লখিমপুৰ : নীপকো নদীবান্ধ ভাঙি দিবলৈ দাবী জনাই ৰাইজৰ গৰ্জন । ৰঙানদীৰ বক্ষত ক্ষুব্ধ ৰাইজৰ গৰ্জন- ''নীপকোক ভাঙি দিয়ক'' । নীপকোৱে ক্ষতিপূৰণ নিদিলে দলঙৰ ওপৰৰ পৰা জপিওৱাৰ হুংকাৰ জনতাৰ । লখিমপুৰ নগৰৰ সমীপৰ পাচনৈ অঞ্চলৰ ৰঙানদীৰ দলঙৰ তলত নদীৰ বক্ষত নামি এইদৰে হুংকাৰ দিয়ে বানবিধ্বস্ত ৰাইজে ।
অসমীয়া যুৱ মঞ্চৰ উদ্যোগত আৰু বান বিধ্বস্ত ৰাইজৰ সহযোগত দেওবাৰে বিয়লি পাঁচ বজাত এনেদৰে নদীৰ বক্ষত নীপকোৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰিলে । প্ৰতিবাদী ৰাইজে নীপকোৰ বিৰুদ্ধে চূড়ান্ত ক্ষোভ প্রকাশ কৰি বান বিধ্বস্ত ৰাইজক ক্ষতিপূৰণ দিবলৈ দাবী জনায় । একেদৰে চৰকাৰকো পৰ্যাপ্ত সাহাৰ্য দিয়াৰ দাবী জনাইছে ।
নীপকোৰ বিৰুদ্ধে সৰৱ হৈ অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সম্পাদক অনুপম শইকীয়াই কয়, "নীপকোৰ বান্ধটো ভাঙি দিয়ক । নীপকোৱে পানী এৰি দি ক্ষতিগ্ৰস্ত কৰা লোকসকলক উচিত ক্ষতিপূৰণ দিয়ক । নীপকোৱে কোনো ধৰণৰ আগতীয়া খবৰ নিদিয়ীকৈ মন গ'লেই নিশা এক-দুই বজাতো পানী এৰি দিয়ে । যাৰ বাবে ৰঙানদীপৰীয়া ৰাইজৰ বিস্তৰ ক্ষতি হৈছে । এই সকল লোকক নীপকোৱে ক্ষতিপূৰণ দিবই লাগিব । অন্যথা দলঙৰ ওপৰৰ পৰা জপিয়াই আত্মবলিদান দি নীপকোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব ।"

এই প্ৰতিবাদত অংশগ্ৰহণ কৰা সকলোৱে তেওঁলোকৰ দুৰ্দশা বখানি নীপকোক ক্ষতিপূৰণ দিয়াৰ দাবী জনায় । উল্লেখ্য যে কেইদিনমানৰ আগতে নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী ৰঙানদীত বিশাল পৰিমাণে মোকোলাই দিয়াৰ ফলত লখিমপুৰৰ পাচনৈ,পহুমৰা,আমতলা আদি বিভিন্ন অঞ্চল বিধ্বস্ত হৈছিল । অপূৰণীয় ক্ষতি হয় ৰাইজৰ । যাৰ বাবে আজি পাচনৈৰ ৰাইজে নদীৰ বক্ষত নামি প্ৰতিবাদ সাব্যস্ত কৰে ।

স্মৰ্তব্য এটা দশকৰ পূৰ্বে বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনে কঁপাই আছিল লখিমপুৰ জিলা । মাজতে কেইবছৰমান এনে আন্দোলন স্তিমিত হৈ থকাৰ পাছত এতিয়া পুনৰ বান্ধ বিৰোধী আন্দোলনে উকমুকনি দিছে । আজি পাচনৈ ৰাইজে নীপকোৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত কাইলৈও কেইবাটাও মিচিং সংগঠনে পহুমৰাৰ ওচৰত প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰিব ।