ETV Bharat / state

দেওবাৰে পুৱা ৬-৭ বজাৰ ভিতৰত গুৱাহাটী পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ: মুখ্যমন্ত্ৰী

ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰখা হ'ব সৰুসজাইত ৷ কাইলৈ বন্ধ কৰি দিয়া হ’ব ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু গধুৰ যান-বাহনৰ চলাচল ।

ZUBEEN GARG
কোনো দিনে উভতি নহাৰ বাটেৰে গুচি গ'ল জুবিন গাৰ্গ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 2:30 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমীয়াৰ আবেগ অসমৰ গৌৰৱ জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনাৰ পাছত প্ৰথমে কাহিলিপাৰাৰ বাসগৃহত পৰিয়ালৰ লোকৰ নিবিড় মুহূৰ্তৰ বাবে ৰখা হ'ব । তাৰ পাছত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি নিবেদনৰ বাবে সৰুসজাইত ৰখা হ'ব । এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

শনিবাৰে পুৱাৰ ভাগত মুখ্যমন্ত্রীয়ে জুবিন গাৰ্গৰ প্ৰতি শেষশ্ৰদ্ধা জনাবলৈ নশ্বৰ দেহ ৰাখিবলগীয়া সৰুসজাই ষ্টেডিয়ামৰ স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।

জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সন্দৰ্ভত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য় (ETV Bharat Assam)

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়, "ইতিমধ্যে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষাৰ পাছত জুবিন গাৰ্গৰ নশ্বৰ দেহ চমজাই দিয়া হৈছে । তাৰ পৰা পাৰ্থিৱ শৰীৰ দিল্লীলৈ অনা হ'ব আৰু দিল্লীৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ অনা হ'ব । গুৱাহাটীত আহিলে আমি সময়টো জনাম । গুৱাহাটীত অহাৰ পাছত প্ৰথমে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ জুবিন গাৰ্গৰ ঘৰলৈ নিয়া হ’ব ।"

মুখ্য়মন্ত্ৰীয়ে পুনৰ কয়,"পৰিয়ালৰ লোকে কিছু সময় নিবিড়ভাৱে কটাবলৈ বিচাৰিছে জুবিন গাৰ্গৰ সৈতে । পৰিয়ালৰ লোকে বিচাৰিছে যে জুবিনৰ পাৰ্থিৱ শৰীৰ প্ৰথমে ঘৰলৈ নিয়াটো । তাত এঘণ্টা ৰখা হ'ব । সেইখিনি সময় কেৱল পৰিয়ালৰ লোকৰ বাবে । তাৰ পাছতেই সৰুসজাই ষ্টেডিয়ামলৈ অনা হ’ব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ । ইণ্ড'ৰ ষ্টেডিয়ামৰ সন্মুখৰ স্থানত ৰখা হ’ব জুবিনৰ পাৰ্থিৱ শৰীৰ । বহুত বেছি বৰষুণ হ'লে বিকল্প ঠাই কৰা হৈছে । তাতে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব ।"

Preparation at Sarusajai Stadium for Jubin Garg's last tribute
জুবিন গাৰ্গৰ শেষশ্ৰদ্ধাৰ বাবে সৰুসজাই ষ্টেডিয়ামত প্ৰস্তুতি (ETV Bharat Assam)

যিসকল ৰাইজে কিছুসময় সৰুসজাই থাকিব খোজে তেওঁলোকৰ বাবে হেলিপেডত ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰি মুখ্য়মন্ত্ৰীয়ে পুনৰ কয়, "সমগ্ৰ মহানগৰীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ভিজুৱেল প্ৰদৰ্শন পোনপটীয়াকৈ কৰা হ’ব । কাইলৈ বন্ধ কৰি দিয়া হ’ব ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু গধুৰ যান-বাহনৰ চলাচল । এই বাহনসমূহ বাইহাটাৰে অহা-যোৱা কৰিব । অন্ত্যেষ্টিক্ৰিয়াৰ দিনটোত ৰাজ্যত বন্ধ ঘোষণা কৰা হ’ব ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘কাইলৈ পুৱা ৬ বা ৭ বজাত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ গুৱাহাটীলৈ আহি পাব বুলি আশা কৰিছো । কাইলৈ দেওবাৰে । গতিকে বন্ধ দিয়াৰ কথা নাই । অন্ত্যেষ্টিক্ৰিয়াৰ দিনটোত বন্ধ দিয়া হ’ব । তদন্তৰ কথা অহাৰ বাবে মৰণোত্তৰ পৰীক্ষা নকৰাৰ বাবে আমি বেছিকৈ জোৰ দিব নোৱাৰিলো । আজি নিশা জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দিল্লীলৈ অনা হ'ব । দিল্লীত অহাৰ পাছত লগে লগে গুৱাহাটীলৈ বিশেষ বিমানেৰে অনা হ'ব ।"

