ETV Bharat / state

পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰুদ্ধে পুনৰ কাজিৰঙাত প্ৰতিবাদ - Protest in Kaziranga

Protest in Kaziranga : কাজিৰঙাত চৰকাৰে পঞ্চতাৰকা নিৰ্মাণৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে ! তাৰ মাজতে শনিবাৰে অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘৰ উদ্যোগত হাতীখুলি চাহ বাগিচাত প্ৰতিবাদী কাৰ্যসূচী । চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা প্ৰতিবাদকাৰীৰ ।

Protest in Kaziranga
পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰুদ্ধে পুনৰ কাজিৰঙাত প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 3, 2024 at 3:11 PM IST

2 Min Read
Choose ETV Bharat

কাজিৰঙা, ৩ আগষ্ট : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । ইয়াৰ মাজতে শনিবাৰে পুনৰ অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘৰ উদ্যোগত হাতীখুলি চাহ বাগিচাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কোনো কাৰণতে চাহ গছ উভালি কাজিৰঙাত হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব বুলি দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ।

পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰুদ্ধে পুনৰ কাজিৰঙাত প্ৰতিবাদ (ETV Bharat)

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি জনগণৰ প্ৰতিবাদক ভেঙুচালি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে শনিবাৰে তাজ গ্ৰুপৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ ওলাইছে ।

হাতীখুলি চাহ বাগিচাত প্ৰতিবাদ :

কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰুদ্ধে শনিবাৰে অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘৰ উদ্যোগত আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত চাহ বাগিচাৰ শতাধিক শ্ৰমিকে অংশগ্ৰহণ কৰে । প্ৰতিবাদত অংশ লৈ অসম চাহ মজদুৰ সংঘৰ কিষাণ কৰ্মকাৰে চৰকাৰৰ নীতিক তীব্ৰ সমালোচনা কৰে ৷

আনহাতে শেহতীয়াকৈ কাজিৰঙাত হায়াটৰ পঞ্চতাৰকা হোটেলৰ বিৰোধিতা কৰাৰ বাবেই আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত দমনমূলক স্থিতি গ্ৰহণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে নেতাগৰাকীয়ে ।

প্ৰতিবাদত অংশ লৈ চাহ কৰ্মচাৰী সংঘৰ নেতা দিব্যজ্যোতি কৰ্মকাৰে চৰকাৰৰ নীতিক কঠোৰ সমালোচনা কৰি কয়, "চাহ গছ উভালি কোনো কাৰণতে পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব । আজি আমি জানিব পৰা মতে চৰকাৰে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে তাজ গ্ৰুপৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ ওলাইছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টো পুনৰ বিবেচনা কৰিব লাগে ।"

চাহ বাগিচা কৰ্তৃপক্ষৰ প্ৰতিক্ৰিয়া :

প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে হাতীখুলি চাহ বাগিচাৰ মুখ্য পৰিচালন অধীক্ষক মিত্ৰভানু দাসক বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰও প্ৰদান কৰে ৷ স্মাৰকপত্ৰ গ্ৰহণ কৰি হাতীখুলি চাহ বাগিচাৰ মুখ্য পৰিচালন অধীক্ষকগৰাকীয়ে কয়, "ইতিমধ্যে হাতীখুলি চাহ বাগিচাত পঞ্চতাৰকা হোটেল নিৰ্মাণ সম্বন্ধীয় বিভিন্ন বিষয়ত সংগঠনসমূহৰ সৈতে আলোচনা কৰা হৈছে । চৰকাৰৰ সৈতেও এই সন্দৰ্ভত আলোচনা হৈছে ৷ এই আলোচনাত সংগঠনবোৰে উত্থাপন কৰা বিভিন্ন দাবী বাগিচা কৰ্তৃপক্ষই মানি লৈছে । আগন্তুক কিছুদিনৰ ভিতৰতে বাগিচা কৰ্তৃপক্ষই সকলো দাবী পূৰণ কৰাৰ ব্যৱস্থা কৰিব ৷ আনহাতে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে যিমান পৰিমাণৰ চাহ গছ উভালি দিয়া হয়, পুনৰ সেই পৰিমাণৰ চাহ গছ ৰোপণ কৰা হ'ব ।"

লগতে পঢ়ক :কাজিৰঙাত উত্তপ্ত পৰিস্থিতি : আৰক্ষীৰ লাঠীচালনাত প্ৰতিবাদকাৰী আহত - Protest in Kaziranga