ETV Bharat / state

মাজুলী জিলাত অন্তৰ্ভূক্ত হ'ল লখিমপুৰ জিলাৰ পূব তেলাহী গাঁও পঞ্চায়ত

লখিমপুৰ জিলাৰ পূৱ তেলাহী গাঁও পঞ্চায়ত এতিয়াৰে পৰা অন্তৰ্ভুক্ত হ'ল মাজুলী জিলাত । আনন্দত আত্মহাৰা গাঁও পঞ্চায়তখনৰ বাসিন্দা ।

Pub-Telahi gram panchayat of Lakhimpur district has been included in Majuli district
মাজুলী জিলাত অন্তৰ্ভূক্ত হ'ল লখিমপুৰ জিলাৰ পূৱ তেলাহী গাঁও পঞ্চায়ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 1:17 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: অৱশেষত ভাল খবৰটো আহিল লখিমপুৰ জিলাৰ পূৱ তেলাহী গাঁও পঞ্চায়তবাসীৰ বাবে । লখিমপুৰ জিলাৰ পূৱ তেলাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত লখিমপুৰ জিলাৰ এইসকল লোকে লখিমপুৰ জিলাৰ বিপৰীতে মাজুলী জিলাৰ লগত অন্তৰ্ভুক্ত হ’বলৈ বহু বছৰে দাবী কৰি আহিছিল । যাৰ বাবে বছৰ বছৰ ধৰি তেওঁলোকে এখন সংগ্ৰাম কৰি আহিছিল ।

বছৰ বছৰ ধৰি এই পঞ্চায়তৰ লোকসকলে কৰি অহা সংগ্ৰামৰ অংশ হিচাপে লখিমপুৰ জিলাৰ পূৱ তেলাহী গাঁও পঞ্চায়তখন মাজুলী জিলাত অন্তৰ্ভূক্ত হ'ল । এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসনিক বিভাগৰ আয়ুক্ত সঞ্চালক বিৰেন্দ্ৰ মিট্টালৰ স্বাক্ষৰিত মেম' নম্বৰ . ১৮০৩৮৬/১৩১- এ ১৯/২/২০২৫ তাৰিখৰ নথিফিকেশ্যন অনুসৰি লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ অন্তৰ্গত পূৱ তেলাহী গাঁও পঞ্চায়তখন এতিয়াৰে পৰা মাজুলী জিলা প্ৰশাসনৰ অধীনত অন্তৰ্ভূক্ত হ'ব ।

মাজুলী জিলাত অন্তৰ্ভূক্ত হ'ল লখিমপুৰ জিলাৰ পূৱ তেলাহী গাঁও পঞ্চায়ত (ETV Bharat Assam)

এই জাননী মাজুলী জিলা প্ৰশাসনে লাভ কৰাৰ পিছত নং চি এছ/৫১/২০২৩-চি এ-এম জে এল তাৰিখ ২১ ফেব্ৰুৱাৰী/২০২৫ মতে মাজুলী আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে সকলো বিভাগলৈ এক নিৰ্দেশনা জাৰি কৰি ইয়াক লখিমপুৰ জিলাৰ পৰা মাজুলী জিলালৈ বদলিকৰণৰ প্ৰক্ৰিয়া হাতত লোৱাৰ বাবে উল্লেখ কৰে ।

উল্লেখ্য যে, লখিমপুৰ জিলা গঠনৰ ৫৪ বছৰৰ পিছতো লখিমপুৰ জিলা প্ৰশাসনে পূৱ তেলাহী গাঁও পঞ্চায়ত উন্নয়নৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । ফলত চৌদিশে কেৱল বিভিন্ন জলন্ত সমস্যাৰে জৰ্জৰিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত সমন্বয়ৰক্ষী সমিতি, পূৱ তেলাহীয়ে ২০১৬ চনৰ পৰা ধাৰাবাহিকভাৱে সংগ্ৰাম অব্যাহত ৰাখি আহিছিল ।

সুদীৰ্ঘ ৮ টা বছৰৰ পিছত ৰাজ্য চৰকাৰে লোৱা পদক্ষেপক উষ্ম আদৰণি জনাইছে স্থানীয় ৰাইজে । পূৱ তেলাহী গাঁও পঞ্চায়তৰ এইসকল লোকৰ মাজত এই ভাল খবৰটো প্ৰকাশ হোৱাৰ লগে লগে ফটকা ফুটাই আনন্দ কৰা দেখা গ’ল অঞ্চলবাসীয়ে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সাংসদ প্ৰদান বৰুৱাক ধন্যবাদ জনাই এইসকল লোকে ।

লগতে পঢ়ক: ১০০ প্লাছৰ লক্ষ্য বিজেপিৰ: ২০২৬ৰ বাবে বাজপেয়ী ভৱনত চলিছে ৰণ জয়ৰ আখৰা - ELECTION STRATEGY OF BJP

অসমত আপৰ নেতৃত্ব সলনি, ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত ডাঃ ভৱেন চৌধুৰী - AAP ASSAM