Preparation at Sarusajai Stadium for Jubin Garg's last tribute
জুবিন গাৰ্গৰ শেষশ্ৰদ্ধাৰ বাবে সৰুসজাই ষ্টেডিয়ামত প্ৰস্তুতি (ETV Bharat Assam)

অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "যোৰহাটৰ ৰাইজে দাবী কৰিছে যে তেজপুৰত জ্যোতি-বিষ্ণুৰ আছে আৰু গুৱাহাটীত ভূপেন হাজৰিকাৰ আছে, গতিকে যোৰহাটত জুবিন গাৰ্গ থাকিব লাগে । উজনিৰ ৰাইজে যথেষ্ট আগ্ৰহ কৰিছে । এইক্ষেত্রত চৰকাৰে অকলে সিদ্ধান্ত ল'ব খোজা নাই । আমাৰ অসম সাহিত্য সভা, ছাত্র সন্থা বা জুবিন গাৰ্গৰ লগৰ শিল্পী সকলৰ লগত আলোচনা কৰিম । পৰিয়ালৰ মতামত আটাইতকৈ গুৰুত্বপূৰ্ণ । এই বিষয়ত কথা পতাৰ বাবে মন্ত্রী ডাঃ ৰণোজ পেগু আৰু বিমল বড়াক দায়িত্ব দিছো । সকলোৰে লগত কথা পাতি সিদ্ধান্ত ল'ব । সৰুসজাইত ৰখা হ'ব যদিও কিমান সময় ৰাখিব পৰা যাব সেই কথা চিকিৎসকৰ পৰামৰ্শ মতে কৰা হ'ব । সৎকাৰৰ বাবে শৰীৰটো ভালে ৰাখিব লাগিব ।"

এজাহাৰ দাখিল হৈছে যেতিয়া তদন্ত হ'ব : মুখ্যমন্ত্রী

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনাৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে । এজাহাৰ দিছে যেতিয়া তদন্ত নিশ্চিতভাৱে হ'ব । তদন্তৰ আওতাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আহিব । লগতে ছিংগাপুৰৰ যিসকল লোক সেই সময়ত জুবিন গাৰ্গৰ লগত আছিল তেওঁলোকো তদন্তৰ আওতাত আহিব । এটা কথা ওলাইছে যে আগদিনা কোনোবাই কোনোবা এটা স্থানত পাৰ্টী এটাত লৈ গৈছিল । সেইবোৰ তদন্তৰ সময়ত চোৱা হ'ব । আনহাতে ছিংগাপুৰ কৰ্তৃপক্ষয়ো তদন্ত আৰম্ভ কৰিছে । গতিকে ক্ৰিমিনেল কিবা থাকিলে আমি ছিংগাপুৰৰ পৰা পাম । অসমৰ পৰা লৈ যাওতে যদি কিবা বেয়া ভাবি লৈ যোৱা হৈছিল সেইটো আমি অসমত পাম । চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে বিষয়টো তদন্ত কৰিব। কোনো কথা যাতে গোপন হৈ নাথাকে ।"

সামাজিক মাধ্যমত মুখ্যমন্ত্রীৰ শেহতীয়া প্ৰতিক্ৰিয়া :

ইফালে জুবিন গাৰ্গৰ শেহতীয়া খবৰ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যম যোগে কয়, "ছিংগাপুৰৰ মাননীয় উচ্চায়ুক্ত ছাইমন ৱঙৰ সৈতে কথা পাতি আমাৰ অসমী আইৰ কোলাৰ সন্তান প্ৰিয় জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বিষয়টিৰ বিশদ অনুসন্ধানৰ বাবে অনুৰোধ জনালোঁ । এইক্ষেত্ৰত তেখেত আমাক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে ।"

লগতে পঢ়ক:জুবিনে নিজৰ প্ৰাণতকৈও বেছি ভাল পাইছিল এজোপা পাইন গছ

মৰম বিচাৰি ফুৰা জুবিনৰ প্ৰিয় খাদ্য কি আছিল ?