ETV Bharat / state

উভালি নিয়া গছকেইজোপাৰ কেইজোপা বাচিব ? উত্তৰ নাই কাৰো ওচৰত

ৰবীন্দ্ৰ ভৱনৰ সমীপৰ গছ স্থানান্তৰকৰণক লৈ নিশা উত্তেজনা ৷ গছ স্থানান্তৰকৰণৰ বিৰোধিতা কৰাৰ বাবেই ওৰে নিশা ৰঙাঘৰৰ আলহী হ’ল প্ৰতিবাদকাৰী ৷

PROTESTS AGAINST CUTTING OF TREES
গছ স্থানান্তৰকৰণৰ বিৰুদ্ধে প্ৰতিবাদ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 7, 2025 at 1:10 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: গছ স্থানান্তৰকৰণক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা পুনৰ উত্তাল হ’ল গুৱাহাটীৰ দীঘলীপুখুৰী পাৰ ৷ নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ হ’বলগীয়া উৰণসেতু নির্মাণৰ নামত ৰবীন্দ্ৰ ভৱনৰ সমীপৰ গছ স্থানান্তৰকৰণৰ বিৰোধিতাৰে ওলাই আহিল একাংশ লোক । গছ স্থানান্তকৰণৰ নামত গছ কটা কাৰ্যক বিৰোধিতা কৰি ‘গছ কাটিব নিদিওঁ’, ‘গছ স্থানান্তৰিত কৰাৰ পূৰ্বে গৱেষণা কৰক, তথ্য দিয়ক’, ‘স্থানান্তৰিত কৰাৰ পিছত কেইডাল গছ বচাব’ বুলি একাংশ লোকে উত্তাল কৰি তোলে দীঘলীপুখুৰীৰ পাৰ ৷

কিন্তু গছ স্থানান্তৰিত কৰাৰ বাবে ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীক আৰক্ষীয়ে টানি চোঁচোৰাই আটক কৰি আৰক্ষী থানালৈ লৈ যায় । নিৰংকুশ নাথ, উৎপলা দাস, ৰাজদ্বীপ মহন্ত, দেৱব্ৰত শইকীয়া, নৌচাদ ৰাছিদ, আলোক নৰহ, অনিন্দিতা দাস, অংকুমান বৰদলৈ আৰু দ্বীপশ্বেখৰ কলিতা আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় । নিশাটো লতাশিল থানা আৰু পাণবজাৰ মহিলা আৰক্ষী থানাত তেওঁলোকক ৰখাৰ পাছত পুৱা মুকলি কৰি দিয়ে আৰক্ষীয়ে ।

গছ স্থানান্তৰকৰণৰ বিৰুদ্ধে প্ৰতিবাদ (ETV BHARAT ASSAM)

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত নিৰংকুশ নাথে কয়, "দীঘলীপুখুৰীৰ পাৰত বহু পুৰণি গছ আছিল । এই গছবোৰৰ কেইবাজোপাও গছ নিশা স্থানান্তৰ কৰাৰ নামত কাটি পেলোৱা হৈছিল । আমি ইয়াক বাধা প্ৰদান কৰাত আমাক আটক কৰি লৈ যায় ।"

তেওঁ লগতে কয়, "পৰিৱেশ মন্ত্ৰালয়ত দাখিল কৰা এক প্ৰতিবেদনত ভাৰতত গছৰ স্থানান্তৰৰ কৰুণ অৱস্থাৰ বিষয়ে উল্লেখ কৰা হৈছে । ঝাৰখণ্ডৰ দৰে ‘অনগ্ৰসৰ’ ৰাজ্যত স্থানান্তৰিত গছ জীয়াই থকাৰ হাৰ ১.৭ % ৷ আনহাতে অসমত ইয়াৰ কোনো তথ্য নাই । গছৰ স্থানান্তৰৰ সময়ত আৰু পিছত মানি চলিবলগীয়া সকলো প্ৰট’কলো প্ৰতিবেদনত উল্লেখ কৰা হৈছে । অসমত কোনো গৱেষণা নকৰাকৈ অগণতান্ত্ৰিকভাৱে এই কাম কৰিছে হিমন্ত চৰকাৰে । তাৰ আমি বিৰোধিতা কৰিছো ।"

তেওঁ আৰু কয়, "আমি তাৰ প্ৰতিবাদ কৰাৰ বাবে আমাক আটক কৰা হৈছিল । গোটেই ৰাতি থানাত ৰাখি থোৱা হয় আৰু পুৱা ৬ বজাত এৰি দিয়ে । বাকী থকা গছবোৰ ৰক্ষা কৰিবলৈ গুৱাহাটীবাসীক ওলাই আহিবলৈ আহ্বান জনাইছো । মুখ্যমন্ত্ৰীক লেম্ব ৰোডত ব্ৰীজখন শেষ কৰিবলৈ দাবী জনাইছো ।"

লগতে পঢ়ক : বৃক্ষ ৰক্ষাৰ বাবে আকৌ ওলাই আহিবলগীয়া হ'ল ৰাইজ