ETV Bharat / state

পঞ্জাব আৰক্ষীৰ জিম্মাত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত থকা অমৃতপালৰ দুই সহযোগী - PUNJAB COPS IN ASSAM

ডিব্ৰুগড় সদৰ থানাত ৰখা হৈছে দুই খালীস্তানীক ৷

PUNJAB COPS IN ASSAM
ডিব্ৰুগড় উপস্থিত পঞ্জাব আৰক্ষীৰ দল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 18, 2025 at 3:25 PM IST

2 Min Read

ডিব্ৰুগড়: ৱাৰিছ পঞ্জাব দেৰ সমৰ্থক, সাংসদ অমৃত পাল সিঙৰ দুই সহযোগীক নিজৰ জিম্মাত ল'লে পঞ্জাব আৰক্ষীয়ে । সদ্যহতে ডিব্ৰুগড় সদৰ থানাত ৰখা হৈছে অমৃত পালৰ দুই সহযোগীক । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে দুই খালিস্তানী গুৰমিত সিং বুকানৱালা আৰু ভগৱন্ত সিঙক ।

সোমবাৰে ডিব্ৰুগড় আদালতৰ পৰা জামিন আবেদন লাভ কৰা পাছতেই দুয়োজনকে নিজৰ জিম্মাত লয় পঞ্জাব আৰক্ষীয়ে । ডিব্ৰুগড়ত বাহৰ পাতি থকা ২৫ জনীয়া পঞ্জাব আৰক্ষীৰ দলটোৱে সোমবাৰে বিয়লি স্বাস্থ্য পৰীক্ষাৰ অন্তত দুয়োকে ডিব্ৰুগড় আদালতত হাজিৰ কৰাইছিল । কিয়নো ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত থকা দুজনৰ বিৰুদ্ধে আদালতত চলি আছিল এক গোচৰ ।

ডিব্ৰুগড় উপস্থিত পঞ্জাব আৰক্ষীৰ দল (ETV Bharat Assam)

কাৰাগাৰৰ ভিতৰৰ চিচি টিভি ভঙা আৰু কাৰাগাৰৰ কাৰ্যালয়ৰ মেইল পৰীক্ষা কৰাৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছিল দুই খালিস্তানীৰ বিৰুদ্ধে । ডিব্ৰুগড় আদালতত চলি থকা গোচৰত দুই খালিস্তানীয়ে জামিন লাভ কৰা পাছতে নিজৰ জিম্মাত লয় পঞ্জাব আৰক্ষীয়ে ।

যিহেতু দুই খালিস্তানীক ডিব্ৰুগড় সদৰ থানাত ৰখা হৈছে, যাৰ বাবে সদৰ থানাৰ চৌহদত আজি (মঙলবাৰ) পুৱাৰে পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । সদৰ চৌহদলৈ আৰক্ষীৰ বাদে সাধাৰণ লোকৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে ।

আনহাতে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত থকা অমৃত পালৰ আন পাঁচজন সহযোগীকো নিজৰ জিম্মাত ল'বলৈ আইনী কামকাজ অব্যাহত ৰাখিছে পঞ্জাব আৰক্ষীৰ দলটোৱে । জানিব পৰা অনুসৰি সেই পাঁচজন হৈছে দলিত সিং কালচি, কুলুৱানত সিং ধালিৱাল, হৰজিত সিং, বসন্ত সিং আৰু গুৰিন্দৰ পাল সিং ৷ এই পাঁচজনক নিজৰ জিম্মাত ল'ব পাৰিলেই মুঠ সাতজন নেতাক নিজৰ জিম্মাত লৈ আৰক্ষীৰ দলটো পঞ্জাবলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে ।

আজি নহ'লে কাইলৈ পুৱাই পঞ্জাব আৰক্ষীৰ দলটোৱে ৭ খালিস্তানীক লৈ পঞ্জাবলৈ ৰাওনা হ'ব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ২০২৩ চনৰ এপ্ৰিলৰ পৰাই ৱাৰিছ পঞ্জাব দেৰ মুৰব্বী অমৃতপাল সিংসহ মুঠ ১০ খালিস্তানী কাৰাবন্দীয়ে দিন কটাই আহিছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ৷

লগতে পঢ়ক : ঔৰংজেৱৰ কবৰক লৈ জ্বলিছে নাগপুৰ : জ্বলাই দিলে ২০খন বাহন, আহত ৪ DCP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.