ETV Bharat / state

মাজুলীত উপস্থিত হৈ শৈশৱৰ সপোন পূৰণ কৰিলে মহাৰাণী ৰাজশ্ৰী দেৱীয়ে

ওড়িশাৰ মহাৰাণী ৰাজশ্ৰী দেৱীৰ লগত মাজুলীত ১০০জনীয়া পৰ্যটকৰ দল ।

Queen Of Odisha in Majuli
মাজুলীত ওড়িশাৰ মহাৰাণী ৰাজশ্ৰী দেৱী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 27, 2025 at 7:32 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: সত্ৰনগৰী মাজুলীত আজি উপস্থিত হয় এগৰাকী মহাৰাণী । শৈশৱৰে পৰাই নদী-দ্বীপ মাজুলীৰ বিষয়ে জ্ঞাত হোৱাত এই স্থানলৈ অহাৰ সপোন পুহি ৰাখিছিল এইগৰাকী মহাৰাণীয়ে । মাজুলীৰ কৃষ্টি-সাংস্কৃতিৰ লগতে নৈসৰ্গিক দৃশ্য়ৰ প্ৰতি আকৃষ্ট এইগৰাকী মহাৰাণীৰ আগমনত উৎফুল্লিত হৈ পৰে সত্ৰনগৰীৰ লোকসকল ।

মাজুলীৰ কৃষ্টি- সাংস্কৃতি, পৰিবেশ তথা সত্ৰসমূহ দৰ্শন কৰিবলৈ সোমবাৰে মাজুলীত উপস্থিত হয় ওড়িশাৰ মহাৰাণী ৰাজশ্ৰী দেৱী । মাজুলীলৈ ওড়িশাৰ মহাৰাণী ৰাজশ্ৰী দেৱীৰ লগত আহিছে প্ৰায় ১০০জনীয়া এটি দেশী পৰ্যটকৰ দল । নতুন চামগুৰি সত্ৰৰ মুখা কলা দেখি অভিভূত হৈ পৰে মহাৰাণীগৰাকী ।

মাজুলীত ওড়িশাৰ মহাৰাণী ৰাজশ্ৰী দেৱী (ETV Bharat Assam)

মাজুলীৰ নতুন চামগুৰি সত্ৰৰ ডেকাসত্ৰীয়া পদ্মশ্ৰী ড৹ হেমচন্দ্ৰ গোস্বামীয়ে এখন মুখা উপহাৰ দিয়ে মহাৰাণী ৰাজশ্ৰী দেৱীক । ৰাজশ্ৰী দেৱীয়ে আজিৰ দিনটোত মাজুলীৰ কৃষ্টি-সংস্কৃতি, সত্ৰীয়া নৃত্য উপভোগ কৰাৰ উপৰি সত্ৰ দৰ্শন কৰি আবেলি ফেৰীৰে মাজুলীৰ পৰা উভতি যায় । মাজুলীলৈ আহি মাজুলীৰ কলা-সংস্কৃতি, মাজুলীৰ পৰিবেশ দৰ্শন কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা বুলি মন্তব্য় কৰি মহাৰাণীয়ে কয়, "মাজুলীলৈ আহি খুউব ভাল লাগিছে । আমাৰ পূৰ্ব পুৰুষসকলৰ কলা সজীৱ কৰি ৰাখিছে । মুখা দেখি মই অতিকৈ আনন্দিত হৈছো ।"

চামগুৰি সত্ৰৰ লগতে ভোগপুৰ সত্ৰ, দাক্ষিণপাট সত্ৰ দৰ্শন কৰে মহাৰাণীগৰাকীৰ লগত অহা পৰ্যটকৰ দলটোৱে । ইয়াৰ পিছত কমলাবাৰীত নদীৰ পাৰত নিৰিবিলি পৰিবেশত মাজুলীৰ থলুৱা খাদ্যৰ জুঁতি লয় দলটোৱে । ইফালে, মহাৰাণীৰ লগত অহা এগৰাকী পৰ্যটকে কয়, "কিতাপত পঢ়ি থকা মাজুলীলৈ আহিবলৈ পায় সুখী অনুভৱ কৰিছো ।"

লগতে পঢ়ক:খোল-তাল-শংখৰ ধ্বনিৰ মাজত মহাকুম্ভ মেলাত গুৰুজনাৰ আসন প্ৰতিষ্ঠা - NAMGHAR AT MAHA KUMBH