ETV Bharat / state

পঞ্চভূতত বিলীন হ’ব জনতাৰ শিল্পী জুবিন, নিশাৰে পৰা গুণমুগ্ধৰ সোণাপুৰত অপেক্ষা

আজি নতুন ঠিকনালৈ চিৰদিনৰ বাবে যাত্ৰা কৰিব জুবিনে । দুচকু বোৱাই অপেক্ষা কৰিছে জনতাই...

WAITING FOR LAST TRIBUTE TO ZUBEEN GARG
জুবিন গাৰ্গক অন্তিম বিদায় দিবলৈ জনতাৰ ভিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 23, 2025 at 8:49 AM IST

|

Updated : September 23, 2025 at 9:41 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : আজি জনতাৰ শিল্পী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ লৈ যোৱা হ’ব তেওঁৰ শেষ ঠিকনা কমাৰকুছিলৈ । এক স্বকীয় সংগীতৰ ধাৰাৰে তিনি দশক ধৰি অসমবাসীৰ হৃদয় জিনা শিল্পী জুবিন গাৰ্গৰ আজিৰে পৰা নতুন ঠিকনা হ'ব হাতীমূৰা টিলা, কমাৰকুছি গাঁও, পাণবাৰী মৌজা, সোণাপুৰ ৰাজহ চক্ৰ, জিলা কামৰূপ (মহানগৰ) । সেয়েহে মহান শিল্পীগৰাকীৰ অন্তিমবাৰৰ বাবে বিদায় দিয়াৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ'বলৈ নিশাৰে পৰাই জনতাৰ সোঁত বৈছে সোণাপুৰত ।

জুবিন গাৰ্গ আৰু কাহানিও উভতি নাহে ''মায়াবিনী ৰাতিৰ বুকুত...'' গাবলৈ । প্ৰিয় শিল্পীগৰাকীক শেষ সন্মান জনাবলৈ লোকাৰণ্য় হৈছে সোণাপুৰ । আজি এই ঠাইলৈকে অন্তিমবাৰৰ বাবে আহিব জনতাৰ শিল্পীগৰাকী । ছিংগাপুৰৰ পিছত আজি দ্বিতীয়বাৰৰ বাবে শিল্পী জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সম্পন্ন কৰাৰ পিচতেই হ'ব তেওঁৰ নতুন ঠিকনালৈ যাত্ৰা । সেয়েহে বিদায় বেলাত প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গক এবাৰ ওচৰৰ পৰা চাবলৈ অনুৰাগীয়ে নিশাৰে পৰা অপেক্ষা কৰিছে সোণাপুৰত ।

পঞ্চভূতত বিলীন হ’ব জনতাৰ শিল্পী জুবিন (ETV Bharat Assam)

সৰুসজাইত নিস্তব্ধ হৈ শুই থকা জুবিন গাৰ্গ আজি কিছু সময়ৰ পিচতেই বিলীন হৈ যাব পঞ্চভূতত ৷ জুবিনক চিৰদিনলৈ নিজৰ বুকুত বিলীন কৰি ল’বলৈ সাজু হোৱা সোণাপুৰৰ সেউজীয়া ভূমিত এতিয়া চৌদিশে কেৱল জনতাৰ সোঁত । শিশুৰ পৰা আৰম্ভ কৰি বয়স্কলৈকে সকলোৱে অপেক্ষা কৰি আছে কেতিয়া আহিব জুবিন গাৰ্গ ।

PREPARATION OF LAST TRIBUTE TO ZUBEEN GARG
জুবিন গাৰ্গক নতুন ঠিকনাত চাবলৈ জনতাৰ ভিৰ (ETV Bharat Assam)

এইদৰে অপেক্ষা কৰি থকা হাজাৰ হাজাৰ জনতাই নাজানে তেওঁলোকৰ অতিকৈ মৰমৰ শিল্পীগৰাকী কেতিয়া আহিব ? পেটত ভোক আৰু দুচকুত টোপনি লৈয়ে অপেক্ষা কৰিছে জুবিন গাৰ্গলৈ । তেওঁলোকৰ মাথোঁ এটাই আশা শেষকৃত্যক অংশলৈ চিৰদিনৰ বাবে বিদায় দিব জনতাৰ শিল্পীগৰাকীক ।

WAITING FOR LAST TRIBUTE TO ZUBEEN GARG
সোণাপুৰত দুচকু বোৱাই অপেক্ষা কৰিছে জনতাই (ETV Bharat Assam)

লগতে পঢ়ক:কাইলৈ পুৱা জুবিনক সাৱটিব সেউজীয়া সোণাপুৰে

নিজে ৰোৱা চন্দনৰ সুবাসত পঞ্চভূতত বিলীন হ'ব প্ৰকৃতিপ্ৰেমী জুবিন

Last Updated : September 23, 2025 at 9:41 AM IST