ETV Bharat / state

ৱাকফ আইনৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ

ৱাকফ আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৰাজ্যৰ বিভিন্ন প্ৰান্তত । কলিয়াবৰত ৰাজপথ উত্তাল কৰিলে প্ৰতিবাদকাৰীয়ে ।

Protests demanding repeal of WAQF ACT 2025  in Kaliabor
ৱাকফ আইনৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 10:43 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ: "হয় আমাক গুলীয়াই মাৰক, নহয় ৱাকফ আইন বাতিল কৰক ।" ৱাকফ আইন ২০২৫ বাতিল কৰাৰ দাবী তুলি তীব্ৰ প্ৰতিবাদ । দেশৰ মুছলমান অধ্যুষিত অঞ্চলসমূহত চলি থকা ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ সমান্তৰালকৈ বৰঘূলীতো প্ৰতিবাদী সমদল বাহিৰ কৰে নৱতম ৱাকফ আইনৰ বিৰুদ্ধে । সংখ্যালঘূ সংগঠন আৰু উলেমা কেৰামসকলৰ সংগঠন জমিয়ত উলেমাই কলিয়াবৰৰ বৰঘূলীত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা ৱাকফ আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ ৱাকফ আইনৰ বিপুল সাল-সলনি ঘটাই প্ৰণয়ন কৰা এই আইনে মুছলমান লোকসকলৰ ব্যাপক অন্যায় কৰিছে । এই আইন অনতি প্ৰথমে বাতিল নকৰিলে, তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় চৰকাৰক সকিয়াই দিয়ে । নেমছু কলিয়াবৰ জিলা সমিতি, বৰঘুলী আঞ্চলিক মহকুমা শ্বৰিঈয়াহ, আঞ্চলিক জমিয়ত উলামা, আঞ্চলিক দ্বিনী তালিমী বৰ্ডৰ লোকসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

ৱাকফ আইনৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ (ETV Bharat Assam)

ইতিমধ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা এই আনখনৰ সমৰ্থন জনাই কয়,"এই আইনখনৰ উদ্দেশ্য হৈছে ৱাকফ সম্পত্তিৰ ব্যৱস্থাপনা (ধৰ্মীয় বা দাতব্য উদ্দেশ্যৰ বাবে মুছলমানসকলে স্থায়ীভাৱে দান কৰা সম্পত্তি) আৰু ঐতিহ্যবাহী স্থানবোৰ সুৰক্ষিত কৰা আৰু সমাজৰ কল্যাণৰ ব্যৱস্থা কৰা । এই আইনখনে সম্পত্তি ব্যৱস্থাপনাত স্বচ্ছতা বৃদ্ধি কৰি, ৱাকফ বোৰ্ড আৰু স্থানীয় কৰ্তৃপক্ষৰ মাজত সমন্বয় সু-শৃংখল কৰি আৰু অংশীদাৰসকলৰ অধিকাৰ সুৰক্ষিত কৰি শাসন উন্নত কৰিব বিচাৰে বুলি উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে সংসদৰ দুয়োখন সদনত মাৰাথন বিতৰ্কৰ পিছত লোকসভা আৰু ৰাজ্যসভাত গৃহীত কৰা হৈছিস ৱাকফ (সংশোধনী) বিধেয়ক । আনহাতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও এই বিধেয়কখনত সন্মতি প্ৰদান কৰিছিল ।

লগতে পঢ়ক: জনকল্যাণৰ বাবে ৱাকফ ভূমিৰ ব্যৱহাৰ নিশ্চিত কৰিবলৈ নতুন আইন: কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া - SCINDIA ON WAQF ACT

ৱাকফ আইনৰ বৈধতাক প্ৰত্যাহ্বান; আবেদনবোৰ যথা সময়ত গ্ৰহণ কৰিব আদালতে - WAQF AMENDMENT ACT 2025