23, 2024 at 12:04 PM IST
মাজুলী: ৰাস উৎসৱৰ মূৰ্চ্ছনাত বিলীন সত্ৰপীঠ মাজুলী । খোল-তাল, বাঁহীৰ সুৰ, ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত নদী দ্বীপ মাজুলী । ৰাস উদযাপনৰ বাবে সাজু হৈছে মাজুলীৰ সত্ৰ আৰু মঞ্চসমূহ । ১২ খন সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত অনুষ্ঠিত হ'ব ৰাস । মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত এতিয়া ব্যস্ততা বাঢ়িছে শিল্পীসকলৰ লগতে ৰাসৰ লগত জড়িত লোকসকলৰ ।
মাজুলীৰ আগন্তুক ৰাস মহোৎসৱক লৈ মঙলবাৰে মাজুলীৰ জিলা আয়ুক্তৰ সভা কক্ষত এখন সভা অনুষ্ঠিত হয় । এই সভাখনত জিলাখনৰ ৰাস অনুষ্ঠিত কৰিবলগীয়া সত্ৰসমূহৰ লগতে ৬৪ খন ৰাস মঞ্চৰ বিষয়ববীয়াৰ লগত জিলা আয়ুক্ত, বিধায়ক ভুৱন গাম আৰু জিলাখনৰ প্ৰতিটো বিভাগৰ প্ৰতিনিধি উপস্থিত থাকি আগন্তুক ৰাস উদযাপনৰ সম্পৰ্কত আলোচনা কৰে ।
এই সভাখনত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও উপস্থিত থাকে । সভাখনত এইবছৰ ৰাস কেনেদৰে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰি, ৰাসৰ দৰ্শনাৰ্থী সকলক কেনেদৰে আন বছৰতকৈ অধিক আকৰ্ষণ কৰাৰ কৌশল প্ৰয়োগ কৰা হ’ব, যাতায়ত ব্যৱস্থা কিদৰে সুচল কৰিব পাৰি এই বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ।
সকলো মাজুলীবাসীক ঘৰৰ সন্মুখত ৰাসৰ তিনিদিন বন্তি প্ৰজ্বলনৰ বাবে এই সভাৰ পৰা আহ্বান জনোৱা হয় । লগতে মাজুলীৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত বন্তি প্ৰজ্বলন কৰি সজাই পৰাই তোলাৰ ব্যৱস্থা কৰা হ'ব । ইফাল, ৰাস মহোৎসৱৰ আগতেই মাজুলী কমলাবাৰীৰ মাজত বন্ধ হৈ থকা ফেৰী চলাচলৰ সুবিধা হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিধায়ক ভুবন গামে কয় ।
পাচঁটা সমষ্টিতে জয়ী হ'ব বিজেপি: তাছা
ইফালে সাংবাদিকে উপ-নিৰ্বাচন সন্দৰ্ভত প্ৰশ্ন কৰাত তাৰো উত্তৰ দিয়ে সাংসদ কামাখ্যা তাছাই ৷ উপ-নিৰ্বাচনৰ পাঁচটা সমষ্টিতে এতিয়া শাসক-বিৰোধী সকলোৱে প্ৰচাৰ আৰম্ভ কৰিছে । এই উপ-নিৰ্বাচনত পাঁচাটা সমষ্টিতে বিজেপিয়ে জয়ী হ'ব বুলি মন্তব্য কৰিছে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই । মঙলবাৰে মাজুলীত সাংসদগৰাকীয়ে কয়, "ৰাইজ এতিয়া সচেতন হৈছে । হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ উন্নয়নৰ পথত আগবাঢ়ি গৈছে, যাৰ বাবে উন্নয়নৰ কাৰণে বিজেপিক ৰাইজে ভোট দিব ।"
ইফালে, চামগুৰি সমষ্টিক লৈ সাংসদগৰাকীয়ে কয় "এই সমষ্টিতো আমি জয়ী হম, কিয়নো ৰাইজে উন্নয়ন বিচাৰে আৰু বিৰোধীক জয়ী কৰাই উন্নয়ন স্থবিৰ হোৱাটো ৰাইজে নিবিচাৰে ।" তেওঁ লগতে কয়, "বিহালীত আমাৰ জয় নিশ্চিত, কাৰণ বিৰোধীয়ে এতিয়াও উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী দিব পৰা নাই । "

