ETV Bharat / state

ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থিত্বক লৈ বঙাইগাঁৱত প্ৰতিবাদ

Lok Sabha election-2024: বঙাইগাঁও জিলাৰ বৰপাৰাস্থিত বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ বাসগৃহৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ । শতাধিক মহিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিধায়ক ফণীভূষণ চৌধুৰীৰ বাসগৃহৰ সন্মুখত । কোনো কাৰণতে বিধায়কগৰাকীক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ নহ'বলৈ আহ্বান প্ৰতিবাদকাৰী ৰাইজৰ ।

Protests over Phanibhushan Chaudharys candidature in Bongaigaon
ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থিত্বক লৈ বঙাইগাঁৱত প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : March 2, 2024 at 4:27 PM IST

2 Min Read
Choose ETV Bharat
ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থিত্বক লৈ বঙাইগাঁৱত প্ৰতিবাদ

বঙাইগাঁও,২ মাৰ্চ: বৰপেটা লোকসভা সমষ্টিত বিধায়ক ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদানৰ বাতৰি প্ৰকাশৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । বিধায়ক ফণীভূষণ চৌধুৰীক লোকসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনীয়তা অধিক প্ৰকট হোৱাত অসন্তুোষ প্ৰকাশ কৰিছে জিলা অগপকে আদি কৰি সাধাৰণ ৰাইজে । এইবাৰ এই প্ৰসংগক লৈ বঙাইগাঁও জিলাৰ বৰপাৰাত ওলাই আহিল শতাধিক মহিলা ।

বিধায়ক ফণীভূষণ চৌধুৰীৰ বাসগৃহৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । তেওঁলোকৰ এটাই দাবী ফণীভূষণ চৌধুৰী বিধায়ক হিচাবেই থাকক, সাংসদ হব নালাগে । এই দাবীৰে বঙাইগাঁও জিলাৰ বৰপাৰাস্থিত বিধায়ক ফণীভূষণ চৌধুৰীৰ বাসগৃহত বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক মহিলা উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

বিজেপিয়ে অগপ দলক বৰপেটা লোকসভা সমষ্টি এৰি দিয়াৰ পিছত বিগত কেইবাদিনো ধৰি বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ নাম প্ৰাৰ্থী হিচাবে চৰ্চালৈ আহিছে আৰু ইয়াৰ পিছত অগপৰ দলীয় কৰ্মী আৰু বঙাইগাঁৱৰ ৰাইজৰ মাজত এক কৌতুহলৰ সৃষ্টি হৈছে । সেয়ে শনিবাৰে ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি নেতাগৰাকীক বিধায়ক হিচাপে হৈ থকাৰ বাবে আহ্বান জনায় ।

ৰাইজৰ মতে বিধায়ক ফণীভূষণ চৌধুৰী যদি সাংসদ হয় তেনেহলে বঙাইগাঁও অভিভাৱকহীন হৈ পৰিব । উল্লেখ্য যে ৮ বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ সহজ সৰল ব্যক্তিত্ব অসমৰ ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয় । সেইবাবে ৰাইজে বিধায়কগৰাকীক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ দিব বিচৰা নাই । ইতিমধ্যে বিধায়কগৰাকীৰ লগতো ফোনযোগে হোৱা বাৰ্তালাপত তেওঁ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ নহয় বুলি উল্লেখ কৰে । লক্ষ্যণীয়ভাৱে বিধায়কগৰাকীৰ পত্নীয়েও বিধায়ক ফণীভূষণ চৌধুৰী লোকসভা নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাতোৱেই কামনা কৰে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: কোন হ'ব বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী ?