Bihar Election Results 2025

ETV Bharat / state

কাজিৰঙাত উত্তপ্ত পৰিস্থিতি : আৰক্ষীৰ লাঠীচালনাত প্ৰতিবাদকাৰী আহত - Protest in Kaziranga

Protest against hotels in Kaziranga : কাজিৰঙাত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা ৷ আহত আটছাৰ কেবাগৰাকীও নেতা-কৰ্মী ৷ আঘাতপ্ৰাপ্ত আৰক্ষীও ৷

Protest against hotels in Kaziranga
কাজিৰঙাত উত্তপ্ত পৰিস্থিত : আৰক্ষীৰ লাঠীচালনাত প্ৰতিবাদকাৰী আহত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 31, 2024 at 5:05 PM IST

3 Min Read
Choose ETV Bharat

কাজিৰঙা, ৩১ জুলাই : বুধবাৰে প্ৰতিবাদকাৰী চাহ শ্ৰমিকৰ ওপৰত জঁপিয়াই পৰিল বোকাখাত আৰক্ষী ৷ আৰক্ষীৰ লাঠীৰ কোবত আহত হ'ল কেবাগৰাকী আটছা নেতাৰ লগতে বহুকেইগৰাকী চাহ শ্ৰমিক ৷

কাজিৰঙাত উত্তপ্ত পৰিস্থিতি : আৰক্ষীৰ লাঠীচালনাত প্ৰতিবাদকাৰী আহত (ETV Bharat Assam)

উল্লেখ্য যে অসম চৰকাৰে কাজিৰঙাত যি পঞ্চতাৰকা হোটেল তাজ আৰু হায়াট নিৰ্মাণৰ যো-জা চলাই আছে, তাৰ বিৰুদ্ধে বিগত সময়ত চাহ শ্ৰমিকসকলৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ বুধবাৰেও সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয় ৷

প্ৰথমে কাজিৰঙাৰ ৰঙাজান খেলপথাৰত প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় ৷ য’ত কাজিৰঙা এলেকাৰ ৩ খন চাহ বাগিচা ক্ৰমে হাতীখুলি, ৰঙাজান আৰু দিৰিঙৰ সহস্ৰাধিক শ্ৰমিকে বাগিচা বন্ধ কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে কাজিৰঙাৰ ৰঙাজান চাহ বাগিচাৰ কাষৰীয়া ইংলেপথাৰ এলেকাত থকা ৬০ বিঘা ভূমিত ৰাজ্যৰ পৰ্যটন বিভাগৰ সহযোগত হায়াট গ্ৰুপে স্থাপন কৰিব এখন পঞ্চতাৰকাযুক্ত হোটেল ৷ যি ভূমিত বছৰ বছৰ ধৰি বহুলোকে বসবাস কৰি অহাৰ লগতে যুগ যুগ ধৰি স্থানীয় চাহ শ্ৰমিকে খেতি কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছিল ।

উক্ত হোটেল স্থাপনৰ ফলত সেইসকল শ্ৰমিকে মাটি হেৰুওৱাটো নিশ্চিত হৈ পৰে । যাৰ প্ৰতিবাদত বুধবাৰে আটছাৰ বোকাখাত, কাজিৰঙা, হাতীখুলি শাখাৰ উদ্যোগত কাজিৰঙাত এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হয় ।

কৃষিভূমি হেৰুওৱা চাহ শ্ৰমিকক লাগিব উচিত ক্ষতিপূৰণ:

কৃষিভূমি হেৰুওৱা চাহ শ্ৰমিকক উচিত ক্ষতিপূৰণৰ লগতে মাটিৰ পট্টা দিয়াৰ দাবীত আটছাই প্ৰথমে হাতীখুলিৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক বৃহৎ সমদল বাহিৰ কৰি ৰঙাজান খেলপথাৰত উপস্থিত হয় । আটচাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাইকৰ লগতে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অনিত গড়, গোলাঘাট জিলা আটছাৰ সভাপতি ৰাবুল কড়ি, সম্পাদক সুশীল কালিন্দী, বোকাখাত চাহ মজদুৰ সংঘৰ নেতা, আটছাৰ বোকাখাত, কাজিৰঙা শাখাৰ নেতা-কৰ্মীৰ উপস্থিতিত সহস্ৰাধিক চাহ শ্ৰমিকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী:

ইফালে এই প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰি স্মাৰকপত্ৰ প্ৰদানৰ উদ্দেশ্যে পুনৰ এক সমদল বাহিৰ কৰি অগ্ৰসৰ হয় হোটেল স্থাপনস্থলী ইংলেপথাৰলৈ । প্ৰতিবাদী সমদল মাজবাট পাওতেই মুখামুখি হয় ইতিমধ্যেই যুদ্ধংদেহী মনোভাৱ লৈ ৰৈ থকা বৃহৎ আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ সৈতে । আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰে ৷ আৰক্ষী বাহিনীয়ে কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে কৰে আটছাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিত গড়, গোলাঘাট জিলাৰ সম্পাদক সুশীল কালিন্দী, সাংগঠনিক সম্পাদক বিকাশ নায়ক, দেৰগাঁও শাখাৰ শিক্ষা সম্পাদক দীনেশ কুমাৰৰ লগতে কেবাজনো আটছা নেতাক প্ৰহাৰ কৰি আহত কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ আহতসকলক বোকাখাতৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

ইপিনে, বহুসময় ধৰি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ বাক-বিতণ্ডা চলি থাকে ৷ পথাৰত পৰি আৰু প্ৰতিবাদকাৰীৰে হতাহতিত দুই-এক আৰক্ষীয়ে কিছু আঘাত পায় ৷ ইপিনে, নিৰ্মীয়মান হায়াট হোটেলৰ থলীতে আটছাৰ তৰফৰ পৰা দণ্ডাধীশক এক স্মাৰকপত্ৰ প্ৰদান কৰা হয় । পৰিস্থিতি এতিয়াও উত্তেজনাপূৰ্ণ হৈ আছে ।

লগতে পঢ়ক : ইংলে পথাৰৰ কৃষিভূমি অধিগ্রহণ নকৰিবলৈ সকীয়নি

লগতে পঢ়ক : পঞ্চতাৰকা হোটেলৰ নামত কাজিৰঙাত চলিল উচ্ছেদ

লগতে পঢ়ক : চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে কাজিৰঙাত আটছাৰ প্ৰতিবাদ