ETV Bharat / state

সাংবাদিকক গ্ৰেপ্তাৰ, উত্তাল ৰাজ্যৰ ৰাজপথ - PROTESTS ARREST OF JOURNALIST

দিলোৱাৰ হুছেইন মজুমদাৰৰ মুক্তিৰ দাবীত সাংবাদিকৰ প্ৰতিবাদ ৷ কলম, বুম এৰি প্ৰতিবাদত বহিল জ্যেষ্ঠ, কণিষ্ঠ সাংবাদিকসকল । প্ৰান্তে প্ৰান্তে প্ৰতিবাদ ।

Protests in various parts of state against the arrest of senior journalist Dilwar Hussain
সাংবাদিকক গ্ৰেপ্তাৰ, উত্তাল ৰাজ্যৰ ৰাজপথ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2025 at 9:06 PM IST

8 Min Read

গুৱাহাটী: জ্যেষ্ঠ সাংবাদিক, গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক অগণতান্ত্ৰিকভাৱে কৰা গ্ৰেপ্তাৰৰ প্ৰতিবাদত উত্তাল হৈ পৰে গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্য । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাংবাদিকসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । বিনাচৰ্তে জ্যেষ্ঠ সাংবাদিকগৰাকীক মুক্তিৰ দাবীত সাংবাদিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ।

সাংবাদিকৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ ৰাজপথ:

কলম, বুম এৰি প্ৰতিবাদত বহিল জ্যেষ্ঠ, কণিষ্ঠ সাংবাদিকসকল । বিনাচৰ্তে দিলোৱাৰ হুছেইন মজুমদাৰক মুক্তি দিয়াৰ দাবীত গুৱাহাটী প্ৰেছ ক্লাবৰ আহ্বানত কেইবাশতাধিক জ্যেষ্ঠ, কণিষ্ঠ সাংবাদিকে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰতিবাদ (ETV Bharat Assam)

সাংবাদিকসকলে ক'লা বেজ পৰিধান কৰি অসম পুলিচ হায় হায়, অসম পুলিচ নিপাত যাওক, অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব হায় হায়, বিনাচৰ্তে দিলোৱাৰ হুছেইন মজুমদাৰক মুক্তি দিয়ক আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা প্ৰতিবাদী সমদল পাণবজাৰ আৰক্ষী থানালৈ আগবাঢ়িব লওতেই আৰক্ষীয়ে বাধা প্ৰদান কৰে । আৰক্ষী আৰু সাংবাদিকসকলৰ মাজত বাকবিতণ্ডাৰ সূত্ৰপাত ঘটে । প্ৰতিবাদত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰে কয়, "কালি যি ঘটনা ঘটিলে সেয়া নিন্দনীয়, গৰিহণাৰ যোগ্য । বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে এপেক্স বেংকৰ পৰিচালন সঞ্চালকৰ পৰা মতামত বিচাৰিছিল । তেওঁক ভিতৰলৈ মাতি নি যি অগণতান্ত্ৰিকভাৱে সাংবাদিকৰ স্বাধীনতা খৰ্ব কৰি তেওঁৰ ভিডিঅ' ক্লিপবিলাক মচি দিবলৈ হেঁচা প্ৰয়োগ কৰিলে ।"

Protests in various parts of state against the arrest of senior journalist Dilwar Hussain
গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰতিবাদ (ETV Bharat Assam)

তেওঁ লগতে কয়, "আৰক্ষীয়ে ঘণ্টাৰ পিছত ঘণ্টা থানাত বহাই থৈ মনে সজা কথাৰ ভিত্তিত গোচৰ তৰি দিলে । উদ্দেশ্য এটায়ে সাংবাদিকে যাতে নিৰপেক্ষভাৱে, স্বতন্ত্ৰভাৱে সংবাদ আহৰণ কৰিব নোৱাৰে, পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে । কেৱল মুখ্যমন্ত্ৰীয়ে যি ভাষণৰ টেলিকাষ্ট বা প্ৰশ্ন নকৰি শ্ৰুতলিপি লৈ বাতৰি কৰা যায়, এই ধৰণৰ বাৰ্তা দিব খুজিছে । এনে পৰিৱেশ আগতেও দেখিছোঁ । তেনে স্বৈৰচ্চাৰী শাসকৰ পতন ঘটাও দেখিছোঁ । এইটো ভাবি ল'ব নালাগে যে তাৰপৰা সাংবাদিকসকল ভীতিগ্ৰস্ত হ'ব । এই কাৰ্যত সাংবাদিকসকল ক্ষোভিত হৈছে । এনে কাৰ্য আমি মানি নলও । বিপদ সাংবাদিকৰ কাৰণে নহয়, জনসাধাৰণৰ বাবে । তেওঁলোকৰ বিৰুদ্ধে কোনোৱে মাত মাতিলে বিপদ আছে বুলি বাৰ্তা দিব বিচাৰিছে ।"

জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে কয়, "আমি জানিব বিচাৰিছো তেওঁ কি অপৰাধ কৰিলে, তেওঁৰ ওপৰত এনে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ল । চৰকাৰৰ সুমতি হওক এনে ঘটনাৰ পুনৰাবৃত্তি নহওক । এটা কথা শুনিবলৈ পাইছোঁ যে, মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতি দ্বয়ৰ বাবে সাংবাদিকজন গ্ৰেপ্তাৰ হ'ল । এই কথাটো সঁচা হলে এই কথাটো অতি দুৰ্ভাগ্যজনক ।"

জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে কয়, "এই কথাটো আমি মানি ল'ব নোৱাৰোঁ ।"

জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয়, "সাংবাদিকজনে অন্য কাম কৰিলে আমি প্ৰতিবাদ কৰিব নাহিলোহেতেন । সাংবাদিকগৰাকীয়ে প্ৰশ্ন কৰিবলৈ গৈছিল । তাৰ সদ উত্তৰ দিয়াতো তেওঁলোকৰ দায়িত্ব আছিল । প্ৰতিজন মানুহৰে জাত-পাত আছে । প্ৰতিজন মানুহে যদি জাত-পাতক লৈ গোচৰ তৰে, সাংবাদিকৰ ওপৰত এই কথাটো সহ্য কৰা নহ'ব । সাংবাদিকৰ জাত-পাত নাই । সাংবাদিকৰ প্ৰশ্ন কৰাৰ অধিকাৰ প্ৰশ্ন কৰিবলৈ গৈছিল । তেওঁক ভিতৰলৈ মাতি নিয়া হৈছিল । ষড়যন্ত্ৰমূলকভাৱে গোচৰ জাপি দিয়া হৈছে । দিলোৱাৰ হুছেইন মজুমদাৰক অতি শীঘ্ৰে মুক্তি দিব লাগে । প্ৰতিবাদত বাধা প্ৰদান কৰাতো উচিত হোৱা নাই ।"

প্ৰতিবাদত অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ অপূৰ্ব কুমাৰ বৰুৱাই কয়, "এনেকুৱা গুণ্ডাৰাজ দেখা নাছিলো । আমি প্ৰতিৰোধৰ বাবে চেষ্টা কৰিব লাগিব । এই চৰকাৰখনে মুখেৰে মাতিবলৈ নিদিব যদি হিমন্ত বিশ্বৰ মতে নচলে । অসমে ভয়ত বহে ভয়ত উঠে । বহুত দুখ পাইছোঁ । সকলোৱে ওলাই আহি প্ৰতিবাদ কৰিব লাগে ।"

আনহাতে, গুৱাহাটী প্ৰেছ ক্লাবে দিলোৱাৰ হুছেইন মজুমদাৰৰ বিনাচৰ্তে মুকলিৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰে । তদুপৰি আগলৈও যাতে কোনো সাংবাদিককে বিনাকাৰণত হাৰাশাস্তি কৰা নহয় তাৰ বাবে চৰকাৰ-প্ৰশাসনক সকীয়াই দি প্ৰস্তাৱ গ্ৰহণ কৰে । উপৰোক্ত প্ৰস্তাৱৰ প্ৰতিলিপি ৰাজ্য তথা ৰাষ্ট্ৰৰ কৰ্তৃত্বশীল পক্ষলৈ স্মাৰকপত্ৰ আকাৰে প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

যদিহে দিলোৱাৰ হুছেইন মজুমদাৰক আজিৰ তাৰিখত মুকলি কৰি নিদিয়ে, কাইলৈৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সম্পাদক সঞ্জয় ৰায়ে দৃঢ় কণ্ঠে ঘোষণা কৰে ।

উল্লেখ্য যে, মঙলবাৰে ক’পাৰেটিভ এপেক্স বেংকত অসম জাতীয় পৰিষদৰ জাতীয় বাহিনীৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি সংগ্ৰহৰ বাবে গৈছিল সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ । সেই সময়তে এপেক্স বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াক দেখি দিলোৱাৰ হুছেইন মজুমদাৰে তেওঁক এপেক্স বেংকত দুৰ্নীতি সংঘটিত হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত প্রশ্ন কৰে । ডম্বৰু শইকীয়াই কৰ্তব্যৰত সাংবাদিকজনক তেওঁৰ কোঠালৈ মাতি নিয়ে আৰু জাতীয় যুৱ বাহিনীৰ প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰিবলৈ কয় সাংবাদিকজনক ।

সাংবাদিকজনে এই প্ৰস্তাৱ অস্বীকাৰ কৰে আৰু ডম্বৰু শইকীয়াৰ কোঠাৰ পৰা ওলাই আহে । কিছু সময়ৰ পাছতে তেওঁক পাণবজাৰ থানালৈ মাতি নিয়ে আৰক্ষীয়ে । নিশা প্ৰায় ১২ বজালৈ সাংবাদিক মজুমদাৰক পাণবজাৰ থানাতে আৱদ্ধ কৰি ৰাখে । ইয়াৰ পিছতে তেওঁৰ ওপৰত দুটা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰে ।

