ETV Bharat / state

প্ৰতিবাদত কঁপিল ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয় - Thengal Kachari Autonomous Council

Thengal Kachari : বিগত সময়ত দুৰ্নীতিৰ লগতে মুখ্য কাৰ্যবাহী সদস্যৰ আসনৰ বাবে খোৱা-কামোৰাত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ব্য়স্ত হৈ থকাৰ অভিযোগ । জনগোষ্ঠীটোৰ উন্নয়নলৈ পৰিষদে পিঠি দিয়াৰ অভিযোগ কৰি এইবাৰ শদিয়াৰ পৰা ধুবুৰীলৈ ঠেঙাল কছাৰী জনতাৰ ক্ষোভ ।

Thengal Kachari Protest
ঠেঙাল কছাৰী ৰাইজৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 27, 2024 at 6:36 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট, ২৭ ছেপ্টেম্বৰ: শদিয়াৰ পৰা ধুবুৰীলৈ সিচৰতি ঠেঙাল কছাৰী ৰাইজৰ প্ৰতিবাদত কঁপিল পৰিষদৰ মুখ্য কাৰ্যালয় । ঠেঙাল জনগোষ্ঠীৰ লগতে অন্য জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নত ব্যৰ্থ হোৱা ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বিৰুদ্ধে ৰাইজে সাব্য়স্ত কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী ।

বিতৰ্কই যেন লগা নেৰা হৈছে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদক । কেতিয়াবা যদি দুৰ্নীতিৰ অভিযোগ,আন কেতিয়াবা আকৌ মুখ্য কাৰ্যবাহী সদস্য আসনৰ বাবে খোৱা-কামোৰা । শুক্ৰবাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে সিচৰতি হৈ থকা ঠেঙাল কছাৰী জনগোষ্ঠীয় লোকসকল একত্ৰিত হৈ যোৰহাটৰ তিতাবৰস্থিত ঠেঙাল কছাৰী মুখ্য কাৰ্যালয় চৌহদ উত্তাল কৰে ।

ঠেঙাল কছাৰী ৰাইজৰ প্ৰতিবাদ (ETV Bharat Assam)

ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়টো ঘেৰাও কৰি প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল'গানেৰে আকাশ-বতাহ কঁপাই তোলে । তাৎপৰ্যপূৰ্ণ যে অৰ্থনৈতিক, সামাজিক,ৰাজনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰৰ উন্নয়ন আৰু বিকাশৰ বাবে সদৌ অসম ঠেঙাল কছাৰী সংগঠনে বাৰম্বাৰ পত্ৰ যোগে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সৈতে আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল যদিও সেয়া উপেক্ষা কৰিলে পৰিষদখনে ।

শীঘ্ৰে সমস্য়া সমাধানৰ দাবী

ফলত ৰাইজৰ উন্নয়নলৈ পিঠি দিয়া পৰিষদখনৰ বিৰুদ্ধে এই কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ল বুলি সংগঠনটোৰ এজন বিষয়ববীয়াই মন্তব্য় কৰে । প্ৰতিবাদকাৰীসকলে লখিমপুৰত সংগঠনৰ মুখ্য কাৰ্যালয় নিৰ্মাণ,পৰিষদৰ অধীনত আদৰ্শ গাঁও, সময়ৰ লগত খোজ মিলাব পৰাকৈ কৃষিকৰ্মৰ সৈতে জড়িত লোকসকলক পৰ্যাপ্ত সুবিধা প্ৰদান ,ঠেঙাল সম্প্ৰদায়ৰ ঐতিহাসিক সম্পত্তি সমূহৰ সুৰক্ষা আৰু সংৰক্ষণ, সাম্প্ৰতিক সময়ত চৰকাৰী বিনিয়োগত গঢ় লৈ উঠা কিছু স্থাৱৰ সম্পত্তিৰ সংৰক্ষণ,ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বিদ্যালয়সমূহত ডিজিটেল শ্রেণীকোঠা প্রদানৰ দাবী জনায় ।

তদুপৰি তেওঁলোকে চৰকাৰী সাহাৰ্য তথা সামগ্রী বিতৰণত স্বচ্ছতা বজাই ৰখা আদিৰ লগতে অন্যান্য মৌলিক সমস্যা যদি শীঘ্ৰে সমাধান নকৰে তেতিয়াহ'লে অনাগত দিনত সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ নেতৃত্বত ৰাইজে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে । এই সংগঠনটোৱে ৰাইজৰ সহযোগত গঢ়ি উঠা আন্দোলনৰ বাবে প্ৰশাসনে অৰ্ধসামৰিক বাহিনী নিয়োগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

লগতে পঢ়ক:জনজাতিৰ স্বীকৃতি বিচাৰি যন্তৰ মন্তৰ কঁপালে ছয় জনগোষ্ঠী ঐক্য মঞ্চই - PROTEST AT JANTAR MANTAR

জনজাতিকৰণৰ দাবীৰে লখিমপুৰত চুতীয়া ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট - ST Demand