ETV Bharat / state

চৰকাৰে ৰাজপথত প্ৰতিবাদ কৰাত বাধা দিব নোৱাৰে-গৰজি উঠিল প্ৰতিবাদকাৰী - PROTESTS AGAINST CUTTING OF TREES

গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰাৰ পিচতো কিয় কাটিলে দীঘলীপুখুৰী পাৰৰ গছ ?

PROTESTS AGAINST CUTTING OF TREES IN GUWAHATI
দীঘলীপুখুৰী পাৰৰ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 8, 2025 at 10:09 PM IST

5 Min Read

গুৱাহাটী : এইবাৰ নিশা কাটিলে গছ । উৰণসেতু নিৰ্মাণৰ নামত মহানগৰীৰ ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ গছ কটাক লৈ অব্য়াহত তীব্ৰ প্ৰতিক্ৰিয়া । দীঘলীপুখুৰী পাৰৰ গছ কটাক লৈ চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত পূর্বে দাখিল কৰা শপতনামাৰ বিপৰীত স্থিতি গ্রহণ কৰাৰ পিচতেই এই কাৰ্যৰ বিৰুদ্ধে ওলাই আহিল প্ৰতিবাদী জনতা ।

ব্যাপক জনজাগৰণ আৰু আদালতৰ গোচৰৰ পাছত চৰকাৰে ঘোষণা কৰিছিল যে জিএনবি ৰোডৰ উৰণ সেতুৰ আৰ্হি পুনৰ বিবেচনা কৰা হ'ব যাতে কোনো গছত প্রভাৱ নপৰে; কিন্তু ছমাহৰ পাছত চৰকাৰে সম্পূর্ণ বিপৰীত সিদ্ধান্ত গ্ৰহণ কৰিলে । এই প্রতিবাদ অব্যাহত থকাৰ পাছতো কর্তৃপক্ষই প্রায় এশ গছৰ 'হত্যা'ৰ অভিযান চলাই আছে ।

দীঘলীপুখুৰী পাৰৰ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

অসম চৰকাৰে যোৱা বছৰৰ নৱেম্বৰত দীঘলীপুখুৰীৰ প্ৰতিবাদৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাত স্পষ্টভাৱে উল্লেখ কৰিছিল যে উৰণ সেতুখনৰ আৰ্হি পুনৰ বিবেচনা কৰা হ'ব যাতে আৰু এজোপা গছতো কোনো প্রভাৱ নপৰে । গুৰুত্বপূর্ণভাৱে ৰাজহুৱা স্বার্থজড়িত আবেদনৰ উত্তৰত দাখিল কৰা এই শপতনামাত গছৰ স্থানান্তৰ বা কটাৰ কোনো উল্লেখ কৰা হোৱা নাছিল ।

এই সন্দৰ্ভত দেওবাৰে চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সংবাদমেল সম্বোধন কৰি চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে ক্ষোভ উজাৰে । বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইয়ে কয়, "চৈৰতান্ত্ৰিক চৰকাৰখনে জনসাধাৰণৰ স্বাৰ্থ,জনগনৰ মংগল আৰু অধিকাৰ ভৰিৰে গছকি এই কাম কৰিছে । এইটো এটা অত্য়ন্ত অশুভ কথা । এয়া চলি থাকিলে এনেদিন আহিব যে কাক ঘৰৰ পৰা টানি উলিয়াই নি ক'ত কি দণ্ড দিয়ে, হত্য়া কৰে তাৰো হিচাপ নোহোৱা হ'ব । চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিলে তাৰ ফল শুভ নহ'ব ।"

CUTTING OF TREES IN GUWAHATI
দীঘলীপুখুৰী পাৰৰ কটা গছ (ETV Bharat Assam)

আগতেই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগিছিল:

বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে পুনৰ কয়, "আগতেই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগিছিল । এতিয়া শুভ লক্ষণ যে ৰাইজ ওলাই আহিছে । ঐতিহাসিক গুৰুত্ব থকা ঠাইৰ শোভাবৰ্ধন তথা পৰিৱেশ ৰক্ষা কৰি থকা গছবোৰ হঠাতেই কাটি পেলোৱা হ'ল । চৰকাৰে দীঘলীপুখুৰী পাৰৰ গছবোৰ কিয় কাটিলে তাৰ কাৰণ জানিবলৈ দিয়া নাই । চৰকাৰৰ এই অভিপ্ৰায় শুভ নহয় । এমুঠিমান মানুহৰ মুনাফাৰ বাবে এই কাম কৰিছে ।"

