ETV Bharat / state

ৰঙিয়া নগৰৰ পৌৰ সমস্যা সন্দৰ্ভত ৰাজহুৱা সভা - Public meeting in Rangia

Rangia Municipality: নাগৰিক মঞ্চ ৰঙিয়াৰ উদ্যোগত শনিবাৰে সন্ধিয়া ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনত ৰঙিয়া নগৰৰ পৌৰ সমস্যা সন্দৰ্ভত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা । ৰঙিয়াৰ ৰাইজৰ মৌলিক অধিকাৰ, মৌলিক প্ৰাপ্যকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত আলোচনা কৰা হয় সভাখনত ।

Public meeting on The Municipal Problem in Rangia Town
ৰঙিয়া নগৰৰ পৌৰ সমস্যা সন্দৰ্ভত ৰাজহুৱা সভা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 29, 2024 at 8:19 PM IST

2 Min Read
Choose ETV Bharat

ৰঙিয়া,২৯ ছেপ্টেম্বৰ: নাগৰিক মঞ্চ ৰঙিয়াৰ উদ্যোগত শনিবাৰে সন্ধিয়া ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনত ৰঙিয়া নগৰৰ পৌৰ সমস্যা সন্দৰ্ভত এক ৰাজহুৱা সভা অনুষ্ঠিত হয় । ৰঙিয়াৰ ৰাইজৰ মৌলিক অধিকাৰ, মৌলিক প্ৰাপ্যকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত আলোচনা কৰা হয় সভাখনত । সভাখনত নতুন কৈ আৰম্ভ হোৱা পৌৰ কৰ আৰু অন্যান্য সমস্যাসমূহৰ ওপৰতো বিতংভাৱে আলোচনা কৰা হয় ।

লগতে নগৰখনত বিগত সময়চোৱাত কেনেধৰণৰ উন্নয়নমূলক কাম হ’ল সেই বিষয়ৰ ওপৰতো আলোচনা কৰা হয় । এই সভাখনত ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা, প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা, ৰঙিয়া জ্যেষ্ঠ নাগৰিক, চিকিৎসক, অধিবক্তাকে ধৰি ৰঙিয়া নগৰখনৰ প্ৰত্যেকটো ৱাৰ্ডৰ সচেতন লোক সকলে সভাখনত অংশগ্ৰহণ কৰে । সভাখনৰ অন্তত বিভিন্ন বিষয়ৰ ওপৰত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

ৰঙিয়া নগৰৰ পৌৰ সমস্যা সন্দৰ্ভত ৰাজহুৱা সভা (ETV Bharat Assam)

সভাৰ অন্তত সংবাদমাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰঙিয়াৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ তথা বিজেপি কৰ্মী দ্বিপেন চক্ৰৱৰ্তীয়ে কয়,"সমগ্ৰ ৰঙিয়াৰ ৰাইজৰ মৌলিক প্ৰাপ্য তথা অধিকাৰৰ বিষয়ে আলোচনা কৰিবলৈ আমি আজি একত্ৰিত হৈছোঁ । ৰঙিয়াৰ প্ৰতিটো ৱাৰ্ড তথা অঞ্চলৰ পৰা ৰাইজ আজি উপস্থিত আছে । আগন্তুক বৰ্ধিত পৌৰ এলেকাৰ পৰাও মানুহ উপস্থিত আছে । বিগত সময়চোৱাত পৌৰসভাৰ উন্নয়নৰ কামবোৰ কেনেদৰে হৈ গ'ল সেই বিষয়ে ইয়াত পৰ্যালোচনা কৰা হৈছে । কিছুমান কামত আমি পৌৰসভাক প্ৰশংসা কৰিব লাগিব লগতে কিছুমান কথাত সমালোচনা কৰিব লাগিব । আগন্তুক সময়ত আমাৰ যি প্ৰাপ্য, যি অধিকাৰ এই বিষয়ে আলোচনা কৰা হৈছে সভাখনত ।"

লগতে পঢ়ক: অখিল গগৈৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰিৱৰ্তন আনিব বিচৰা কথাটো হাস্যকৰ - Akhil Gogoi Slams CM Himanta

৪৪৪ বছৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ নিৰ্বাচন - Barpeta Satra