ETV Bharat / state

সন্দেহজনক উগ্ৰপন্থীৰ অপহৰণ আৰু ধনদাবীৰ বিৰুদ্ধে ডিমা হাছাওত বৃহৎ প্ৰতিবাদ

সন্দেহজনক উগ্ৰপন্থীৰ অপহৰণ আৰু ধনদাবীৰ ফলত শংকিত ডিমা হাছাওৰ সাধাৰণ ৰাইজ । প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী ।

Dima Hasao Protest
উগ্ৰপন্থীৰ অপহৰণ আৰু ধনদাবীৰ বিৰুদ্ধে ডিমা হাছাওত বৃহৎ প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 27, 2025 at 6:55 PM IST

3 Min Read
Choose ETV Bharat

হাফলং : অসমৰ বিভিন্ন বিদ্ৰোহী সংগঠনৰ সৈতে চৰকাৰৰ শান্তিচুক্তি স্বাক্ষৰ হৈছে যদিও এতিয়াও কিছুমান জিলাত বিশেষকৈ পাহাৰীয়া জিলাবোৰত সক্ৰিয় একাংশ বেনামী সংগঠন । যিবোৰে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে । বিশেষকৈ অপহৰণ আৰু ভয়-ভাবুকিৰে ধনদাবীৰ দৰে ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে । যাক লৈ সেই জিলাবোৰৰ ৰাইজ শংকিত হৈ পৰিছে ।

পাহাৰীয়া জিলা ডিমা হাছাওৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হোৱাৰ অভিযোগ উঠিছে । যাক লৈ জাঙুৰ খাই উঠিছে ডিমা হাছাও জিলাৰ বিভিন্ন সংগঠন আৰু সাধাৰণ ৰাইজ । সম্পূৰ্ণ নিৰাপত্তাৰ লগতে এই ধৰণৰ কাৰ্যকলাপ বন্ধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে সংগঠনসমূহে ।

উগ্ৰপন্থীৰ অপহৰণ আৰু ধনদাবীৰ বিৰুদ্ধে ডিমা হাছাওত বৃহৎ প্ৰতিবাদ (ETV Bharat)

শেহতীয়াকৈ সন্দেহযুক্ত উগ্ৰপন্থীৰ দলে বন্দুক দেখুৱাই অপহৰণ কৰি লৈ গৈছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য জোছমথাং মাৰৰ ভাতৃসহ দুজন লোকক । ১৯ আগষ্টত মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত জিনামভেলিৰ টাটটেপাই গাঁৱৰ পৰা নিশা প্ৰায় ৮ মান বজাত কাৰ্য নিৰ্বাহক সদস্য জোছমথাং মাৰৰ ভাতৃ জোচাংখোম মাৰ আৰু লালৰিমাই মাৰ নামৰ লোক দুজনক সন্দেহযুক্ত উগ্ৰপন্থীৰ দলে অপহৰণ কৰি লৈ গৈছিল । অৱশ্যে এদিন পিছত অপহৃত দুজনক মুক্ত কৰি দিছিল সন্দেহযুক্ত উগ্ৰপন্থীৰ দলটোৱে । এই ঘটনাৰ প্ৰায় এসপ্তাহ পিছত মাৰ ছাত্ৰ সন্থাই মঙলবাৰে মাহুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

তাৰ সমান্তৰালকৈ এই অপহৰণৰ ঘটনাৰ তীব্ৰ নিন্দা জনাই বুধবাৰে মাৰ ইনপি অসম হিলচ মাৰ ষ্টুডেণ্টছ এছোচিয়েশ্যন, মাৰ ইয়ুথ এছোচিয়েশ্যন, মাৰ উইমেন এছোচিয়েশ্যন, মাৰ পিপলচ ইউনিয়ন, মাৰ লিটাৰেচৰ ছ'চাইটি আদি সংগঠনে হাফলঙত এক প্ৰতিবাদী সমদলৰ আয়োজন কৰে । প্ৰতিবাদকাৰীসকলে ডিমা হাছাও জিলাত আইন শৃংখলা পৰিস্থিতিৰ ব্যাপক অৱনতি হোৱাৰ অভিযোগ তোলে । লগতে পাহাৰীয়া জিলাৰ মানুহৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়টো নিশ্চিত কৰা আৰু এই ঘটনাৰ লগত জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি আইন অনুসৰি শাস্তি দিয়াৰ দাবী জনাইছে সংগঠনসমূহে । এই দাবীসমূহ উল্লেখ কৰি ডিমা হাছাও জিলাৰ আয়ুক্ত মুনীন্দ্ৰ ঙাটেৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে সংগঠনসমূহে ।

প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমৰ আগতে কয়, "ডিমা হাছাও জিলাৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জিলা প্ৰশাসন সম্পূৰ্ণ ব্যৰ্থ হৈছে । পাহাৰীয়া জিলাৰ স্পৰ্শকাতৰ অঞ্চলসমূহত শীঘ্ৰে আৰক্ষীৰ চকী স্থাপন কৰিব লাগে ।" সন্দেহজনক উগ্ৰপন্থীৰ দলৰ এনে অপহৰণ আৰু ধন দাবীৰ বিষয়টো গুৰুত্বসহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈও জিলা প্ৰশাসন আৰু আৰক্ষীক দাবী জনাইছে সংগঠনসমূহে ।

লগতে পঢ়ক :চি আই ডিয়ে কৰিব দশমী দুৱৰাৰ মৃত্যু গোচৰৰ তদন্ত - KAZIRANGA FOREST GUARD DEATH