তেওঁ লগতে কয়, "প্ৰতিবাদত চৰকাৰ ইমানে শংকিত হৈছে যে এখন জাননীযোগে প্ৰতিবাদ বন্ধ কৰিছে ।" বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে সময় থাকোতেই ৰাইজক চৰকাৰৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনায় ।

চোৰ-ডকাইতৰ দৰে গছ হত্যা কৰিলে :

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অধিবক্তা শান্তনু বৰঠাকুৰে কয়, "শেহতীয়াকৈ চৰকাৰে যি কাণ্ড কৰিছে ৰাতিৰ আন্ধাৰত চোৰ-ডকাইতৰ দৰে গছ হত্যা কৰিলে এয়া গৰিহণাৰ যোগ্য । উচ্চ ন্যায়ালয়ত দীঘলীপুখুৰীৰ গছ কটাক লৈ ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল । শপতনামাত চৰকাৰে দীঘলীপুখুৰীৰ গছত কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰিছিল; কিন্তু তাৰ পিছত আদালত আৱমাননা কৰি এই কাৰ্য কৰিছে । যিসকল অধিবক্তাই এই গোচৰটো চলাইছিল তেওঁলোকে এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰিবলৈ IA দাখিল কৰিছে । মই ভাবো উচ্চ ন্যায়ালয়ে অনতি পলমে এইক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব । চৰকাৰে যেতিয়া শপতনামা দাখিল কৰি এই কথাটো ক'ব আৰু তাক উলংঘা কৰিব তাৰমানে এটা কথা বুজা যাব যে এইখন চৰকাৰৰ আইনৰ শাসনৰ ওপৰত কোনো আস্থা নাই । সংবিধানৰ ওপৰত কোনো আস্থা নাই । তেওঁলোকৰ ন্য়ায়পালিকাৰ ওপৰত কোনো আস্থা নাই । তেওঁলোকো যি ইচ্ছা তাকেই কৰিব খোজে ।"

ৰাজপথত প্ৰতিবাদ কৰাৰ অধিকাৰ উচ্চতম ন্য়ায়ালয়ৰ স্বীকৃত :

তেওঁ লগতে কয়, "যিদিনাখনেই এই ঘটনাটো ঘটিছিল সিদিনাখনেই বহু যুৱকে একলগে দীঘলীপুখুৰীৰ পাৰত থিয় হৈ প্ৰতিবাদ কৰিছিল । তাৰ পিছদিনাই আৰক্ষী আয়ুক্তই এখন জাননী যোগে প্ৰতিবাদ, সমদল আদি বন্ধ কৰিছে । সেইটোতে স্বেচ্ছাচাৰী শাসনৰ ছবি দেখা পোৱা গৈছে । ৰাইজৰ বাক স্বাধীনতা কাঢ়ি ল'বলৈ চেষ্টা কৰিছে । এয়া চৰকাৰে কোনো কাৰণতেই কৰিব নোৱাৰে । ৰাজপথত প্ৰতিবাদ কৰাৰ অধিকাৰ ১৯৬৯ চনত উচ্চতম ন্য়ায়ালয়ে স্বীকৃত কৰিছে । উচ্চতম ন্য়ায়লয়ে কৈছিল যে ৰাইজে প্ৰতিবাদ ৰাজপথত নকৰি ক'ত কৰিব ? এয়া উলংঘা কৰি জাননী যোগে প্ৰতিবাদ, সমদল আদি বন্ধ কৰিছে ।"

আজিৰ সংবাদমেলত বিজ্ঞানী দীনেশ গোস্বামী, শিক্ষাবিদ অপূৰ্ব কুমাৰ বৰুৱা, ইতিহাসবিদ মনোৰমা শৰ্মাই চৰকাৰৰ এই কাৰ্যৰ বিৰোধিতা কৰে ।

লগতে পঢ়ক:ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ গছবোৰ ক'লৈ নিব ? নিশাৰ অন্ধকাৰত মহানগৰীত গছ কটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া - REACTION OVER CUTTING OF TREES

উভালি নিয়া গছকেইজোপাৰ কেইজোপা বাচিব ? উত্তৰ নাই কাৰো ওচৰত - PROTESTS AGAINST CUTTING OF TREES

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.