ETV Bharat / state

বিধায়কৰ পৰা সাংসদলৈ, বিশ বছৰীয়া পৰিক্ৰমাৰ অন্ত পেলোৱা এগৰাকী বিশেষ ব্যক্তি

সুদীৰ্ঘ বিশ বছৰ সাংসদ ফণীভূষণ চৌধুৰীৰ সৈতে ছাঁটোৰ দৰে লাগি থকা দেহৰক্ষীৰ অৱসৰ । বিদায়ী সম্ভাষণ জনাই আবেগিক সাংসদগৰাকী ।

PSO of MP Phanibhushan Choudhury, Bhabeshwar Baruah, takes retirement
বিদায়ী সম্ভাষণ জনালে ফণীভূষণ চোধুৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 10:24 AM IST

3 Min Read
Choose ETV Bharat

বঙাইগাঁও: সাংসদ বা বিধায়কক সকলোৱে মনত ৰাখে । কিন্তু তেওঁলোকৰ আশে-পাশে এনে কিছু ব্যক্তি থাকে যিসকলক আমি চিনি নাপাওঁ বা মনত ৰাখিবলৈ সময় নহয় । কিন্তু তেওঁলোকে সেই বিশেষ ব্যক্তিসকলক বিশেষ হোৱাত নিঃস্বাৰ্থভাৱে কৰি যায় সেৱা । আজি তেনে এগৰাকী ব্যক্তিৰ কথাৰে এই প্ৰতিবেদন ।

সুদীৰ্ঘ বছৰ ধৰি বঙাইগাঁও বিধানসভা সমষ্টিত বিধায়ক হিচাপে থাকি সাংসদ হ'ল ফণীভূষণ চৌধুৰী । ২০০৫ চনত বিধায়ক হৈ থকাৰ সময়তে ফণীভূষণ চৌধুৰীৰ দেহৰক্ষী হিচাপে নিযুক্তি লাভ কৰিছিল ভৱেশ্বৰ বৰুৱা নামৰ অসম আৰক্ষীৰ কনিষ্টবলগৰাকীয়ে । বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰীৰ ভৱেশ্বৰ বৰুৱাৰ সাহসিকতা আৰু বিশ্বাসযোগ্যতাৰ বাবেই পৰৱৰ্তীকালত তেখেতে বিধায়ক পৰিয়ালৰ এগৰাকী সদস্য হৈ পৰে ।

সাংসদ ফণীভূষণ চৌধুৰীৰ দেহৰক্ষীৰ অৱসৰ (ETV Bharat Assam)

বিধায়কৰ পৰা সাংসদলৈ এই বিশ বছৰীয়া পৰিক্ৰমাত বহু ঘাত-প্ৰতিঘাতৰ সাক্ষী হৈ পৰা অসম আৰক্ষীৰ কনিষ্টবল ভৱেশ্বৰ বৰুৱাই ছাঁটোৰ দৰেই থাকি সুৰক্ষা প্ৰদান কৰিছিল বিধায়ক ফণীভূষণ চৌধুৰীক । ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ফণীভূষণ চৌধুৰীৰ সৈতে ১৯ বছৰ দেহৰক্ষী হিচাবে কৰ্তব্য সম্পাদন কৰাৰ পিছত সাংসদ নিৰ্বাচিত হোৱাৰ পিছতো ফণীভূষণ চৌধুৰীয়ে তেওঁকে চাকৰিৰ অন্তিম দিনটোলৈ নিজৰ লগত ৰাখে ।

সম্প্ৰতি বঙাইগাঁও চহৰৰ ২০ নং ৱাৰ্ডৰ বৰপাৰাত নিগাজীকৈ পৰিয়ালসহ থাকিবলৈ লোৱা ভৱেশ্বৰ বৰুৱাই অৱসৰৰ পিছতো সাংসদ ফণীভূষণ চৌধুৰীৰ সৈতে থকাৰ চিন্তা-চৰ্চা কৰিছে । অৱসৰৰ দিনটোত সাংসদ ফণীভূষণ চৌধুৰী আৰু তেখেতৰ বিধায়িকা পত্নী দিপ্তীময়ী চৌধুৰীয়ে ভৱেশ্বৰ বৰুৱাক বিভিন্ন উপহাৰ প্ৰদান কৰাৰ লগতে বিদায় সম্ভাষণ জ্ঞাপন কৰে ।

PSO of MP Phanibhushan Choudhury, Bhabeshwar Baruah, takes retirement
অৱসৰপ্ৰাপ্ত দেহৰক্ষী ভৱেশ্বৰ বৰুৱা (ETV Bharat Assam)

আৰক্ষী কনিষ্টবল সম্পৰ্কে সাংসদ ফণীভূষণ চৌধুৰীয়ে কয়, "দেহৰক্ষী হিচাবে নহয় মোৰ পৰিয়ালৰ এগৰাকী সদস্যৰ দৰে আছিল তেওঁ । চাকৰিৰ পৰা অৱসৰৰ লৈছে যদিও আমাৰ পৰিয়ালৰ পৰা কেতিয়াও বিচ্ছিন্ন নহয় তেওঁ ৷ তেওঁৰ অনাগত দিনবোৰ যাতে সুখেৰে যায় তাকেই কামনা কৰিছো । তেওঁক মই কেতিয়াও গালি দিয়া নাই, কিন্তু দুয়োজনে বহুত অভিমান কৰিছো ।"

PSO of MP Phanibhushan Choudhury, Bhabeshwar Baruah, takes retirement
বিদায়ী সম্ভাষণ জনালে দিপ্তীময়ী চৌধুৰীয়ে (ETV Bharat Assam)

অৱসৰী কনিষ্টবল ভৱেশ্বৰ বৰুৱাই চাকৰিকালৰ শেষৰ বিশটা বছৰ একেলেথাৰিয়ে ফণীভুষণ চৌধুৰীৰ দেহৰক্ষী হিচাপে নিযুক্ত হৈ থকাৰ অন্তত অৱসৰ গ্ৰহণ কৰি কয়, "মোৰ বেয়া লগা নাই, কিয়নো মই এতিয়াও তেওঁৰ সৈতে থাকিম । মাজে সময়ে কিবা ভুল দেখিলে গালি দিছিল যদিও সেয়া আশীৰ্বাদ হিচাপে লৈ কৰ্তব্য পালন কৰি গৈছিলো ।"

লগতে পঢ়ক: গৰুক কাটি কাটি খোৱা মানুহে এতিয়া গৰুৰ বাবে আন্দোলন কৰে: মুখ্যমন্ত্ৰী - CM ON GIR COW CONTROVERSY

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, লাভাম্বিত হৈছে ৰাজ্যৰ বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : বিৰিঞ্চি কাশ্যপ - CM ON GIR COW CONTROVERSY