সাংবাদিকজনৰ ওপৰত বেংকৰ এজন কৰ্মচাৰীক জাতিক ধৰি গালি পৰাৰ অভিযোগত 110/25, u/s - 351(2) BNS,R/w - 3(1)(r) Schedule caste and schedule tribe (prevention of atrocities Act 1989, (Amendment 2015) আৰু বেংকৰ নথি চুৰি কৰাৰ অভিযোগত 111/25, U/S- 329/324(4)/351(2)/309(4)/115 দুটাকৈ গোচৰ ৰুজু কৰে ।

সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ওলাই আহিল যোৰহাটৰ সাংবাদিক:

জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা বিৰুদ্ধে বুধবাৰে যোৰহাট প্ৰেছ ক্লাবৰ সাংবাদিকসকলে প্ৰেছ ক্লাবৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিনাচৰ্তে সাংবাদিকজনক মুকলি কৰি দিয়াৰ লগতে সাংবাদিক নিগ্ৰহ বন্ধ কৰা দাবী জনায় । প্ৰতিবাদকাৰী সাংবাদিকসকলে সাংবাদিক নিগ্ৰহ বন্ধ কৰক, অসম আৰক্ষী হায় হায়, সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক বিনাচৰ্তে মুক্তি দিয়ক আদি শ্ল'গানত কঁপি উঠে প্ৰেছ ক্লাবৰ বাকৰি ।

যোৰহাটত প্ৰতিবাদ (ETV Bharat Assam)

আনহাতে, প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদিকা নিহাৰিকা শইকীয়াই কয়, "গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ কাৰ্যক আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ । দুৰ্নীতিৰ বিৰুদ্ধে সাংবাদিকসকলে যেতিয়াই মাত মাতে, তেতিয়াই সাংবাদিকসকল ৰাজনৈতিকভাৱে ষড়যন্ত্ৰৰ বলি হয় । সেয়েহে আমি প্ৰতিবাদস্থলীৰ পৰাই কও সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক বিনাচৰ্তে মুক্তি দিয়ক ।

আনহাতে যোৰহাট প্ৰেছ ক্লাবৰ সম্পাদক পৰমানন্দ বৰাই কয়, "সাংবাদিকসকল ৰাজনৈতিকভাৱে আক্ৰোশৰ বলি হৈছে আৰু সাংবাদিকসকলৰ ওপৰত দমনমুলক নীতি গ্ৰহণ কৰি আহিছে । সেয়ে আমি কৈ আহিছোঁ যে, সংবাদসেৱা কৰিবলৈ সাংবাদিকসকলক এক সুস্থ পৰিৱেশ দিয়ক । কিন্তু আজি সময়ত বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে আৰু সাংবাদিক মজুমদাৰ ৰাজনৈতিক ষড়যন্ত্ৰ বলি হৈছে । সেয়েহে প্ৰতিবাদস্থলীৰ পৰা কওঁ শীঘ্ৰে বিনাচৰ্তে দিলোৱাৰ হুছেইন মজুমদাৰক মুক্তি দিয়ক‌ ।"

শিলচৰ প্ৰেছ ক্লাবৰ গৰিহণা:

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাক গ্ৰেপ্তাৰৰ বিৰুদ্ধে সৰৱ শিলচৰ প্ৰেছ ক্লাব । ‌বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকজনৰ ওপৰত ভুৱা গোচৰ জাপি দি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে শিলচৰ প্ৰেছ ক্লাবে । ঘটনাৰ প্ৰতিবাদত শিলচৰ প্ৰেছ ক্লাবৰ সন্মুখত সাংবাদিকসকলে বিভিন্ন শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

শিলচৰত প্ৰতিবাদ (ETV Bharat Assam)

সাংবাদিকক গ্ৰেপ্তাৰৰ বিৰোধিতা ABMSU ৰ:

গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰে অল বিটিচি মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়নে । এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি এ বি এমছুৰ সভাপতি টাইছন হুছেইনে এই ঘটনাক হিটলাৰী শাসনৰ এক জ্বলন্ত উদাহৰণ বুলি অভিহিত কৰে ।

সাংবাদিকক গ্ৰেপ্তাৰৰ বিৰোধিতা ABMSU ৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি সভাপতিগৰাকীয়ে কয়, "প্ৰশ্ন কৰা আৰু সত্য উন্মোচনৰ চেষ্টা কৰা যদি অপৰাধ হৈ পৰে, তেন্তে এই ৰাজ্যত গণতন্ত্ৰৰ কোনো স্থান নাই । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই গ্ৰেপ্তাৰ কৰা হৈছে, যিটো সংবাদ মাধ্যমৰ কণ্ঠ ৰোধ কৰাৰ এক স্পষ্ট প্ৰয়াস । টাইছন হুছেইনে দিলোৱাৰ হুছেইনৰ অবিলম্বে মুক্তিৰ দাবী জনাই চৰকাৰৰ এই অপশাসনৰ বিৰুদ্ধে সজাগ হ’বলৈ গণমাধ্যম আৰু জনসাধাৰণক আহ্বান জনায় ।

লগতে পঢ়ক: প্ৰশ্ন কৰি বিপদত সাংবাদিক: পাণবজাৰ থানাত আবদ্ধ প্ৰশ্নকৰ্তা সাংবাদিকক - JOURNALIST DILAWAR HUSSAIN MAJUMDAR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.