শিলচৰ : দেশৰ বিভিন্ন প্ৰান্তত ৱাকফ(সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । অসমৰ কাছাৰ জিলাৰ শিলচৰত শেহতীয়াকৈ শ শ লোকে এই আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল । য'ত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল । আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিও হৈছিল । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰিবলগীয়া হৈছিল । ইফালে আৰক্ষীক লক্ষ্য কৰি প্ৰতিবাদকাৰীয়ে শিলাবৰ্ষণো কৰিছিল ।
আৰক্ষীক লক্ষ্য় কৰি শিলাবৰ্ষণ,৭ অভিযুক্তক গ্ৰেপ্তাৰ
অৱশ্যে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল আৰু ইতিমধ্যে ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষীৰ বিৰুদ্ধে শিলাবৰ্ষণত জড়িত থকাৰ অভিযোগ লোককেইজনক গ্ৰেপ্তাৰ কৰিছে শিলচৰ আৰক্ষীয়ে । ইয়াৰ পিছতে অধিক কঠোৰ হৈছে শিলচৰ আৰক্ষীয়ে । আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি হ'ব পৰা যিকোনো ধৰণৰ ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে । এই সন্দৰ্ভত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ সকীয়নিও প্ৰদান কৰিছে ।
উল্লেখ্য যে শিলচৰত গ্ৰেপ্তাৰ হোৱা প্ৰতিবাদকাৰী কেইজন হৈছে ক্ৰমে নজমুল ইছলাম, বিদাৰ লস্কৰ, ৰোহিত হুছেইন, দিলৱাৰ হুছেইন, ৰোহিত আহমেদ, আতিকুৰ ৰহমান আৰু ৰিয়াজুল লস্কৰ । আটাইকেইজনৰে ঘৰ কাছাৰৰ বেৰেঙ্গা আৰু কাশিপুৰ অঞ্চলত বুলি জানিব পৰা গৈছে । দেওবাৰে শিলচৰ বেৰেঙ্গাৰৰ পৰা ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰে একাংশ লোক ৰাজপথলৈ ওলাই আহিছিল । শিলচৰ চামৰাগুদাম অঞ্চলত এই বৃহৎ সমদলটোক আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰাৰ সময়তে তীব্ৰ হতাহতি হৈছিল । প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ গালৈ শিল নিক্ষেপ কৰিছিল । যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিছিল ।
কাছাৰ আৰক্ষী অধীক্ষকৰ সকীয়নি
সমগ্ৰ ঘটনা সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই কয়,"যোৱা নিশা আমি অভিযান চলাইছিলো আৰু ঘটনাৰ মূল অভিযুক্তসকলৰ ৭ জন আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছো । বৰ্তমান অধিক তদন্ত চলাই আছো । কিছুমান মুখ্য ব্যক্তিক চিনাক্ত কৰা হৈছে । তেওঁলোকৰ বিৰুদ্ধেও কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । এনেকুৱা কোনো ধৰণৰ অবৈধ প্ৰদৰ্শনকাৰী বা আইন বিৰোধী যিকোনো কাৰ্যকলাপ, আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা যিকোনো শক্তিক আমি সহ্য নকৰো । তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা লোৱা হ'ব আৰু তাৰ কাৰণে আৰক্ষী-প্ৰশাসন সম্পূৰ্ণ তৎপৰ হৈ আছে ।
লগতে পঢ়ক :ৱাকফ বিৰোধী প্ৰতিবাদ; শিলচৰত প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতি - PROTEST AGAINST WAQF AMENDMENT ACT