ETV Bharat / state

উৎকট গৰমকো নেওচি দীঘলীপুখুৰীত গছ কটাৰ বিৰোধিতাৰে মানৱ শৃংখল

অপৰিকল্পিত স্থানান্তকৰণৰ নামত গছ কটা বন্ধ কৰিবলৈ দাবী জনাই ওলাই আহিল ৰাইজ ।

PROTESTS AGAINST CUTTING OF TREES AT Dighalipukhuri
মহানগৰীত গছ কটাৰ বিৰোধিতাৰে মানৱ শৃংখল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 14, 2025 at 5:58 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : উৎকট গৰমকো নেওচি দীঘলীপুখুৰী পাৰৰ গছ কটাৰ বিৰুদ্ধে ওলাই আহিল সচেতন ৰাইজ । ছাত্ৰ-ছাত্ৰীৰ পৰা বৃদ্ধলৈকে সকলো ওলাই আহি চৰকাৰৰ গছ কটা সিদ্ধান্তৰ বিৰোধিতাৰে গঢ়িলে মানৱ শৃংখল । গুৱাহাটীৰ নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংকলৈ উৰণ সেতু নিৰ্মাণৰ নামত দীঘলীপুখুৰীৰ গছ কটাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্য়াহত থকাৰ মাজতেই প্ৰশাসনে গছ স্থানান্তৰ কৰিবলৈ আৰম্ভ কৰাত গৰজি উঠিছে ৰাইজ ।

'অপৰিকল্পিত স্থানান্তকৰণৰ নামত গছ হত্যা বন্ধ কৰক', 'গছ হত্যাৰ সিদ্ধান্ত বাতিল কৰক', 'গছৰ অবিজ্ঞানসন্মত স্থানান্তৰ বন্ধ কৰক' আদি শ্লোগানেৰে হাতে হাতে প্লে-কাৰ্ড লৈ মানৱ শৃংখল গঢ়ি তুলিলে শ শ ৰাইজে । শনিবাৰে এই প্ৰতিবাদত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "মুখ্যমন্ত্ৰীয়ে কয় এটা কাম, কৰে এটা । তেওঁ প্ৰতিশোধ পৰায়ণভাৱে কাম কৰে । এফালে বিশ্ব ৰেকৰ্ড কৰিবলৈ তেওঁ গছপুলি ৰোপণ কৰিছিল । গছপুলি ৰোপণ কৰি মানুহৰ মাজত আৱেগ সৃষ্টি কৰিছিল । তাৰ বিপৰীতে শতিকাজোৰা গছ-গছনি যিবোৰে আমাৰ ঐতিহ্য বহন কৰিছে, গুৱাহাটীৰ ইতিহাস জড়িত হৈ আছে । এই গছবোৰ কাটি ধ্বংস কৰিলে । মুখ্যমন্ত্ৰীৰ জ্ঞানৰ চকু খোল খাওক ।"

মহানগৰীত গছ কটাৰ বিৰোধিতাৰে মানৱ শৃংখল (ETV Bharat Assam)

এই মানৱ শৃংখলত অংশগ্ৰহণ কৰি প্ৰবীণ অভিনেতা মিৰেল কুদ্দুছে কয়, "মোৰ ৮৪ বছৰ বয়স । ভালকৈ থিয় হ'ব পৰা নাই; কিন্তু গছ কটাটো সহ্য হোৱা নাই যাৰ বাবে আহিছো । এই পুৰণি গছবোৰে আমাৰ ঐতিহ্য বহন কৰি আহিছে । এই গছবোৰক আমি কেনেকৈ কাটিব দিওঁ ।"

আপৰ নেত্ৰী অনুৰূপা ডেকাৰজাই কয়, "অতি দুখৰ কথা আমি গছ কটাৰ বিৰুদ্ধে ওলাই আহিবলগা হৈছে । গছবোৰ স্থানান্তৰ কৰিব বুলি কৈ সাধাৰণ জনতাক মূৰ্খ সজাব আহিছে । গছৰ ডাল-পাত কাটি দিলে কেনেকৈ গছ এজোপা জীয়াই থাকিব ? ৰাইজৰ কথা নুশুনি চোৰৰ দৰে নিশা গছ কাটিছে ।"

আনহাতে, সচেতন নাগৰিক মছদ্দৰ হুছেইনে কয়, "গুৱাহাটীৰ ঐতিহ্যৰ সৈতে জড়িত দীঘলীপুখুৰী অঞ্চলৰ গছবোৰ ৰক্ষাৰ দাবীত যোৱা বছৰ ২৯ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীৰ প্ৰকৃতিপ্ৰেমীসকলে এক স্বতঃস্ফূৰ্ত আন্দোলন গঢ়ি তুলিছিল ৷ নিশা গছবোৰ পহৰা দিয়া হৈছিল ৷ দীঘলীপুখুৰী অঞ্চলৰ স্থানীয় বাসিন্দা আৰু গুৱাহাটীৰ প্ৰকৃতিপ্ৰেমীসকলৰ অভূতপূৰ্ব আন্দোলনৰ হেঁচাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশা দীঘলীপুখুৰী অঞ্চল পৰিভ্ৰমণ কৰি গুৱাহাটীবাসীক প্ৰতিশ্ৰুতি দিছিল যে দীঘলীপুখুৰী অঞ্চলৰ এডালো গছ কটা নহয় ৷"

তেওঁ লগতে কয়, "গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ প্ৰত্যুত্তৰত ৰাজ্যচৰকাৰে শপতনামাৰ জৰিয়তে আদালতক জনাইছিল যে দীঘলীপুখুৰী অঞ্চলৰ এডালো গছ কটা নহয় বুলি ৷ নিশা লুকাই-চুৰিকৈ গছ কাটি ৰাজ্য চৰকাৰ আৰু প্ৰশাসনে গুৱাহাটীৰ জনসাধাৰণ আৰু বিশেষকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ক শপতনামাৰ জৰিয়তে প্ৰদান কৰা প্ৰতিশ্ৰুতি ভংগ কৰিলে ৷"

লগতে পঢ়ক: ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ গছবোৰ ক'লৈ নিব ? নিশাৰ অন্ধকাৰত মহানগৰীত গছ কটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া - REACTION OVER CUTTING OF TREES

উভালি নিয়া গছকেইজোপাৰ কেইজোপা বাচিব ? উত্তৰ নাই কাৰো ওচৰত - PROTESTS AGAINST CUTTING OF TREES