ETV Bharat / state

আধাৰশিলাৰ 10 মাহৰ পিচতো নিৰ্মাণ নহ’ল পথ, যমৰ যাতনা ভুগিছে ৰাইজে - Demand for construction of road

Poor Road Condition : বোকা আৰু প্ৰকাণ্ড গাঁতৰ ফলত হাৰাশাস্তি ভুগিব লগা হৈছে চিকিৎসালয়লৈ অহা-যোৱা কৰা ৰোগীৰ লগতে সাধাৰণ লোকে ৷ বিধায়কৰ নিৰ্দেশকো কেৰেপ নকৰিলে ঠিকাদাৰে ৷

DAMAGE ROAD IN MAJULI
যমৰ যাতনা ভুগিছে ৰাইজে (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 19, 2024 at 6:50 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী, 19 জুন : লোকনিৰ্মাণ বিভাগৰ অধীনত মাজুলীত নিৰ্মাণ কৰি থকা একাংশ পথত জনসাধাৰণে যাতায়তৰ নামত যমৰ যাতনা ভুগিব লগা হৈছে ৷ অভিযোগ অনুসৰি মাজুলীৰ বাহিৰৰ ঠিকাদাৰক পথ নিৰ্মাণৰ কাম আৱন্টন দিয়াৰ বাবেই এইদৰে 9/10 মাহে যমৰ যাতনা ভোগ কৰিব লগা হৈছে সাধাৰণ ৰাইজে ৷ উল্লেখ যে উজনি মাজুলীৰ চিৰাম দেৱত্তৰস্থিত আয়ুৰ্বেদিক চিকিৎসালয়লৈ যাতায়তৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা আয়ুৰ্বেদিক চিকিৎসালয়ৰ পৰা বালিগাঁও চাৰিআলি হৈ নেপালীবাৰী সংযোগী পথটোৰ বিভিন্ন স্থানত বোকা আৰু প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷ ফলত এতিয়া হাৰাশাস্তি ভুগিব লগা হৈছে চিকিৎসালয়লৈ অহা-যোৱা কৰা ৰোগীৰ লগতে সাধাৰণ লোকে ৷

প্ৰকাণ্ড গাঁতৰ ফলত হাৰাশাস্তি ভুগিব লগা হৈছে ৰাইজে (ETV BHARAT ASSAM)

লগতে পঢ়ক : কৰিমগঞ্জত ভূমিস্খলনে কাঢ়ি নিলে একেটা পৰিয়ালৰে 5 জনৰ প্ৰাণ - landslide in karimganj

ইফালে বিগত বৰ্ষৰ 26 মাৰ্চতেই এই পথৰ আধাৰশিলা স্থাপন কৰিছিল মাজুলীৰ বিধায়ক ভুৱন গামে ৷ আধাৰশিলাৰ পিচত অক্টোবৰ মাহত ঠিকাদাৰে কাম কৰাৰ ৱৰ্কঅৰ্ডাৰ লাভ কৰিছিল ৷ 22 কোটি 33 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা পথটোত আজি 10 মাহে আধাৰশিলাতে দায়িত্ব সমৰিলে ঠিকাদাৰে ৷ পথটোৰ বাবে নিতৌ কণ-কণ ছাত্ৰ-ছাত্ৰী, চিকিৎসালয়লৈ নিয়া ৰোগীয়ে হাৰাশাস্তি ভুগিব লগা হৈছে ৷ আধাৰশিলা স্থাপনৰ 9-10 মাহৰ পিচতো ঠিকাদাৰে বুঢ়া আঙুলি দেখুৱাই পথটোৰ নিৰ্মাণ সম্পূৰ্ণ নকৰিলে ৷

ৰাইজে জনোৱা মতে এই ঠিকাদাৰগৰাকীক মাজুলীৰ বিধায়ক ভুৱন গামে মাৰ্চ মাহত মাজুলীলৈ অহা বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষক সমিতিৰ সন্মুখতে ধমক দি এটা মাহৰ ভিতৰত আয়ুৰ্বেদিক চিকিৎসালয় সংযোগী এই পথটোৰ নিৰ্মাণৰ কাম শেষ কৰিবলৈ নিৰ্দেশ দিছিল ৷ কিন্তু বিধায়কৰ নিৰ্দেশকো ঠিকাদাৰগৰাকীয়ে বুঢ়া আঙুলি দেখুওৱা পৰিলক্ষিত হ’ল ৷ সেয়েহে স্থানীয়ে ৰাইজে তৎক্ষণিকভাৱে এইজন ঠিকাদাৰক কামৰ পৰা আতৰাই আন কৰ্মদক্ষ ঠিকাদাৰৰ দ্বাৰা পথটো নিৰ্মাণ কৰি দিয়াৰ দাবী জনাইছে ৷

লগতে পঢ়ক : কালদিয়াৰ তাণ্ডৱ: বানপীড়িত অঞ্চল পৰিভ্ৰমণ বৰপেটা জিলা আয়ুক্তৰ - Assam Flood 2024