ETV Bharat / state

নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ নাই প্ৰাৰ্থী; ধেমাজিৰ এখন গাঁৱত হাহাকাৰ পৰিস্থিতি - PUBLIC PROTEST IN DHEMAJI

জনজাতীয় লোকৰ বাবে সংৰক্ষিত ৰখা হৈছে ধেমাজি গাঁও পঞ্চায়তৰ বঙালমাৰী গাঁৱৰ এটা ৱাৰ্ড । কিন্তু তাত নাই এজনো জনজাতীয় লোক ।

Public Protest in Dhemaji
নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ নাই প্ৰাৰ্থী,ৰাইজৰ প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 6, 2025 at 7:29 PM IST

3 Min Read

ধেমাজি : ৰঙালী বিহুৰ সমান্তৰালকৈ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যত ব্যাপক ব্যস্ততা দেখা গৈছে ৷ ইতিমধ্যে গাঁৱে গাঁৱে পঞ্চায়ত নিৰ্বাচনক লৈ আৰম্ভ হৈছে ৰণ-কৌশল । পিছে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ লগে লগে এখন গাঁৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । কিয়নো নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গাঁৱত নাই প্ৰাৰ্থী ।

দক্ষিণ ধেমাজি গাঁও পঞ্চায়তৰ অধীনৰ ২ নং বঙালমাৰী আৰু বঙালমাৰী নতুন নামৰ আহোম গাঁওখনৰ ৫ নং ৱাৰ্ডত প্ৰাৰ্থী নাই ৷ কাৰণ হৈছে জনজাতি প্ৰাৰ্থীৰ বাবে ৱাৰ্ডটো সংৰক্ষিত ৰখা হৈছে । কিন্তু গাঁওখনত এজনো নাই জনজাতীয় লোক ।

নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ নাই প্ৰাৰ্থী,ৰাইজৰ প্ৰতিবাদ (ETV Bharat)

অ-জনজাতীয় লোকে বাস কৰা গাঁওখনত জনজাতি প্ৰাৰ্থী বিচাৰি হাহাকাৰ কৰিছে গাঁওবাসীয়ে । যাৰ বাবে দেওবাৰে গাঁওবাসীয়ে চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ এনে কাণ্ডক তীব্ৰ গৰিহণা দি প্ৰতিবাদ সাব্যস্ত কৰে । গাঁওখনৰ পুৰুষ-মহিলা সকলোৱে একেমুখে চৰকাৰক ধিক্কাৰ দিয়ে ৷

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি গাঁওখনৰ জ্যেষ্ঠ নাগৰিক ভৱিষ্য দিহিঙীয়াই কয়, "নিৰ্বাচনত আমাৰ প্ৰাৰ্থীয়ে যদি দিব নোৱাৰে গাঁৱৰ মানুহে ভোট কাক দিব ৷ বঙালমাৰী এখন আহোম গাঁও । ইয়াক ট্ৰাইবেল কৰি দিছে ৷ কাইলৈ নিৰ্বাচন পাতিব । আমাৰ মানুহে ভোট দিবলৈ নাপায় ৷ কাৰণ আমাৰ প্ৰাৰ্থী নাই ৷"

Public Protest in Dhemaji
নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ নাই প্ৰাৰ্থী,ৰাইজৰ প্ৰতিবাদ (ETV Bharat)

একেদৰে গাঁওখনৰে আন এগৰাকী ব্যক্তি দিগন্ত গগৈয়ে কয়, "কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছো ৷ চৰকাৰে যদি আমাৰ ৫ নং ৱাৰ্ডটো জেনেৰেলৰ বাবে কৰি নিদিয়ে তেন্তে আমাৰ এজনো প্ৰাৰ্থীয়ে নাই ৷ আমি নিৰ্বাচন প্ৰক্ৰিয়াটো মানি নলওঁ মানে এৰাই চলিবই লাগিব ৷"

গাঁওখনৰ জ্যেষ্ঠ নাগৰিক মহেন্দ্ৰ বুঢ়াগোহাঁইয়ে কয়, "বঙালমাৰী গাঁৱৰ পৰা ধিক্কাৰ দিছো । যিখন গাঁৱত এজনো ট্ৰাইবেল মানুহ নাই ৷ এইখন আহোম অধ্যুষিত গাওঁ ৷ ইয়াত দিহিঙীয়া মানুহ, বৰগোহাঁই আৰু বুঢ়াগোঁহাই মানুহ আছে ৷ এইখন গাঁও কেনেকৈ ট্ৰাইবেল হ'ল ৷"

"জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰি প্ৰতিবাদ কৰিছিলো । আমাৰ বঙালমাৰী গাঁৱত এজনো ট্ৰাইবেল মানুহ নাই তেন্তে আপোনালোকে কিয় ট্ৰাইবেল দিব ? অভিযোগ দিব কৈছিল । লিখিত অভিযোগো দিছিলো । আয়ুক্তগৰাকীয়ে কৈছিল বিবেচনা কৰা হ'ব । কিন্তু এতিয়ালৈ বিবেচনা নকৰিলে ৷" মহেন্দ্ৰ বুঢ়াগোহাঁইয়ে কয় ।

তেওঁ আৰু কয়, "নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পাছত আমাৰ দক্ষিণ ধেমাজি গাওঁ পঞ্চায়তৰ বঙালমাৰী গাঁওখন ট্ৰাইবেল কৰি থৈছে । এইটো মানি লোৱা নহ'ব ৷ আমি ধিক্কাৰ দিছো ৷ এই সমস্যাটো দুই এদিনৰ ভিতৰত সমাধান কৰিবলৈ জিলা আয়ুক্ত, সাংসদ আৰু শিক্ষা মন্ত্ৰীক অনুৰোধ জনাইছো । অন্যথা এই নিৰ্বাচনৰ পৰা গাঁওবাসীয়ে বিৰত থাকিব ৷"

লগতে পঢ়ক :বিজেপিয়ে ভৱিষ্যতেও নকৰে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি : মুখ্যমন্ত্ৰী - BJP FOUNDATION DAY 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.