ETV Bharat / state

হাল এৰি শিয়ালত ধৰিছে চৰকাৰে, মম শিখা লৈ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী

জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত ৰাজপথত কংগ্ৰেছ । গৰিমা শইকীয়া গাৰ্গৰ আহ্বানৰ পিছতেই ওলাই আহিছে সাধাৰণ জনতা ।

Protest rallies were held across the state demanding justice for Zubeen Garg
নগাঁও আৰু নলবাৰীত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 12, 2025 at 9:27 AM IST

4 Min Read
Choose ETV Bharat

নলবাৰী/নগাঁও: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি ২৩ দিন পাৰ হ'ল ! ইজনৰ পিছত সিজন এছ আই টিৰ জিম্মাত । ইজনৰ পিছত সিজনক এছ আই টিৰ সোধ পোচ । এছ আই টিৰ তদন্তৰ মাজতে কংগ্ৰেছে উলিয়াইছে ৰাজ্যৰ ভিন্ন প্ৰান্তত মমশিখা সমদল । ৰাজপথত নামি পৰিছে সৰ্বসাধাৰণ ৰাইজ ।

শনিবাৰে সন্ধিয়া নলবাৰীতো কংগ্ৰেছে 'মায়াবিনী ৰাতিৰ বুকুত' শীৰ্ষক কালজয়ী গীত পৰিৱেশন কৰি প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত ন্যায় বিচাৰি এক বিশাল মমশিখা সমদল উলিয়ায় । নলবাৰী সমষ্টিৰ পূব নলবাৰী ব্লক কংগ্ৰেছৰ অন্তৰ্গত বাঁহজানী মিলন বজাৰত সন্ধিয়া হাতে হাতে মমশিখা লৈ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত ন্যায় বিচাৰি উলিওৱা হয় এই সমদলটি ।

নলবাৰীত কংগ্ৰেছৰ মমশিখা সমদল (ETV Bharat Assam)

বিধায়ক দিগন্ত বৰ্মন, কংগ্ৰেছ নেতা প্ৰদ্যুৎ ভূঞা, দিব্যজ্যোতি হালৈ, অশোক শৰ্মা, জয় বৰ্মনকে প্ৰমুখ্য কৰি কেইবাজনো নেতাৰ উপস্থিতিত বাঁহজানী ব্লক কংগ্ৰেছৰ উদ্যোগত উলিওৱা হয় এই বিশাল মমশিখা সমদলটি । জুবিন গাৰ্গৰ 'মায়াবিনী ৰাতিৰ বুকুত' শীৰ্ষক কালজয়ী গীতেৰে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাই বাঁহজানীৰ কেইবাটাও প্ৰান্তৰ মাজেৰে সমদলটি উলিয়াই পুনৰ মিলনবজাৰত সমাপ্ত কৰে ।

উক্ত সমদলটিত সহাস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে জয় জুবিন দা, জুবিন দা অমৰ হওক, জুবিন গাৰ্গৰ মৃত্যুৰ উচিত ন্যায় দিয়ক, গৃহ বিভাগ হায় হায় আদি ভিন্ন প্লেকাৰ্ড লৈ অংশগ্ৰহণ কৰে । জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়া সঠিক নোহোৱাৰ অভিযোগ উত্থাপন কৰি এগৰাকী কংগ্ৰেছ নেতাই কয়, "জুবিন গাৰ্গৰ মৃত্যুৰ ইমান দিন পাৰ হৈ যোৱাৰ পিছতো সঠিক তদন্ত হোৱা নাই । চৰকাৰে অৰ্থনৈতিক দিশটোত জুবিনৰ বেছি গুৰুত্ব দিছে । চৰকাৰে হাল এৰি শিয়ালত ধৰিছে । যেতিয়ালৈ জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক ন্যায় নাপাব তেতিয়ালৈ কংগ্ৰেছে এনেদৰে সকলোতে মমশিখা সমদল উলিয়াই যাব ।"

নগাঁৱৰ ৰাজপথত নাগৰিক সভা:

