ডিব্ৰুগড় : বিগত এটা মাহৰ পূৰ্বে শিৱসাগৰ আৰু তিনিচুকীয়াত অনা অসমীয়া লোকে খিলঞ্জীয়া লোকক আক্ৰমণ কৰা ঘটনাক লৈ সমগ্ৰ অসমত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি । অনা অসমীয়াৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল উজনি অসমত ।
আনকি সমগ্ৰ ঘটনাক লৈ অসম চৰকাৰে হস্তক্ষেপ কৰিব লগা হৈছিল । এই ঘটনা কিছু শাম কটাৰ পাছত পুনৰ ডিব্ৰুগড়ত সংঘটিত হ'ল অসমীয়া-অনা অসমীয়াৰ সংঘাতৰ দৰে ঘটনা । সোমবাৰে সন্ধিয়া বামুণবাৰীৰ ১নং কেকুৰী বঙালী গাঁৱৰ আদি দেৱ নামৰ এজন যুৱকৰ নেতৃত্বত অহা এটা ২০-২৫ জনীয়া দলে ছাত্ৰ নেতা তন্ময় বৰগোঁহাইক ঘৰৰ সন্মুখৰ পৰা চোঁচৰাই নি মাটিত বগৰাই বগৰাই উপৰ্যুপৰি প্ৰহাৰ কৰে ।
ইমানতে ক্ষান্ত নাথাকি আদি দেৱৰ গুণ্ডা বাহিনীয়ে তন্ময় বৰগোঁহাইৰ পৰিয়ালক হত্যা কৰা আৰু ঘৰ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰে । ঘটনা পোহৰলৈ অহাৰ পাছতে নিশাই ৰাজপথলৈ ওলাই আহে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ।
- স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে সমগ্ৰ বামুণবাৰী :
বামুণবাৰীত আছু নেতাক প্ৰহাৰ আৰু পৰিয়ালৰ লোকক প্ৰাণে মৰাৰ ভাবুকি দিয়াক লৈ মঙলবাৰে দিনটো উত্তপ্ত হৈ থাকিল বামুণবাৰী । সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোঁহাইৰ দলবদ্ধ আক্ৰমণৰ ঘটনাৰ লগত জড়িত আটাইকেইজন দুৰ্বৃত্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবীত অটল স্থানীয় জাতীয় দল-সংগঠন তথা ৰাইজ ।

মঙলবাৰে পুৱাৰে পৰা বামুণবাৰী অঞ্চলৰ সমগ্ৰ দোকান-পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰে । ৰাজপথলৈ ওলাই আহে স্থানীয় দল-সংগঠনৰ লগতে সাধাৰণ জনতা । পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকাত নিৰাপত্তাৰক্ষীয়ে ঘেৰি ৰাখে সমগ্ৰ অঞ্চলটো ।
ঘটনাস্থলীত মৰাণ আৰক্ষী, চক্ৰ বিষয়া আৰু টিংখাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষীৰ লোক উপস্থিত হৈ স্থানীয় দল-সংগঠন আৰু স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত আটাইকেইজন দুৰ্বৃত্তক অতি শীঘ্ৰে আটক কৰাৰ আশ্বাস প্ৰদান কৰে ।

আনহাতে উপস্থিত আৰক্ষী বিষয়া কেইজনে স্থানীয় ৰাইজ আৰু ব্যৱসায়ীসকলক বন্ধ উঠাই লৈ স্বাভাৱিক পৰিস্থিতি পুনৰ ঘুৰাই আনিবলৈ আহ্বান জনায় ।
- পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তিনিজনক আটক:
ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰ নেতাজনৰ পৰিয়ালে বামুণবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সোমবাৰে নিশাই আৰক্ষীয়ে আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত আদি দেৱসহ তিনিজনক আটক কৰি তদন্ত অব্যাহত ৰখাৰ লগতে অন্য অভিযুক্তসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।
- শ্বহীদ বেদীত সেৱা ল'লে অভিযুক্তৰ পৰিয়ালে:
ইফালে বন্ধ উঠাই লোৱাৰ লগতে প্ৰতিবাদ নকৰিবলৈ আৰক্ষী প্ৰশাসনে দল-সংগঠনক আহ্বান জনোৱাৰ পাছতো ক্ষান্ত হোৱা নাছিল দল-সংগঠন । অৱশেষত অভিযুক্ত যুৱকসকলৰ পৰিয়ালে সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰি বামুণবাৰী চাৰিআলিত থকা শ্বহীদ বেদী পানীৰে ধুই শৰাই আগবঢ়াই সেৱা লৈ ক্ষমা বিচাৰে ।

- দোষীক কঠোৰ শাস্তিৰ দাবী আছুৰ:
প্ৰতিবাদস্থলীত জিলা আছুৰ নেতৃত্বৰ লগতে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বুলবুল দত্ত উপস্থিত থাকি সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "এই ঘটনাক ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৰিহণা জনাইছো । অসমত অসমীয়া জাতিৰ ওপৰত অনা অসমীয়াৰ দাদাগিৰি, অত্যাচাৰ ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰো । ঘটনাৰ লগত জড়িত থকাসকলক যেতিয়ালৈকে উচিত শাস্তি নিদিয়ে তেতিয়ালৈকে আমি শান্ত নাথাকো ।"