ETV Bharat / state

হস্তীদণ্ডিত বন বিভাগৰ পকী দেৱাল: গোৱালপাৰাত ৰাইজৰ প্ৰতিবাদ

হস্তীদণ্ডি বন্ধ কৰি গোৱালপাৰা জিলা বন বিভাগৰ বিস্তৃত অঞ্চলত পকী দেৱাল । বন বিভাগৰ অবিবেচকী কাণ্ডৰ তীব্ৰ প্ৰতিবাদ আগিয়া-বুধিপাৰাৰ ৰাইজৰ ।

protest in Agia Goalpara
গোৱালপাৰাত হস্তীদণ্ডি বন্ধৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 27, 2024 at 3:41 PM IST

2 Min Read
Choose ETV Bharat

গোৱালপাৰা: হস্তীদণ্ডি বা হাতীৰ কৰিড'ৰ বন্ধ কৰি গোৱালপাৰা জিলা বন বিভাগে বৃহৎ একৰ ভূমিত নিৰ্মাণ কৰিছে পকী দেৱাল । বন বিভাগৰ এই অবিবেচকী কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আগিয়া-বুধিপাৰা অঞ্চলৰ ৰাইজৰ । শীঘ্ৰে এই নিৰ্মাণকাৰ্য বন্ধ নকৰিলে পথ অৱৰোধৰ হুংকাৰ সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা কৰা অঞ্চলটোৰ ৰাইজৰ ।

হস্তীদণ্ডি বন্ধ কৰি বন বিভাগে পকী দেৱাল নিৰ্মাণ কৰা কাৰ্যৰ বিৰুদ্ধে বুধবাৰে আগিয়া-বুধিপাৰাত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী ৰাইজে বন বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি কয়, "স্বয়ং বন বিভাগ আৰু জিলা প্ৰশাসনৰ বিবেচনাহীন কাণ্ডৰ বাবে অঞ্চলটোত হাতী-মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে ।"

গোৱালপাৰাত হস্তীদণ্ডি বন্ধৰ প্ৰতিবাদ (ETV Bharat Assam)

উল্লেখ্য যে নিৰ্মীয়মাণ ফ'ৰলেনৰ বুধিপাৰা-নিচিন্তাত হাতী অহা-যোৱা পথ বন্ধ কৰি অ'ভাৰ ব্ৰীজ নিৰ্মাণৰ পিছত এইবাৰ স্বয়ং বন বিভাগে হাতীৰ যাতায়াত পথ বন্ধ কৰি উৰপদ বিলৰ পাৰত বৃহৎ একৰ ভূমিত পকী দেৱাল নিৰ্মাণেৰে নাৰ্ছাৰীৰ কাম আৰম্ভ কৰিছে । বন্যহস্তীৰ সমস্যাৰ পৰা ৰাইজক পৰিত্ৰাণ দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা স্বয়ং গোৱালপাৰা বন বিভাগৰ এই কাৰ্যত জাঙুৰ খাই উঠিছে অঞ্চলবাসী ।

যাৰ বাবে আগিয়া অঞ্চলবাসী ৰাইজে বুধবাৰে নাৰ্ছাৰী নিৰ্মাণ স্থানত বন বিভাগ হুঁচিয়াৰ, গোৱালপাৰা জিলা প্ৰশাসন হায় হায়, হাতী কৰিড'ৰ বন্ধ কৰি কৰা নাৰ্ছাৰীৰ কাম শীঘ্ৰে বন্ধ কৰক আদি শ্লোগান দি প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদীকাৰীসকলে জানিবলৈ দিয়া মতে, বিজ্ঞানসন্মতভাৱে ফ'ৰলেনৰ অ'ভাৰ ব্ৰীজৰ কাম পুনৰ বিবেচনা কৰিবলৈ ৰাইজৰ লিখিত আবেদনত প্ৰশাসনে হাতী পাৰ হ'বলৈ ৰখা সৰু সুৰংগ পথটোৰ সন্মুখত সেউজীয়া ৰং সানি দুডাল গছ ৰুই থোৱা কাণ্ড হাস্যকৰ বিষয় হৈ পৰিছে । কিয়নো সেইটো পথেৰে হাতী কোনোকালে পাৰ নহয় ।

এইক্ষেত্ৰত স্থানীয় ৰাইজৰ বক্তব্য, "অ'ভাৰ ব্ৰীজৰ তলত হাতী পাৰ হ'বৰ বাবে সুৰংগ ৰাখিছে । কিন্তু সেই সুৰংগৰ মুখত আকৌ পকী দেৱাল নিৰ্মাণ কৰিছে । তেনেক্ষেত্ৰত হাতী কোনফালে পাৰ হ'ব । ভূতৰ ওপৰত দানহ পৰাদি হাতীৰ পথ বন্ধ কৰি বন বিভাগে পকী দেৱাল দি নাৰ্ছাৰী নিৰ্মাণকাৰ্য কোনোপধ্যেই মানি লোৱা নহ'ব । শীঘ্ৰে বন বিভাগৰ এই নিৰ্মাণকাৰ্য বন্ধ নকৰিলে বৃহত্তৰ আগিয়াবাসী ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ।"

লগতে পঢ়ক :লোহিত হুছেইনৰ হত্যাকাৰীক শাস্তিৰ দাবীত আমছুৰ মানৱ শৃংখল
লগতে পঢ়ক :চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আমৰণ অনশন সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