সকলোৰে প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শুকুৰবাৰে নিশা জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ পৰাই সকলোকে বিভিন্ন মাধ্যমত #Justiceforzubeengarg লিখিবলৈ এক হৃদয়স্পৰ্শী আহ্বান জনোৱাৰ পাছতেই বিশেষকৈ ফেচবুকত একপ্ৰকাৰ জোৱাৰ উঠিছে #Justiceforzubeengarg ৰ । শিল্পী সমাজৰ পৰা যুৱ প্ৰজন্মলৈ সকলোৱে বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ আকস্মিক মৃত্যুৰ ন্যায় ।

শুকুৰবাৰে নিশা গৰিমা শইকীয়া গাৰ্গৰ হৃদয়স্পৰ্শী আবেদনৰ পাছত সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ উপৰিও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবী কৰে নগাঁও নাগৰিক সভাই । শনিবাৰে নিশা হাতে হাতে #Justiceforzubeengarg লিখা প্লে কাৰ্ড লৈ নগাঁও ক্লক টাৱাৰৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে নগাঁও নাগৰিক সভাই । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় লাগিবই বুলি দাবী উত্থাপন কৰে নগাঁও নাগৰিক সভাৰ সাধাৰণ সম্পাদক বিৰিঞ্চি বৰাই ।

নগাঁও নাগৰিক সভাৰ প্ৰতিবাদ (ETV Bharat Assam)

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাগৰিক সভাৰ সাধাৰণ সম্পাদক বিৰিঞ্চি বৰাই কয়, “জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া এছ আই টিয়ে এতিয়া পৰ্যন্ত আটাইকেইজন অভিযুক্তকে জেৰা কৰিবলৈ সক্ষম হোৱা নাই । যিগৰাকী জুবিন গাৰ্গক অন্তত আমাৰ প্ৰজন্মই হেৰুৱাম বুলি কাহানিও কল্পনা কৰা নাছিলোঁ এইগৰাকী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ অপেক্ষা কৰা আজি ২৩ টা দিন অতিক্ৰম কৰিলে । কিন্তু আজিও ন্যায় নাপালোঁ ।"

আক্ষেপ কৰি বৰাই কয়,"আমি নো মৰি নাযাওঁ কিয় ? জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চলি থকা ন্যায় তদন্ত প্ৰক্ৰিয়াক আমি বিশ্বাস কৰিব পৰা নাই । এতিয়া গৰিমা শইকীয়া গাৰ্গেও নিশা সমাধিক্ষেত্ৰত আহি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কাতৰ আহ্বান জনাবলগীয়া হৈছে । অসমৰ ৰাইজে জুবিন গাৰ্গৰ ন্যায় বিচাৰি থকাৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি বিতৰণ কৰি ফুৰিছে । মিঠা তেল দি অসমীয়াৰ ভোট আদায় কৰিব বিচাৰিছে ।”

প্রিয় শিল্পীগৰাকীয়ে বিদায় লোৱা স্থান ছিংগাপুৰলৈ ৰাজনৈতিক নেতাৰ পত্নীও যোৱা বুলিও উল্লেখ কৰি কোন কোন ছিংগাপুৰলৈ গৈছিল তাৰ এক তদন্ত কৰিবলৈ আহ্বান জনায় নগাঁও নাগৰিক সভাৰ সাধাৰণ সম্পাদক বিৰিঞ্চি বৰাই । জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙোৰ খোৱা আটাইকেইজন অভিযুক্তক জেৰা কৰি শাস্তি বিহিবলৈয়ো দাবী উত্থাপন কৰে নগাঁও নাগৰিক সভাই ।

লগতে পঢ়ক: জুবিন গাৰ্গৰ ভিছেৰা ৰিপ'ৰ্টত কি আছে ? ছিংগাপুৰলৈ যাব পাৰিবনে এছ আই টিৰ দল ?

তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য আৰু বিত্তীয় বিষয়াৰ বিৰুদ্ধে সুৰক্ষা কৰ্মীৰ প্ৰতিবাদ