কুলশী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে দক্ষিণ কামৰূপত তীব্ৰ প্ৰতিবাদ
কুলশী জলবিদ্যুৎ প্ৰকল্প স্থাপনকলৈ অসম আৰু মেঘালয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ ।

Published : June 18, 2025 at 4:27 PM IST
মিৰ্জা : অসম আৰু মেঘালয় চৰকাৰে যৌথভাৱে কুলশী নদীৰ ওপৰত ৫৫ মেগাৱাট জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ সিদ্ধান্ত লৈছে । মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ সংবাদ মাধ্যমত এই কথা ঘোষণাও কৰিছে । যাক লৈ অসম মেঘালয় সীমান্তৰ ৰাইজ শংকিত হৈ পৰিছে । এই জলবিদ্যুৎ প্ৰকল্পই অসম সীমান্তৰ ২০ খনৰো অধিক গাঁৱৰ ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে বুলি সকলোৱে আশংকা কৰিছে । যাৰ বাবে বিভিন্ন দল-সংগঠনে জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে ।
প্ৰতিবাদো আৰম্ভ কৰিছে সীমান্তৰ কেইবাখনো গাঁৱৰ ৰাইজে । তাৰ অংশ হিচাপে দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৰ উকিয়ামত শ শ লোক প্ৰতিবাদৰ বাবে ওলাই আহিল । কুলশী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে লোকসকলে । অসম-মেঘালয় সীমান্তৰ কিৰ্চাই ৰাজহুৱা খেলপথাৰত অসম-মেঘালয় জইণ্ট এক্সন কমিটীৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সকলোৰে এটাই দাবী কোনো কাৰণতে কুলশী নদীত জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিবলৈ দিয়া নহ'ব ।
প্ৰতিবাদত অংশ লৈ অসম চৰকাৰ হায় হায়, মেঘালয় চৰকাৰ হায় হায় ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে শ শ পুৰুষ-মহিলাই । ইফালে এই ক্ষেত্ৰত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ ভূমিকাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰে । ৰাভা হাছঙৰ ৰাইজৰ সম্ভাৱ্য বিপদৰ কথা জানিও মুখ্য কাৰ্যবাহী সদস্যই কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীয়ে ।
প্ৰতিবাদত অংশ লৈ এজন স্থানীয় নেতাই কয়, "অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইয়ে ছীল মোহৰ মাৰি লিখি দিব লাগিব যে আজিৰ পৰা কুলশী ডেম বন্ধ কৰিছোঁ । তেতিয়াহে আমি আন্দোলনৰ কাৰ্যসূচী বন্ধ কৰিম । যেতিয়ালৈকে পেডত তেওঁলোকে লিখি নিদিয়ে...এই সংগ্ৰামৰ আৰম্ভণিহে । এই সংগ্ৰাম ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব । এই সংগ্ৰাম শ্বিলঙত যাব । এই সংগ্ৰাম দিল্লীলৈ যাব ।"

