উমৰাংছ’ কয়লাখনি ট্ৰেজেডী; 21 এপ্ৰিলত হ’ব ৰাজহুৱা শুনানি
উমৰাংছ কয়লা খনি ঘটনা সন্দৰ্ভত অসম চৰকাৰে গঠন কৰা তদন্ত কমিটীৰ ৰাজহুৱা শুনানি 21 এপ্ৰিলত গ্ৰহণ কৰা হ’ব ।

Published : April 12, 2025 at 10:05 AM IST
হাফলং : উমৰাংছ’ কয়লাখনি ট্ৰেজেডীৰ কথা মনত পৰিলেহে আজি গা শিয়ৰি উঠে ৷ কাহানিও পাহৰিব নোৱাৰা এক ঘটনা সংঘটিত হৈ হ’ল এইখন অসমতে ৷ কিন্তু প্ৰকৃততে ভুল কাৰ, সেই লৈ আজিও বহুতে বহু প্ৰশ্নৰ অৱতাৰণা কৰে ৷
ইতিমধ্যে উমৰাংছ’ তিনিকিলো কলামাটি অসম কয়লা খনিৰ শোকাৱহ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত তদন্ত কমিটী গঠন কৰিছিল । আনকি ঘটনা সন্দৰ্ভত যোৱা 24 জানুৱাৰীত জাননী জাৰি কৰি অসম চৰকাৰৰ ৰাজনৈতিক বিভাগে স্মাৰক নং 10ৰ জৰিয়তে ECF-৬০৬৭৩৭/৩ নম্বৰত এক নিৰ্দেশনা জাৰি কৰিছিল ।
১১ এপ্ৰিলত জাৰি কৰা ৰাজহুৱা জাননী অনুসৰি ৰাজ্য চৰকাৰে যি তদন্ত আয়োগ গঠন কৰি দিছিল এই তদন্ত আয়োগে অহা 21 এপ্ৰিল ৰাজহুৱা শুনানি গ্ৰহণ কৰিব । যোৱা 6 জানুৱাৰী উমৰাংছ’ অসম কয়লা খনিত সংঘটিত হোৱা শোকাৱহ ঘটনাৰ ফলত 9 জন শ্ৰমিকৰ মৃত্যু হৈছিল । তদন্ত আয়োগে অঞ্চলটোত ৰেটহল খননৰ অবৈধ কাৰ্যকলাপৰ বাবে দায়বদ্ধ ব্যক্তি বা সংগঠনৰ সন্ধান উলিয়াব ।

ইয়াৰ উপৰিও কোনো কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ ত্ৰুটি হৈছিল নে নাই সেইটো নিৰ্ধাৰণ কৰা হ’ব । তদন্ত আয়োগে এনে ব্যৱস্থাৰ পৰামৰ্শ দিব যাতে ভৱিষ্যতে এনেধৰণৰ ঘটনাসমূহ ফলপ্ৰসূভাৱে মোকাবিলা কৰিব পৰা যায় । ইয়াৰ উপৰিও আয়োগে তদন্তৰ বিষয়বস্তুৰ সৈতে প্ৰাসংগিক আন কোনো বিষয় আছে নেকি সেয়াও চাব ।
লগতে পঢ়ক : উমৰাংছ' কয়লাখনি ট্ৰেজেডী : পঞ্চমটো দিনত ভৰি দিলে উদ্ধাৰকাৰ্যই, ক্ৰমাৎ আশা কমি আহিছে আত্মীয়ৰ লগতে পঢ়ক : উমৰাংছ'ৰ অবৈধ কয়লা খনিৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ |
ডিমা হাচাও জিলাৰ উমৰাংছ’ত থকা নৰ্থ ইষ্টাৰ্ণ পাৱাৰ কৰ্পৰেশ্যন লিমিটেডৰ (নীপকো)ৰ প্লাণ্ট অফিচ বিল্ডিঙৰ কনফাৰেন্স হলত অহা ২১ এপ্ৰিল পুৱা ১০:৩০ বজাৰ পৰা বিয়লি ৪ টা বজালৈ তদন্ত চলাবলৈ এজনীয়া তদন্ত আয়োগে প্ৰমাণ, বক্তব্য আদি লিপিবদ্ধ কৰিব । সেয়েহে আয়োগৰ ওচৰতে কোনো ব্যক্তি, সংগঠন, ভুক্তভোগীৰ পৰিয়ালৰ সদস্যক এই ঘটনা সন্দৰ্ভত কোনো তথ্য থকা আৰু তদন্ত আয়োগৰ আগত মৌখিক প্ৰমাণ বা বস্তুগত প্ৰমাণ দিবলৈ ইচ্ছুক লোকক সন্মিলনত আয়োগৰ সন্মুখত হাজিৰ হ’বলৈ আমন্ত্ৰণ জনাইছে ।

তদন্ত আয়োগে জনোৱা মতে, কোনো ব্যক্তি, সংগঠন বা ভুক্তভোগীৰ পৰিয়ালৰ সদস্যৰ হাতত এই ঘটনাৰ আৰু যদি তথ্য আছে আৰু যিসকলে তদন্ত আয়োগৰ ওচৰত মৌখিক প্ৰমাণ বা বস্তুগত প্ৰমাণ দিবলৈ বিচাৰে তেওঁলোক অহা 21 এপ্ৰিল নিৰ্ধাৰিত সময়ত নিপকৰ কণফাৰেন্স হলত আয়োগৰ সন্মুখত হাজিৰ হ’ব লাগিব ।
উল্লেখ্য যে, যোৱা 6 জানুৱাৰীত উমৰাংছ’ৰ তিনিকিলো কলামাটিৰ অসম কয়লা খনিত সোমাই 9 গৰাকী শ্ৰমিক নিৰুদ্দেশ হৈ পৰিছিল আৰু এই কয়লা খনিৰ ভিতৰতে 9 গৰাকী শ্ৰমিৰ অকাল মৃত্যু ঘটিছিল ।

