ETV Bharat / state

অমৃতপালৰ সহযোগীক পৃথকে পৃথকে পঞ্জাবলৈ স্থানান্তৰ - AMRITPAL SINGH ASSOCIATES

পঞ্জাব আৰক্ষীয়ে অমৃতপাল সিঙৰ ৭ সহযোগীক বিমানযোগে লৈ যায় ।

Dibrugarh Police Station
অমৃতপালৰ সহযোগীক পৃথকে পৃথকে পঞ্জাবলৈ স্থানান্তৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 20, 2025 at 1:12 PM IST

Updated : March 20, 2025 at 2:32 PM IST

2 Min Read

ডিব্ৰুগড় : যোৱা ২০২৩ চনৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানপন্থী নেতাক পঞ্জাবলৈ স্থানান্তৰ কৰা হয় । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত 'ৱাৰিছ পঞ্জাব দে' সংগঠনৰ মুৰব্বী তথা খাদুৰ চাহিব সমষ্টিৰ সাংসদ অমৃতপাল সিঙৰ ৭ সহযোগীক পঞ্জাবলৈ লৈ গ'ল আৰক্ষীয়ে ।

অমৃতপালৰ ৭ সহযোগীক সকাহ

অমৃতপালৰ সহযোগীক পৃথকে পৃথকে পঞ্জাবলৈ স্থানান্তৰ (ETV Bharat)

উল্লেখ্য যে ২০২৩ চনৰ এপ্ৰিলৰ পৰাই 'ৱাৰিছ পঞ্জাব দে'ৰ মুৰব্বী অমৃতপাল সিঙসহ ১০ খালিস্তানী নেতাই দিন কটাইছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত । সাংসদ অমৃত পাল সিঙৰ সৈতে আন ৯ সহযোগীক আজনালা আৰক্ষী থানাত হোৱা আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত ২০২৩ চনত গ্ৰেপ্তাৰ কৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (NSA) অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিল । কিন্তু ইয়াৰ মাজতে ডিব্ৰুগড়ত কাৰাবন্দী হৈ‌ থকা ৭ খালিস্তানপন্থীক সাময়িক সকাহ দিছে পঞ্জাব চৰকাৰে । ৭ জনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পঞ্জাব চৰকাৰে ।

৭ সহযোগীক লৈ গ'ল পঞ্জাব আৰক্ষীয়ে

'ৱাৰিছ পঞ্জাব দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ ৭ সহযোগীক ১৯ মাৰ্চত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ম্যাদ শেষ হোৱাত তেওঁলোকক পঞ্জাব আৰক্ষীৰ দলে নিজৰ জিম্মাত লৈ ডিব্ৰুগড় সদৰ থানাতে ৰাখে । ইয়াৰ পাছতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অমৃতপাল সিঙৰ সহযোগীসকলক বৃহস্পতিবাৰে লৈ যোৱা হয় পঞ্জাবলৈ । আৰক্ষীৰ সূত্ৰৰ মতে ডিব্ৰুগড় বিমানবন্দৰৰ পৰা বিমানযোগে পঞ্জাবলৈ লৈ যোৱা হয় অমৃতপাল সিঙৰ সহযোগীসকলক । প্ৰথম ৩ জনক পঞ্জাবলৈ লৈ যোৱা হয় আৰু বাকী কেইজনকো পৰৱৰ্তী সময়ত কটকটীয়া নিৰাপত্তাৰ মাজত পঞ্জাবলৈ লৈ যোৱা হয় ।

পৃথকে পৃথকে লৈ যোৱা হয় খালিস্তানী নেতাক

ইফালে নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি ৭ খালিস্তানপন্থী নেতাক পৃথকে পৃথকে পঞ্জাবলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে বুলি জানিব পৰা গৈছে । অৱশ্যে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰতে বন্দী হৈ থাকিব লাগিব অমৃতপাল সিং আৰু আন দুজন । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা সময়তে পঞ্জাবৰ খাদুৰ চাহিব সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল অমৃতপাল সিং ।

লগতে পঢ়ক :পঞ্জাব আৰক্ষীৰ জিম্মালৈ ৱাৰিছ পঞ্জাব দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ ৭ সহযোগী - AMRITPAL SINGH

Last Updated : March 20, 2025 at 2:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.